শক্তিহীন অগপৰ উদ্ধাৰকৰ্তা হ’ব কোন? (প্রিয়াঙ্কু নাৰায়ণ বৰুৱা)
অসম গণ পৰিষদ দলটিৰ বাহিৰে ভিতৰে চলিছে নেতৃত্বকেন্দ্রিক সৰৱ জল্পনা- কল্পনা।ভূ ৰখা মহলৰ মতে দলটিৰ তৃণমূল পৰ্যায়ৰ নেতা- কর্মীয়ে বিচাৰিছে কেন্দ্ৰীয় নেতৃত্বৰ পৰিবৰ্তন ।বিগত নিৰ্বাচন সমূহত বাৰুকৈয়ে এসেকা পোৱা অগপৰ অভ্যন্তৰৰ নেতৃত্বকেন্দ্রিক বাদ বিবাদ সমূহ বিগত সময়ছোৱাত বৰ দৃষ্টিকটু ভাবে ধৰা পৰিল অসমৰ ৰাইজৰ সন্মুখত ।আশাহত হ’ল আঞ্চলিকতাবাদত বিশ্বাসী সৰল অসমীয়া মানুহখিনি।অসমৰ বৃহত্তৰ চিন্তাৰ বাবেই অন্তত: আবেগিক অসমীয়া সকলেও কথাবোৰ পুনৰ জুকিয়াই চাবলৈ বাধ্য হ’ল।কিয় ছন্দ পতন ঘটিছে অসম গণ পৰিষদ দলটিৰ?আঞ্চলিকতাবাদৰ শক্তিশালী ভিত্তি থকা অসমত আজি বিধ্বস্তপ্রায় আঞ্চলিক দল। শক্তিশালী বিৰোধীৰ ভূমিকা পালনত সমূলি ব্যৰ্থ অগপ।যোৱা প্রায় দুটা দশক ধৰি অসম গণ পৰিষদ দলটিৰ নিৰ্বাচন পূৰ্বৰ আস্ফালনবোৰ ফুটুকাৰ ফেনত পৰিণত হৈছে। জন্ম লগ্নৰ মূল উদ্দেশ্য বিদেশী বহিষ্কাৰৰ কথা সম্প্ৰতি কি পৰ্যায়ত সেয়া বোধহয় দোহাৰা নিষ্প্ৰয়োজন ।অসম আন্দোলনে একাংশ ছাত্রক বিশ্ববিদ্যালয়ৰ পৰা দিছপুৰৰ পথ দেখুৱাই দিয়াৰ বাহিৰে কি সুফল দিলে ? ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীত কৰণ নহ’ল আজিকোপতি,কিয় ? সামাজিক-অৰ্থনৈতিক সমস্যা-শোষণ কমিল নে বাঢ়িল বিচাৰ কৰিব সুধীজনে নিশ্চয়কৈ । আঁহ ফলা ৰাজনীতিৰ ফলত কেবাটুকুৰা হোৱা অসমত ঐক্য প্ৰতিষ্ঠাৰ দোহাই দি আত্ম প্ৰতাৰণা কৰাতকৈ আত্ম সমালোচনাহে বৰ দৰকাৰ।
এটা সময়ত অসম গণ পৰিষদ দলটিৰ বিভাজনো হ’ল। সমসাময়িক ভাৱে বৃন্দাবন গোস্বামী ডাঙৰীয়া সভাপতি হ’ল।চন্দ্রমোহন পাটোৱাৰী ডাঙৰীয়াইও সভাপতিৰ আসনখনত বহি চালে। নাই নচলিল।পুনৰ লগ খালে সকলো সতীৰ্থ, কিমান সদ্ ইচ্ছা সেইবোৰ পাক লগা কথাকৈ বিতৰ্কলৈ নোযোৱাই ভাল। কিন্তু উদ্দেশ্য নিৰ্ব্বাচন জয়..বাৰুকৈয়ে ফ্লপ।খোদ্ বৃন্দাবন গোস্বামী ডাঙৰীয়াই স্বীকাৰ কৰিছে নেতৃত্বৰ শিথিলতা।অতি শেহতীয়াকৈ তেওঁ জনপ্ৰিয় আলোচনী দ্য চানডে ইন্ডিয়ানৰে এক বাৰ্তালাপত তাহানিক সুঁৱৰি কয়“ চৰকাৰ গঠন কৰাৰ সময়ত আমাৰ প্রায় আটাইৰে বয়স ৩৫বছৰ বয়সৰ তলত আছিল। ফলত আমি যথেষ্ট সক্ৰিয়তাৰে কাম কৰিব পাৰিছিলোঁ । পৰৱৰ্তী সময়ত অৱশ্যে আমাৰ এই সক্ৰিয়তা কমি আহে আৰু আমাৰ নিজৰ মাজতে মত পাৰ্থক্যই গা কৰি উঠিছিল আৰু সেয়ে পিছলৈ আমাৰ দলটো কিছু পৰিমাণে দুৰ্ব্বল হৈ পৰে।” স্পষ্ট অভিমতৰ বাবে কৃতজ্ঞ হৈও সুধিব মন যায় নেতৃত্বৰ শিথিলতা দূৰ কৰাৰ কাৰণে অ’ত বছৰে কি ব্যৱস্থা লোৱা হ’ল ? সংশোধন আৰু নতুনৰ সক্রিয় অংশগ্ৰহণৰে জ্যেষ্ঠ জনে বিজ্ঞৰ ভূমিকা লোৱাত ব্যৰ্থ কিয় ? আলোচনা জৰুৰী,সমালোচনাও প্রয়োজন।কিন্তু কেৱল সমালোচনাৰ নামত সমালোচনা কৰা অনুচিত।ভাল পালে সৰৱ তোষামোদ, বেয়া পালে নেতিবাচক সমালোচনা হ’ব নালাগে।আনৰ ভাল টোক ভাল ক’ব পাৰিব লাগিব,ভাল অংশত ভাগ ল’ব লাগিব। বেয়াটোক ইতিবাচক সমালোচনাও কৰা দৰকাৰ নিশ্চয়কৈ।মূলত:অতি আবেগজনিত সংবেদনা,উগ্র জ্যাতাভিমান,ইতিহাসৰ অপবাখ্যা আৰু বৌদ্ধিক চাতুৰী জনিত ভুল পথ নিৰ্দেশ,ৰাজনৈতিক অৰিয়াঅৰিৰ কেবাতৰপীয়া ভৰ সহিব নোৱাৰি বৰ্তমান সংকটত পৰিছে আঞ্চলিকতাবাদ ।
অসমীয়া জাতিটোৰ ঐতিহাসিক ঐক্যক ফোঁপোলা হ’বলৈ এৰি দিয়া জানো উচিত হ’ব? নিৰ্লিপ্ত কিয় গুণীজন ……………..সৰ্বসাধাৰণ ? যি গান শেষ হ’ল সেই গান গাবলৈ ভূপেন দা নাই কিন্তু সেই গানৰ আঁত ধৰি আজিৰ অসমীয়াইও গাব লাগিব সম্প্ৰীতিৰ গীত।জাতিটোৰ ঐতিহাসিক ঐক্যক ফোঁপোলা হ’বলৈ এৰি দিয়া জানো উচিত হ’ব?অতি আবেগ নহয় কিন্তু জাতিৰ স্বকীয়তা অটুট থাকিব হ’লে সংযত আৰু সু সংহত আবেগ লাগিব অৱশ্যেই !কন্ঠ আছে কথা ক’বই লাগে,যুক্তি-যুক্ত আৰু সময় অনুযায়ী ।
এই সমূহ চিন্তাৰ আঁৰত দলটিৰ পৰিস্থিতি আৰু সময়ৰ দাবী অনুযায়ী সংশোধনকামীতাৰ নিশ্চিত প্রয়োজন অনুভৱ হয়।দলটোৰ ভিতৰত থকা অশুভ শক্তিৰ বাবে দলটোক সংহত কৰাত ব্যৰ্থ হোৱা বুলি দায় সৰা মন্তব্য দি নিৰ্দিষ্ট দূৰত্বত অৱস্থান কৰাৰ পৰিবৰ্তে ইতিবাচক ভাৱে আগনাবাঢ়ে কিয় জন্মদাতাসকল?কথা হ’ল কেৱল নৱপ্ৰজন্ম বুলি চিঞৰি থাকিলেও নহ’ব।নতুন-পুৰণিৰ সু সংহতিয়েহে আনিব পাৰিব দলীয় ঐক্য।তৃণমূল পৰ্যায়ত থাকিব লাগিব আস্থা।কথা হ’ল অসমত বিৰোধীৰ স্থিতি সবল হোৱা উচিত।সবল বিৰোধী সফল গণতন্ত্রৰ প্রথম চর্ত। অসম গণ পৰিষদ দলটিৰ সাম্প্রতিক দুর্বল সাংগঠনিক স্থিতি সবল কৰাত সভাপতি গৰাকীৰ বাবে হ’ব বিৰাট প্ৰত্যাহ্বান !গুৰুত্ব পূর্ণ আৰু চিন্তনীয় হ’ল প্ৰকৃতাৰ্থত কাজে-কৰ্মই কোন হ’ব অগপৰ হৃত্ গৌৰৱ উদ্ধাৰ কৰ্তা ?
কোনো ৰাজনৈতিক দলৰ সমৰ্থক নহওঁ যদিও এটা কথা অনুভৱ কৰিব পাৰিছো যে অসমৰ অস্তিত্ব ৰক্ষা কৰিবলৈ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বাহিৰে হয়তো অন্য বিকল্প নাই, আৰু সমগ্ৰ ভাৰততে এটি শক্তিশালী ৰাষ্ট্ৰীয় ৰাজনৈতিক দল (To fight against international terrorism) ৰ প্ৰয়োজন |