“লেবেল” ৰ পৰিসমাপ্তি(- ঈশান জ্যোতি বৰা)
অসম মূলুকৰ কোনোবা এখন গাঁৱৰ কোনোবা এখন বিয়াঘৰত ৷ বিয়াত তিনিগৰাকী নলে গলে লগা বান্ধৱী লগালগি হ’ল৷ লক্ষী,সৰস্বতী আৰু পাৰ্বতী৷
মিছ লক্ষী: গুদমৰ্নিং সৰস্বতী!! বৰ ধুনীয়া শাৰী লগাইছ দেই৷(ডাইৰেক্ট চুক শাৰীখনতহে দেখিছে ?)ইউ আৰু লুকিং গৰজ্জিয়াছ৷ কিমান দাম ল’লে নো ?
মিছ.সৰস্বতী: মৰ্নিং মৰ্নিং লক্ষী!! ধেই, ক’তনো দামী শাৰী অ’ ?? দাম মাত্ৰ ৯৮০০০ টকাহে ৷
মোৰ পিছে তোৰ শাৰীখনহে তামাম লাগিছে কিন্তু৷ কিমান পৰিল দাম ?(ইজনতকৈ সিজনী চৰা)
মিছ লক্ষী: ধেই!! একেবাৰ কম দাম অ’৷ মই একেবাৰে দুখীয়া হৈ গৈছো৷ যোৱা দুমাহ ধৰি কেৱল চিকেন-বাৰ্গাৰ, চিকেন-চাওমিন, পাঁচটা বয়ল এগ,তিনিটা এপল আৰু মেংগ’ জুচেৰেহে ব্ৰেকফাষ্ট কৰি আছো৷ (ছাৰাপ’ভাও টেহেলে যাব ৰাইজ! )শাৰীখনৰ দাম তোতকৈ ২০০০ টকাহে বেছি৷ মানে পুৰা-পুৰি ১ লাখ টকা৷ তোক কোনে দিছিল শাৰীখন? ক’ৰ পৰা কিনিলিনো ?
মিছ সৰস্বতী: অৱশ্যে “মানী” মোৰো হাতত নাই৷ বেংকত মাত্ৰ দুই কোটি টকাহে আছেগৈ একাউন্টত৷ বি.এম.দব্লিউ খনতো গেছ ভৰাব পৰা নাই৷ সেয়ে এইকেদিন মাৰ্চিদিজখনকে চলাই আছো৷ (বেছি হৈ গ’ল নেকি!!!) বাৰু, সেইবোৰ বাদ দে৷ শাৰীখন যোৱাবাৰ কেলিফৰ্ণিয়া যাওঁতে কিনিছিলো মেকডনাল্ডছৰ পৰা৷ মোৰ নাচাত কাম কৰা ভাগিনটোৱে দিলে৷ তাৰ দৰমহা মাত্ৰ ১০ কোটি টকাহে৷ তই ক’ত কিনিলি? আৰু কোনে দিলেনো ইমান ধুনীয়া শাৰীখন?
মিছ লক্ষী : হমমম… মোৰখনো যোৱাবাৰ জাপানৰ পৰা কিনিলোঁ ৷ কে.এফ.চিৰ পৰাই কিনিছিলোঁ৷ মোৰ একমাত্ৰ ভতিজাটোৱে দিলে৷ সি আকৌ মাইক্ৰ’চফ্টত কাম কৰেতো ৷ দৰমহা পিছে ১২ কোটিহে পায় ৷
এনেতে তাত প্ৰৱেশ ঘটিল মিছ পাৰ্বতীৰ ৷ আহিয়েই তেওঁ একেবাৰে গৈ গ্ৰুপত জইন কৰিলেগৈ৷ কালৈকো বাট নাচায়, কোনেও সোধালৈ বাট নাচায় আৰম্ভ কৰি দিলে নিজে নিজৰ লেবেল-পুৰাণখন৷ একেবাৰে নেতা-মন্ত্ৰীয়ে ভাষণ দিয়াৰ দৰে ৷
মিছ পাৰ্বতী: হাই এভৰিবাদি৷ মোৰ এই শাৰীখনৰ দাম ১ লাখ পঁছিশ হাজাৰ পাচঁ শ দুই টকা আৰু পঞ্চাছ পইছা৷ যোৱা ডিচেম্বৰৰ মাহৰ ৩০ তাৰিখে দিনৰ ২ বাজি ১২ মিনিট আৰু ৫৯ ছেকেণ্ডত লণ্ডনৰ পৰা কিনা৷ “কেদবেৰিজ’’ৰ নিজা শ্ব’ৰুমৰ পৰা কিনিছিলোঁ ৷ মোৰ ২০ বছৰীয়া ভতিজীজনীয়ে দিছিল কিনি ৷ তাই ‘হেৰি’ত কাম কৰে৷ মোৰ বক্তব্যৰ ইমানতে সমাৰণি পৰিল৷ ধন্যবাদ ৷
মিছ লক্ষী আৰু সৰস্বতী: ৱাহ!! বেলেগ আৰু দেই!! তোৰেই দিন আৰু!!(কথা শুনি বাকী ৰাইজ হায়ৰান, পৰেছান!!কি আহিল, ক’ৰ পৰা আহিল ঔ এই তিনিজনী!!)
এনেকুৱা উদুলি-মুদুলি পৰিৱেশৰ মাজতে তাত প্ৰৱেশ ঘটিল তেওঁলোকৰ শৈশৱৰ ধেমালিতে লগ পোৱা আন এজন মৰমৰ বন্ধু ইন্দ্ৰকুমাৰৰ ৷ তেঁওক দেখিয়েই তিনিওজনীয়ে চুচুক-চামাক কৰিবলৈ ধৰিলে ৷ ইন্দ্ৰকুমাৰ আহি আহি মহিলাসকলে লেকচাৰ মাৰি থকা জেগাটুকুৰা পালেহি ৷ তিনি ত্ৰিমূৰ্তিক আগুৰি বহি আছিল চাৰিওফালে কমেও ৫০গৰাকীমান মহিলা ৷ তিনি বান্ধৱীৰ উচ্চ-স্বৰত হোৱা বাৰ্তালাপে বিয়াখনৰ সকলো মহিলাকে আকৰ্ষিত কৰি তেওঁলোকৰ কাষলৈ টানি আনিছিল ৷
মি.ইন্দ্ৰ: অ’ তহঁতমখাও আহিছ ৷ তহঁতৰ শাৰীকেইখন চিনাকী চিনাকী লাগিছে অ’ !!!!
তিনিওগৰাকীয়ে একেলগে: ধেই বেং!! গোকাট মিছা কথা৷ হ’বই নোৱাৰে৷ আমাৰ বোৰ ইম্পৰ্টেদ শাৰী৷ এনে মিছা কথা কৈ আমাৰ সামজিক “ইমেজ” বেয়া কৰাৰ “চাজিছ” কৰিছ তই?? চুপ-চাপ বিয়া খাই গুচি যা!!
মি.ইন্দ্ৰ: নহয়৷ হ’বই নোৱাৰে৷ ক’ৰবাত যে দেখিছোঁ এই শাৰীকেইখন সেইটো খাটাং৷ ক’ত দেখিছো ??ক’ত দেখিছো? …মাথাটোৱেও কাম কৰা নাই নহয় এতিয়া…ধুৰ !!!! ক’ত দেখিছিলোঁ বাৰু !!!!
মিছ পাৰ্বতী : ইছ ইছ!! ই এনেই কৈছে৷ তোক আমি ভালকৈয়ে চিনি পাওঁ৷ সৰুৰেপৰাই তই মিছা কথা কৈ থাক ৷ আমাক বিপদত পেলাই ৰং চাও ৷ এইয়া তোৰ নতুন নাটক ৷
মি.ইন্দ্ৰ : অ’ মনত পৰিল, মনত পৰিল৷ হে: হে: হে: মনত পৰিল৷ অসমত ২০০৭ চনত বানপানী হওতে বানাক্ৰান্ত বাংলাদেশী মহিলাক বিলোৱা শাৰী এইকেইখন৷ মই পুৰা চিনি পাইছো৷ বানপানীত ফ্ৰিতে পোৱা শাৰী কিনি এতিয়া উফাইদাং মাৰি ৰাইজক ভুল পথেৰে পৰিচালিত কৰিছ কিয়? লাজ নাই হা??
