শামুকৰ খোলাত জীৱন (অৱনী বুঢ়াগোহাঁই)

সিদিনা তোমাৰ চহৰত নামি গম পালোঁ
মোৰ নামটো হেৰাল ।
তেতিয়া হেমন্তৰ ডুবিব ধৰা সূৰ্য্যই
ৰঙা ৰঙ ছটিয়াইছিলহে ।
হয়তো ডুব মাৰিব ধৰা সূৰ্য্যটোৱে
মোৰ নামটোকে ক’ৰবাত হেৰুৱাই পেলালে !
তোমাৰ ঠিকনা?
মোক কোৱা হ’ল, পাৰ হৈ যাবা কেইটামান অট্টালিকা ।
চিধাকৈ গৈ থাকিবা ।
আৰু সোঁহাতে ