শাওণৰ ভৰুণ পথাৰ – হিতেশ নাথ

শাওণমহীয়া সেউজীয়াৰ ভৰুণ পথাৰত

কেওফালে আহিছে বান

তথাপি হাঁহিৰ সঁ‌ফুৰা সিঁচি

দোবলীৰ এঠালতীয়া বোকাত

ৰোৱনীহঁ‌তৰ হাতৰ বুলনিত পোনাইছে

সেউজীয়াৰ সোণসেৰীয়া সপোন ।

এফালে শাওণৰ ছিঁ‌ৰালফটা ৰ’দ

সমুখত ভদীয়া বানৰ তাণ্ডৱ

তাকো আওকাণ কৰি

নাঙলৰ সিৰলুই সিৰলুই

সোণগুটিৰ সপোন ৰচোঁ‌তা বন্ধুৰ

ঘৰ্মাক্ত দেহৰ কেঁ‌চা ঘামৰ গোন্ধ।

পথাৰৰ দলনিত

জাকৈয়াৰ ভৰিৰ গচকত

খলিহনা ডৰিকণাৰ উচুপণি…

ন-বোৱাৰী সাজ প্ৰত্যাশী গাভৰুৰ

কলডিলীয়া ভৰিৰ কলাফুলত

নিলাজ জোকৰ মিতিৰালি…

তাকে দেখি

দূৰৈত চেঙেলীয়া ডেকাৰ সুঁ‌হুৰি

মিচিকিয়া হাঁহিটিৰে

লাজতে ৰঙা পৰা দুগালত

ডুবো ডুবো বেলিটিৰ দুষ্টালি ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!