শ‍ইকীয়া পুৰাণ : প্ৰদ্যুত জ্যোতি শইকীয়া

শইকীয়া পুৰাণ

প্ৰদ্যুত জ্যোতি শইকীয়া

অসম দেশৰ বিষম কথা
এতিয়া লওক শ‍ইকীয়া পুৰাণৰ মজা।
ৰুমি বাইদেউৱে পাতিলে বিয়া
বৰাকৰ ৰাইজৰ ভাগিলে হিয়া।
ৰুমিৰ পাছত লাগিলে কমলাক্ষ
ধাৰণ কৰিছে কামাখ্যাৰ ৰুদ্ৰাক্ষ।
গৌতম ৰায়েও এৰিছে বাণ
মন্দিৰত নলয় ৰুমি-চিদ্দেকৰ নাম [:-?] ।
চুৰমাৰ হ’ল হৰেণ দাসৰ গাড়ী
আঁৰত আছে হেনো কিৰিপৰ বাহিনী।
বিধায়কৰ মাজতেই নাই মিলন
বানপীড়িতক দেখা কৰিলেই পিটন।
‘নীটে’ শুহিলে কম্পিউটাৰ-আঁচনিৰ ধন
শিক্ষামন্ত্ৰীৰ দেখোনন ‘টেট’তহে মন।
চৰকাৰে দিছে টেটৰ সপক্ষে যুক্তি
একেখন বিদ্যালয়তে ৫০০ৰ নিযুক্তি।
অসমত এতিয়া উত্তেজনাৰ জুই
গুৱাহাটীত চলিছে ইন্ধনবিহীন ভূঁই।
অসমত নাই দুৰ্ভিক্ষৰ লেঠা
বানপানীত উটে হিচাপহীন টকা।
বানপানীত উটিছে অসমৰ দুখীয়া জন
হাঁহিৰামৰ পিছে আমেৰিকতহে মন।
হঠাতে আহিল ছোনিয়া মেডামজী
হাঁহিৰাম দৌৰিল আমেৰিকা এৰি।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!