শান্তিকামী ৰাইজক মই ভাল পাওঁ (বিদ্যুত সাগৰ)
শান্তিকামী ৰাইজে শান্তিৰ সংজ্ঞা নিৰ্ধাৰণ কৰি দিয়ে
সংজ্ঞাৰ ব্যতিক্ৰম হʼলে শান্তিৰ সৌকাৰে শুধৰায়ো দিয়ে
শান্তিকামী ৰাইজে জানে যে প্ৰতিটো দুৰ্ঘটনাৰ পিছত শান্তিৰ কাৰণে
কেনভাছত শুকুলা পাৰ চৰাই বলি দিব লাগে
শান্তিকামী ৰাইজে সংঘৰ্ষত নিহতৰ বাবে চকুলো পেলাব জানে
চকুলোৰে হত্যাকাৰীৰ ভৰি তিয়াবও শান্তিকামী ৰাইজে জানে
শান্তিকামী ৰাইজে হত্যাকাৰীক এয়াও বুজাব জানে
হত্যাৰ ন্যায় আৰু কেইটামান হত্যাত;
শান্তিকামী ৰাইজে জানে তেওঁ চানা–চুৰ পকাই লোৱা বাতৰি–কাগজ
কিমান উত্তাপত জ্বলে
শান্তিকামী ৰাইজে জানে ঠিক উত্তাপত
কাগজখন কʼলৈ দলিয়াব লাগে
শান্তিকামী ৰাইজে জানে সেই উত্তাপত
কোনবোৰ খৰি জ্বলিলে তেওঁৰ দেওবৰীয়া মাংসৰ আঞ্জাৰ কাৰণে ভাল
আৰু দেই যোৱাৰ আগেয়ে কেতিয়া জুই নুমুৱাব লাগে তাকো তেওঁ জানে;
শান্তিকামী ৰাইজে প্ৰেম কৰিব জানে
দুটাতকৈ তিনিটা প্ৰেম কৰিব নালাগে সেয়াও তেওঁ জানে
শান্তিকামী ৰাইজে—
‘সমাজ আৰু সংস্কাৰক দেখুৱাও আহা.’–
ঠিক এইখিনিতেই ‘গুপুতে গুপুতে’ কথাটোৰ গুৰুত্বৰ বিষয়ে ব্যাখ্যা কৰে
শান্তিকামী ৰাইজে খাপ পঞ্চায়তৰ বিৰোধিতা কৰিব জানে
আৰু
কিমান চুটি পোছাকে
আৰু কিমানটা চুমাই দীঘলীপুখুৰী দূষিত কৰিব পাৰে সেয়াও জানে;
শান্তিকামী ৰাইজে জানে ‘মিলিব লাগে আৰু মিলাব লাগে’ বুলি গাব লাগে
আৰু গাবৰ পৰত বহিৰাগতৰ মূৰ কিমান তললৈ থকা ভাল তাকো ঠিৰাংকৈ কৈ দিব পাৰে
শান্তিকামী ৰাইজে এইমাত্ৰ মোক কʼলে এই পুৱতি নিশাখন ফেচবুক কৰি থকা ভাল নহয়,
মৃতকবোৰেও শান্তিকামী ৰাইজৰ শান্তিৰ বাবে
বাটৰ কুকুৰবোৰক আমনি নকৰে হেনো এতিয়া।