শব্দবোৰ (জোনা নায়ক)

(কমলা দাসৰ বিখ্যাত কবিতা words ৰ অসমীয়া ৰূপান্তৰ)

 

মোৰ চৌপাশ আৱৰি শব্দ, শব্দ আৰু শব্দ

একলা দুকলাকৈ শব্দবোৰ বাঢ়ে মোৰ শৰীৰত

ঠিক যেনেকৈ গছ এডালত বাঢ়ে চিৰ সেউজীয়া পত্ৰ

কাহানিও স্তব্ধ নহয় সিহঁতৰ বৃদ্ধিৰ ৰৰৈয়া গতি

মোৰ অন্তৰৰ পৰা…

 

পিচে মই নিজকে কওঁ,

বৰ আপদীয়া এই শব্দবোৰ

সিহঁতৰ পৰা সাৱধান

সিহঁত যে হৈ পৰিব পাৰে বহু কিবা কিবি-

এটা ফাঁট

দৌৰি গৈ য’ত হঠাতে থমকি ৰওঁ, মূৰ তুলি চাবলৈ

হয়তো সিহঁত হ’ব পাৰে

বিকল তৰংগৰে ভৰা এখন সাগৰ

জলন্ত অগ্নিসখাৰ এক বিস্ফোৰণ

অথবা

প্ৰশস্ত বন্ধুৰ ডিঙি ৰেপিব খোজা এখন ছুৰী…

 

হয়, শব্দবোৰ বৰ আপদীয়া কিন্তু

গছত পাত বঢ়াৰ দৰেই সিহঁত মোৰ শৰীৰত বাঢ়ে

এনে লাগে যেন কেতিয়াও ৰুদ্ধ নহয় সিহঁতৰ আগমন

অতি আভ্যন্তৰৰ কোনো এক নিৰ্জনতাৰ পৰা…

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!