তিনিওগৰাকী: তই ইমান কনফিদেণ্টলি কেনেকৈ ক’ব পাৰিলি যে এইকেইখন যোৱাবাৰ বানপানীৰ পৰা অনা ????????
সকলোবোৰ মহিলাই একেলগে চিঞৰি উঠিল: অ’ কেনেকৈ পাৰিলে?কেনেকৈ পাৰিলে? আমাক প্ৰমাণ দিয়ক৷ (প্ৰতিবাদৰ সুৰত) নাৰীসমাজ জিন্দাবাদ৷ পুৰুষ সমাজ হুচিয়াৰ ৷
মি.ইন্দ্ৰ : শুনক তেন্তে এই নিষ্ঠুৰ সত্য ৷ মোৰ ক’বলৈ ইচ্ছা নাছিল ৷ কিন্তু আপোনালোকৰ সন্দেহ দূৰ কৰিবলৈ মই এক কঠোৰ সত্যৰ সৈতে আপোনাসৱক মুখামুখি কৰোৱাম৷
শুনক ৰাইজ৷ এনেকুৱা ৪খন শাৰী মইয়েই সেই টাইমত সৰকাইছিলোঁ৷ সিহঁতে মোৰ পৰা ৫০ টকাত কিনি নিছিল ৷ মোৰ হাততো এনেকুৱা এখন আছিল ৷ কিন্তু এতিয়া নাই ৷
নাৰীসমাজ: কিয় ???? কিয় ?? কিয় ??????
মি.ইন্দ্ৰ: যোৱাবছৰ গাৰ্লফ্ৰেণ্ডক বাৰ্থডেত গিফ্ট কৰিলোঁ!!!
(লেখকৰ টোকা: আমাৰ নাৰীসমাজৰ এটা বিশেষ গুণ আছে৷ প্ৰত্যাশিতভাৱেই হওক বা অপ্ৰত্যাশিতভাৱেই হওক, তেওঁলোক কাপোৰ-কানি, ফেশ্যনৰ প্ৰতি বেছি সচেতন৷ সৰুৰে পৰাই এই গুনটো তেওঁলোকে লগত লৈ ঘূৰি ফুৰে৷ লাগিলে সেইয়া কোনো বিয়াই হওক বা কোনোবা মৃত লোকৰ শ্ৰাদ্ধই হওক৷ তেওঁলোকৰ চিন্তা কেৱল এটাই- “কোনোবাই তেওঁতকৈ বেছি ধুনীয়া আৰু দামী বস্ত্ৰ পৰিধান কৰিছে নেকি? তেওঁ পিন্ধি অহা বস্ত্ৰখন বাৰু আউটডেটেদ হৈ গৈছে নেকি?” ইত্যাদি ইত্যাদি নানা চিন্তাই তেওঁলোকক মিছা কথাৰে সঁচা লেবেল দি ৰাইজক আকৰ্ষিত কৰিবলৈ অনুপ্ৰেৰণা দিয়ে৷নাৰীসমাজৰ এই বিশেষ গুণটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই কাহিনীভাগৰ সৃষ্টি হৈছে৷ আশা কৰিম এইটো পঢ়ি উঠি যাতে কোনেও মোৰ ওপৰত কেছ নিদিয়ে৷)
(সম্পাদকীয় টোকাঃ নাটকৰ লগত বিভিন্ন ধৰণৰ খেল জড়িত হৈ থাকে, অৰ্থাৎ নাটক এখন অভিনয় কৰাৰ সময়ত বিভিন্ন খেলৰ জৰিয়তে আখৰা আগবঢ়াই নিয়া হয়৷ তাৰ বাবে বাস্তৱ জীৱনৰ পৰাই বিভিন্ন সমল সংগ্ৰহ কৰা হয়৷ তাৰে এটা প্ৰধান খেল হ’ল ‘ষ্টেটাচ গেম’৷ এই লিখনিটোৰ দৰেই তাৰ কাহিনীভাগ নিৰ্মাণ কৰা হয়৷ এয়াই জীৱনৰ নাটক৷)