শব্দৰ হৃদয়ংগম (দেৱব্ৰত গগৈ)
শব্দৰ হৃদয়ংগম
“ তাই গা নোধোৱা চাৰিমাহ হ’ল” – কথাষাৰৰ অৰ্থ বুজাই বুজে । পিছে আজিকালি এই সাংকেতিক বাক্য শাৰীৰ ব্যৱহাৰটো কমি গৈছে । কিন্ত মানুহজনীৰ এই খৱৰটো দিবই লাগিব । দিয়েও খৱৰটো । কিন্ত কেনেকৈ ? “ তাই কনচিভ কৰিলে” । ওপৰৰ দুয়োটা বাক্যই আপুনি সকলো পৰিৱেশতেই ব্যৱহাৰ কৰিব পাৰে । যেনে ধৰক , কোনোবা বোৱাৰীয়ে শহুৰ দেউতাকক এই খৱৰটো দিবলৈ বিচাৰিছে , তেন্তে উক্ত বাক্য দুটা ব্যৱহাৰ কৰিব পাৰে । পৰিৱেশ বিনস্ত নকৰাকৈ পৰস্পৰৰ মৰ্য্যদা ৰাখি আহুকলীয়া কথা পতাৰ সুন্দৰ উপায় ।
এতিয়া কথা হ’ল আজিকালি অসমীয়া ভাষাৰ এনে শব্দ বা বাক্যবোৰৰ ব্যৱহাৰ কমি গৈছে আৰু তাৰ ঠাই লৈছে ইংৰাজী শব্দ বা বাক্যই । আগতে কিশোৰী এজনী পুষ্পিতা হলে খৱৰ ওলাই “ আমুকৰ জীয়েক ডাঙৰ হল” । লগে লগে বুজাই বুজে । আজিকালি কয় – “ ৰিম্পী পিউৰ্বাটি ষ্টেজত সোমাল”। বুজাই বুজে । পিছে আন ভাষা এটাৰ সহায় লৈ ।
ধুনীয়া ছোৱালী হ’ল বুলিয়ে যে পেট নচলিব তাৰ মানে নাই । কিন্ত বয়ফ্ৰেণ্ডক খৱৰটো দিলে পেট চলা বুলি কেতিয়াও নকয় তেওঁ । কব – “ আজি নাযাও দিয়া , লুজ মোচন হৈ আছে”। বয় ফ্ৰেণ্ডে বুজে , কিন্ত এবাৰো নাভাবে যে প্ৰেয়সীৰ সেইদিনা একেবাৰে হালধীয়া পানী পানী গৈছে । কাৰণ মাতৃভাষাত খৱৰটো পোৱা নাই আৰু সেইবাবে খৱৰটো হৃদয়ংগম কৰিব পৰা নাই ।
( আগতে ডাঙৰ বাইদেউয়ে বেছিকৈ উত্পাত কৰিলে এনাইয়ে গালি পাৰে “ ছোৱালী মানুহ , কাইলৈ পৰহিলৈ ডাঙৰ হবি কেলেই ইমান উত্পা্তখন কৰিছ” ? মই এনাইক পেংলাই কৰি কও—“কাইলৈ পৰহিলৈ বাৰু বাইদেউ কেনেকৈ ডাঙৰ হব ? তাই কলেজলৈকে যোৱা নাই , আৰু কিমান দিন আছে তাই ডাঙৰ হবলৈ”? মই প্ৰশ্নটো কৰিছিলো কাৰণ মই বুজা নাছিলো ) ।
Tomar baidow r pupitati huwar pasot e dangor hobo.