শান্তিৰ নবেল বঁটা প্ৰাপক নাদিয়া মুৰাদ – বাপুকণ চৌধুৰী

জীৱনৰ তিতাঁ-কেঁহা যাত্ৰাটোৱে বহুতকে হয়তো বহুবাৰ পথত ভাগৰুৱা, অৱশ আৰু জীয়াই থকাৰ ন্যূনতম ইচ্ছা বা হেঁপাহকণো মলিন আৰু অস্পষ্ট কৰি পেলায়। আমি সেই সামান্য অজুহাতবোৰতেই মানসিকভাবে ভাগি পৰোঁ বা বিপৰ্য্যস্ত হৈ পৰোঁ; আনকি বহুসময়ত নিজৰ তিক্ত অভিজ্ঞতাবোৰক আনৰ তুলনাত যথেষ্ট বেছি বুলি ভাবোঁ আৰু জীয়াই থকাৰ হাবিয়াস হেৰুৱাই পেলাওঁ।

ইৰাকৰ 25 বছৰীয়া যুৱতী নাদিয়া মুৰাদৰ বিশ বছৰ বয়সতে যিবোৰ ঘটনা ঘটিছিল সেইবোৰ আমাৰ ধৰ্মীয় গ্ৰন্থত উল্লেখ কৰা নৰক শাস্তি বা দুৰ্ভোগতকৈ কম নাছিল। তথাপিও জীয়াই থকাৰ হেঁপাহ, জীৱনৰ প্ৰতি অপৰিসীম ভালপোৱা আৰু শ্ৰদ্ধাৰ বাবেই হাৰি যোৱা জীৱন যুঁজত পুনৰ জয়ী হৈ নাদিয়াই এই বছৰৰ শান্তিৰ নবেল বঁটা লাভ কৰি বিশ্ববাসীক শুনাই দিলে জীৱন জয়ৰ কাহিনী।

2014 চনত সমগ্ৰ বিশ্বৰে সন্মুখত মানৱতাক ভৰিৰে মোহাৰি দিয়া, ঘৃণা আৰু সন্ত্ৰাসেৰে মানব সভ্যতাক কলংকিত কৰা জেহাদী গ্ৰুপ “ইছলামীক ষ্টেট অফ ইৰাক এণ্ড চিৰিয়া” চমুকৈ আইচিচ বাহিনীৰ সদস্যসকলে ৰাতিৰ আন্ধাৰত ইৰাকৰ এখন সৰু চহৰ চিঞ্জৰত প্ৰবেশ কৰে আৰু চহৰখন দখল কৰে। নাদিয়া আছিল মধ্য প্ৰাচ্যৰ অতিশয় প্ৰাচীন আৰু সংখ্যালঘু ধৰ্ম য়েজেদ সম্প্ৰদায়ৰ বিশ বছৰীয়া যুবতী। য়েজেদ ধৰ্মী লোকসকলে ময়ুৰপখীৰূপী দেৱদূত মেলেক টাউচক ভগৱানৰ নিৰ্দেশত পৃথিৱীৰ মানব কল্যাণৰ বাবে সাতজন দেৱদূতৰ মুখ্য দেৱদূতৰূপে উপাসনা কৰে।

য়েজেদ ধৰ্মৰ নীতি-নিয়ম, ধৰ্মীয় জীৱনশৈলী ইছলাম বা খ্ৰীষ্টিয়ান ধৰ্মৰ লগত মিল আছে কাৰণ য়েজেদ ধৰ্ময়ো একেজন ঈশ্বৰকে সমগ্ৰ জগতৰ সৃষ্টি কৰ্ত্তা ৰূপত মানি চলে। কিন্তু ইছলাম আৰু খ্ৰীষ্ট ধৰ্মৰ মূল তত্বটোতে য়েজেদসকল পৃথক হয়। বাইবেল আৰু কোৰাণ শ্বৰীফত বৰ্ণিত মতে প্ৰথম মানৱ ‘আদম’ক সৃষ্টি কৰা হৈছিল মাটিৰ পৰা। আদম আছিল ঈশ্বৰৰ আটাইতকৈ প্ৰিয় সৃষ্টি, আদমক সৃষ্টি কৰাৰ পিছত ঈশ্বৰে পূৰ্বৰ সৃষ্টিসমূহক আদমৰ সন্মুখত মূৰ দোৱাবলৈ নিৰ্দেশ দিলে। সকলোৱে মূৰ দোৱালে যদিও অগ্নিৰ পৰা সৃষ্টি কৰা ‘ইবলিছ’য়ে মূৰ দোৱাবলৈ অস্বীকাৰ কৰিলে। তেওঁ ঈশ্বৰক ক’লে, “তুমি মোক জুইৰ পৰা সৃষ্টি কৰিছা, মাটিৰ পৰা সৃষ্টি কৰোতাজনৰ আগত মই কিয় মূৰ দোৱাম!!!!”
কোৰাণ আৰু বাইবেলত বৰ্ণিত মতে এইকথাত ঈশ্বৰ অসন্তুষ্ট হৈ ইবলিছক স্বৰ্গৰ পৰা বিতাৰিত কৰিলে। ইবলিছেও ঈশ্বৰক প্ৰত্যাহ্বান জনাইছিল “যি মাটিৰ পৰা সৃষ্ট মানুহৰ বাবে তুমি মোক স্বৰ্গৰ পৰা বিতাৰিত কৰিলা, সেই মানুহক জগত ধ্বংসৰ অন্তিম দিনলৈ মই তোমাৰ পথৰ পৰা বিতাৰিত কৰিবলৈ চেষ্টা কৰি যাম।”
সেইদিনাৰ পৰাই ইবলিছৰ নাম হ’ল চয়তান, আমাৰ মনত অহা নানান ধৰণৰ কুচিন্তা, অপৰাধ বা পাপ আদি চয়তানৰ নিৰ্দেশত হয় বুলি ইছলাম আৰু খ্ৰীষ্টিয়ান লোকসকলে বিশ্বাস কৰে।
আনহাতে য়েজেদ ধৰ্মৰ মূল ধৰ্ম গ্ৰন্থ “কিতেবা জিলৱে”ৰ মতে ঈশ্বৰক ইবলিছে যেতিয়া কৈছিল “তুমি মোক জুইৰ পৰা সৃষ্টি কৰিছা, মাটিৰ পৰা সৃষ্টি কৰোতাজনৰ আগত মই কিয় মূৰ দোৱাম” বুলি তেতিয়া ঈশ্বৰ তেওঁৰ উত্তৰত সন্তুষ্ট হৈ ইবলিছক মানব জাতিৰ কল্যাণৰ বাবে স্বৰ্গ, মৰ্ত্ত্য আৰু পাতালৰ শীৰ্ষ অধিপতি পাতিলে। য়েজেদসকলে ইবলিছক মেলেক টাওচ বা ময়ুৰদেৱতা বুলিও কয়।
ইয়াতে পৃথিবীৰ ক্ষুদ্ৰতম জনসংখ্যা বিশিষ্ট এই ধৰ্মটোৰ মূলতত্ব ইছলাম আৰু খ্ৰীষ্টিয়ান ধৰ্মৰ পৰা পৃথক।
মূলতঃ চিৰিয়া আৰু ইৰাকত সামান্যতম জনবসতি থকা এই ধৰ্মাৱলম্বী লোকসকল সদায়ে খ্ৰীষ্টিয়ান ইছলাম আৰু ইহুদীসকলৰ বৈষম্যৰ বলি হৈ আহিছে। কাৰণ বাকী তিনিওটা ধৰ্মৰ দৃষ্টিত য়েজেদসকল চয়তানৰ উপাসক।
পৰবৰ্তী সময়ত বহুতো য়েজেদ লোকে একমাত্ৰ সামাজিক স্থিতি বৰ্তাই জীয়াই থকাৰ প্ৰয়োজনত ইছলাম বা খ্ৰীষ্টিয়ান ধৰ্মলৈ ধৰ্মান্তৰিত হ’বলগীয়াও হৈছে।
বাচাৰ আল আচাদ শাসিত চিৰিয়া বা চাদ্দাম হুছেইন আৰু তেওঁৰ পৰবৰ্তী ইৰাকতো য়েজেদসকল প্ৰায় নিৰাপদে জীয়াই থকা বুলিবই পাৰি। কিন্তু চিৰিয়াৰ “আৰব বসন্ত”ই য়েজেদ লোকসকলৰ জীৱন নৰকতকৈয়ো ঘৃণনীয় কৰি তোলে।
সন্ত্ৰাসবাদী সংগঠণ আইচিচৰ মূল লক্ষ্য আছিল চিৰিয়া আৰু ইৰাক একগোট কৰি শ্বৰিয়ত নিয়ম আৰু খলিফা নিৰ্দেশিত এক সাৰ্বভৌম ইছলামিক ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰা। আইচিচৰ দৃষ্টিত য়েজেদ ধৰ্মী লোকসকলৰ ধৰ্মীয় চিন্তা যিহেতু ইছলাম ধৰ্মৰ পৰিপন্থী, সেইবাবে তেওঁলোকক মানুহৰ দৃষ্টিৰে চাবলগীয়া একো গুণেই নাছিল।
২০১৪ চনৰ এটি নিশা আইচিচৰ জেহাদী দলে ইৰাকৰ চিঞ্জৰ নামৰ এখন নগৰত অতৰ্কিতে প্ৰবেশ কৰি প্ৰায় চাৰে ছহেজাৰ য়েজেদী মহিলা আৰু শিশুক বন্দী কৰে।
সেই দূৰ্ভগীয়া বন্দী মহিলা আৰু শিশুসকলৰ মাজত বিশ বছৰীয়া য়েজেদী যুবতী নাদিয়া মূৰাদো আছিল। দূৰ্ভগীয়া নাদিয়াক তেওঁৰ মাতৃ আৰু ছয়জন ভাতৃক হত্যা কৰি চিঞ্জৰ নগৰৰ “ক’চ” নামৰ অঞ্চলটোৰ পৰা ধৰি অনা হৈছিল।
নাদিয়াক বন্দী কৰাৰ এই নিকৃষ্ট অভিযানত আইচিচে প্ৰায় পাঁচ হেজাৰ য়েজেদ পুৰুষক হত্যা কৰিছিল।
ইয়াৰ পিছতে আৰম্ভ হয় নাদিয়া মুৰাদৰ জীৱনৰ ক’লা অধ্যায়। চিঞ্জৰ চহৰৰ পৰা বলপূৰ্বক ভাবে নাদিয়াক এখন বাচেৰে ইৰাকৰ আন এখন ব্যস্ত চহৰ “মচুল”লৈ অনা হয়।

“বজাৰত মোৰ শৰীৰৰ লজ্জাজনক অংগবোৰ স্পৰ্শ কৰি কৰি চাইছিল এজন এজন গ্ৰাহকে। যেন জুইয়ে স্পৰ্শ কৰিছিল মোক, পূৰ্বতে কোনেও এনেদৰে স্পৰ্শ কৰা নাছিল মোৰ শৰীৰত। মোৰ চকুপানী সৰি তেওঁলোকৰ হাতত পৰিছিল তথাপি তেওঁলোক স্তব্ধ হোৱা নাছিল” নাদিয়াৰ আত্মজীৱনীমূলক গ্ৰন্থ “The Last Girl: My Story of Captivity, and My Fight Against the Islamic State”ৰপৰা উদ্ধৃত।

মচুলৰ যৌনদাসীৰ বজাৰত বিক্ৰীৰ বাবে নিয়া হৈছিল নাদিয়াক। সেই বজাৰত নাদিয়াৰ দৰেই বহুতো যুৱতীক বিক্ৰীৰ বাবে আনিছিল আইচিচৰ সদস্য সকলে। নাদিয়াক শাক-পাচলি চুই পিটিকি পৰীক্ষা কৰাৰ দৰে চাই আইচিচৰ অন্তৰ্গত মচুল চহৰৰ বিচাৰপতি এজনে চতুৰ্থতম যৌনদাসী ৰূপে ক্ৰয় কৰে।
সেই বিচাৰপতিৰ ঘৰত নাদিয়া গৃহবন্দী হৈ পৰে যাৰ একমাত্ৰ কাম আছিল দিনটো চৌবিশ ঘণ্টা শাৰিৰীক অত্যাচাৰ আৰু ধৰ্ষণ নিৰবে সহি যোৱা। এই সময়চোৱাত ছাবি দিয়া পুতলাৰ দৰেই উগ্ৰ প্ৰসাধন আৰু উত্তেজক পোচাক পিন্ধি বিচাৰপতিৰ ঘৰলৈ অহা অতিথিসকলৰ বাবে চাহ-জলপান পৰিবেশনৰ লগতে প্ৰয়োজন অনুসাৰে নিজৰ শৰীৰটো পৰ্য্যন্ত আপ্যায়নৰ বাবে আগবঢ়াবলগীয়া হৈছিল নাদিয়াই।
“ধৰ্ষণৰ সময়ত মই চকু মুদিব নোৱাৰিছিলোঁ, চকু মুদিলেই সহ্যৰ সীমা পাৰ হোৱাকৈ মাৰপিট কৰা হৈছিল মোক” The Last Girl: My Story of Captivity, and My Fight Against the Islamic State
তাৰ মাজতে এবাৰ পলায়ন কৰিবলৈ চেষ্টা কৰোতে বিচাৰপতিৰ গৃহ ভৃত্যসকলে সমূহীয়াকৈ উপৰ্যুপৰি ধৰ্ষণ কৰিছিল নাদিয়াক।
“মই নাজানিছিলোঁ কোনে পৰবৰ্ত্তী সময়ত আৰু কেতিয়া মোৰ বন্ধ কোঠাৰ দুৱাৰখন খুলিব, মাত্ৰ এটা কথাই জানিছিলোঁ যে দুৱাৰখন খোল খাবই আৰু পৰবৰ্ত্তী দিনটো আৰু ভয়ানক হ’ব।”

“মই নিজকে হত্যা কৰিব বিচৰা নাছিলোঁ, কিন্তু সিহঁতে মোক হত্যা কৰাটো প্ৰতিটো ছেকেণ্ডতে কামনা কৰিছিলোঁ।”
The Last Girl: My Story of Captivity, and My Fight Against the Islamic State

তিনিমাহ আইচিচৰ সেই বিচাৰপতিৰ ঘৰত যৌন ক্ৰীতদাসীৰূপে বন্দী নাদিয়াই এদিন অকস্মাতে মুক্ত জীৱনৰ সোৱাদ পালে। সেইদিনা ভুল ক্ৰমে নাদিয়াৰ কোঠাটোৰ দুৱাৰখনত তলা লগাবলৈ গৃহ ভৃত্যই পাহৰি যোৱাত নাদিয়াই তাৰপৰা পলায়ন কৰে আৰু প্ৰতিবেশী এঘৰৰ সহযোগত আইচিচৰ শাসন সীমাৰ পাৰ হৈ উত্তৰ ইৰাকৰ ডোহাক শৰণাৰ্থী শিবিৰত আশ্ৰয় লয়।
ইয়াৰে পৰাই য়েজেদী সম্প্ৰদায়ৰ লোকসকলৰ কল্যানাৰ্থে কাম কৰা এক দাতব্য সংস্থাৰ জড়িয়তে জাৰ্মানীত আশ্ৰয় গ্ৰহণ কৰা নিজৰ ভগ্নীৰ লগত মিলিত হয় নাদিয়া।
ইয়াতেই নাদিয়াৰ জীৱনৰ নতুন পুৱাৰ উন্মেষণ হয়, পশ্চিমীয়া দেশৰ সাংবাদিকসকলৰ সহযোগত আইচিচৰ কবলত বন্দী হৈ ৰোৱা বহুতো য়েজেদী মহিলা, যুৱতী আৰু কিশোৰীক মুক্ত কৰিবলৈ সক্ষম হয় নাদিয়া।
“মই নিজে যৌন দাসীৰ বজাৰত বিক্ৰী হোৱাৰ বাবে সেই অঞ্চলৰ সম্ভাৱিত স্থানত বন্দী অৱস্থাত থকা বহুতো মহিলা, যুৱতী আৰু কিশোৰীৰ ঠিকনা জানিছিলোঁ।”

জীৱনৰ তাৎক্ষণিক ঘটনা প্ৰবাহে নাদিয়া মুৰাডক হতাশ কৰি তোলাৰ সলনি প্ৰচণ্ড আত্মবিশ্বাসী কৰি তোলে। তেওঁ 2016 চনত ৰাষ্ট্ৰ সংঘৰ অধীনত “মানব সৰবৰাহৰ ভুক্তভোগী”সকলৰ স্বাভিমান আৰু আত্মসংস্থাপন অভিযানৰ শান্তিদূত ৰূপে নিয়োজিত হয়।
সেই একেটা বছৰতে তেওঁক ইউৰোপীয়ান কাউন্সিলৰ সন্মানীয় “ভালক্লেভ হাভেল মানব অধিকাৰ বঁটা”ৰে সন্মানিত কৰা হয়।
আৰু এইবছৰ অৰ্থাৎ 2018 চনত ইৰাকৰ প্ৰথমগৰাকী “নবেল বঁটা” বিজয়ীৰ ৰূপত সমগ্ৰ পৃথিবীকে নিজৰ সাহস, সংগ্ৰাম,কৰ্ম আৰু অস্তিত্বৰ কথা জনাই দিয়ে।

“যেতিয়াই মই পলায়ন কৰি নিৰাপদ স্থানত আশ্ৰয় লাভ কৰিবলৈ সক্ষম হৈছিলোঁ, মোৰ মনলৈ প্ৰথমেই আহিছিল যে মোৰ দৰে আন বহুতো দূৰ্ভগীয়া য়েজেদী মহিলা, যুৱতী আৰু কিশোৰীসকলৰ লগত হোৱা ঘৃণনীয় ঘটনাবোৰ সমগ্ৰ পৃথিবীক জনোৱা উচিত। কাৰণ এনেকুৱা ঘটনাৰ বৰ্ণনা কৰিবলৈ ময়েই যাতে পৃথিবীৰ অন্তিম গৰাকী যুৱতী হওঁ!!”
এইখিনিতে উল্লেখ কৰিব লাগিব যে পাকিস্থানৰ মালালা ইউচুফ জাইৰ পিছতে ইৰাকৰ নাদিয়া মুৰাদ বৰ্তমানলৈকে দ্বিতীয় গৰাকী সৰ্বকনিষ্ঠ “শান্তিৰ নবেল বঁটা” প্ৰাপক৷


  ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!