লেফেফাৰ কথাৰে (দেৱব্রত গগৈ)
লেফেফাৰ কথাৰে (দেৱব্রত গগৈ)
নিজাকৈ ব্যৱসায় আৰম্ভ কৰি প্ৰথম যিটো কাম পাইছিলো সেইটো আছিল অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ ,গুৱাহাটী, মুখ্য কাৰ্য্যালয়ৰ । কামটো আছিল কাপোৰ থকা লেফেফা যোগান দিয়াৰ কাম । প্ৰায় দুই হাজাৰ তেনেকুৱা কাপোৰৰ লেফেফা যোগান ধৰিব লাগে । উচ্চতৰ মাধ্যমিকত পঢ়ি থাকোতে শিক্ষা সংসদৰ নামটো শুনিলে বুকুখন কঁপি উঠিছিল আৰু সেই শিক্ষা সংসদতে জীৱনৰ প্ৰথম ব্যৱসায়টো কৰিছিলোঁ তাকো পৰীক্ষাৰ প্ৰশ্ন কাকত আৰু পৰীক্ষাৰ বাবে দৰকাৰী আন নথি পত্ৰ পৰীক্ষা কেন্দ্ৰসমূহলৈ প্ৰেৰণ কৰোঁতে ব্যৱহাৰ কৰা কাপোৰৰ লেফেফা যোগান দিছিলোঁ ।
জীৱনৰ প্ৰথম কামটো পাই অতি উত্সাসহেৰে আমি কামটোত লাগি গৈছিলোঁ । আটাইতকৈ গুৰুত্বৰ্পূণ কথাটো আছিল যে এই কামটো পোৱাৰ বাবদ আমি টেবুলৰ তলৰে কাকো একো দিব লগীয়া হোৱা নাছিল । কাকতত নিবিদাৰ বাবে আহ্বান কৰা বিজ্ঞাপন দেখা পাই আমি সেই নিবিদাত অংশগ্ৰহণ কৰিছিলোঁ ,মাথোন অভিজ্ঞতাৰ বাবে আৰু আচৰিতভাবে আমি কামটো পাই গৈছিলোঁ । কাৰ্য্যালয়টোৰ কৰ্মচাৰীসকলেও আমাৰ দৰে অসমীয়া ল’ৰাই কামটো পোৱাৰ বাবে ভালেই পাইছিল । অৱশ্যে ইমান কম নিৰিখত কেনেকৈ ভাল কাপোৰৰ লেফেফা যোগান দিব তাকে লৈ আমাক প্ৰশ্নও কৰিছিল । আগতে এনে কামৰ অভিজ্ঞতা নথকাৰ বাবে আমি ঠিক কৰিছিলো যে ফাঁচী বজাৰৰ পাইকাৰী বজাৰলৈ যাম আৰু তাৰ পৰা লেফেফা কিনি আনি কাৰ্য্যালয়ত যোগান দিম । সেইমতে আমি ফাঁচী বজাৰৰ মাৰোৱাৰী দোকান এখনলৈ গ’লো লেফেফা বিচাৰি । কিন্ত আমি বিচৰা পৰিমাণৰ লেফেফা তেওঁলোকৰ ওচৰত নাছিল তেতিয়া । দোকানীজনৰ লগত এই বিষয়ে কথা পাতি থাকোঁতে তেখেতেই আমাক কলে যে আমি লেফেফাবোৰ অসমৰ বাহিৰৰ পৰা অনাতকৈ গুৱাহাটীতেই দেখোন সজোৱাই ল’ব পাৰো । দোকানীজনৰ কথাৰ পৰাহে আমি প্ৰথমবাৰলৈ গম পালোঁ যে এনেকুৱা লেফেফা গুৱাহাটীতো সজোৱা হয় ।দোকানীজনে আমাক প্ৰথমে লেফেফা সজোৱা কাৰাখানা আৰু মালিকৰ নামটো দিলে লগতে লেফেফাত কেনেধৰণৰ কাগজ আৰু কাপোৰ দিব লাগে তাৰো উপদেশ দিলে । আমিও তেখেতৰ কথাকে মানি কমাৰপতি চাৰিআলিৰ কাৰখানাটো পালোঁগৈ । আলি উপাধিৰ অসমীয়া মালিকজনে আমাক বুজালে যে কেনেকুৱা মানৰ কাগজ আৰু কাপোৰৰ দ্বাৰা এটা ভাল মানৰ লেফেফা সাজিব পাৰি । আমি কথাবোৰ গম পাই আচৰিত হ’লোঁ । লেফেফাৰ জগতখন দেখিও আচৰিত হ’লোঁ । লেফেফা সাজিবলৈ নানা ধৰণৰ কাগজ আৰু কাপোৰৰ প্ৰয়োজন হয় ।প্ৰতিখন কাগজৰ আকৌ বেলেগ বেলেগ নাম । ডিমাই ,ডাবল ডিমাই । লগতে আকৌ বেলেগ বেলেগ কাপোৰ । মাৰ্কিন কাপোৰ ,শাৰী কাপোৰ । কাগজ কিনিবলৈ পাইকাৰি বজাৰলৈ গৈ দেখিলো কাগজৰ বৃহৎ বৃহৎ গুদাম । মালিক কোন কোৱাটো নিষ্প্ৰয়োজন । অসমীয়াৰ নাম গোন্ধ নাই । কাণ্ডবোৰ দেখি আমাৰ মাটি বেচি মাষ্টৰৰ চাকৰি লোৱাসকললৈ পুতৌ উপজিল আৰু দয়া উপজিল অসমীয়া জাতিয়তাবাদৰ পোছক পিন্ধি থকা নেতাসকললৈ । পিছে সেইবোৰ চিন্তা বাদ দি আমি কামত লাগিলোঁ । কাৰখানাৰ ভিতৰত দেখিলোঁ প্ৰায় দহজন মান মানুহে লেফেফা সাজি আছে । লেফেফা মেচিনেৰে সাজিব নোৱাৰি । সদায় হাতেৰেহে সাজে । আমি সেইদিনাহে গম পালোঁ । আলিদাই আমাৰ কামটো প্ৰায় দহদিনৰ ভিতৰত সৰ্ম্পূণ কৰি দিলে ।আমিও গৌৰৱেৰে লেফেফাখিনি কাৰ্য্যালয়ত জমা দিলোঁ । আমাৰ লেফেফাবোৰৰ গুণগত মানদণ্ডক কাৰ্য্যালয়ৰ সকলোৱে ভুৰি ভুৰি প্ৰশংসা কৰিলে । ইয়াৰ আগলৈকে হেনো ইমান ভাল লেফেফা তেওঁলোকে পোৱাই নাছিল । কামটোত আমাৰ লাভও আশা কৰা ধৰণে হৈছিল । ইমান কম নিৰিখত আমি ইমান ভাল লেফেফা যোগান দিয়াৰ পাছতো আমাৰ ইমান লাভ হৈছিল তেন্তে আগতে বেছি নিৰিখত বেয়া লেফেফা যোগান দি আগৰ যোগানিয়াৰে কিমান যে লাভ কৰিছিল !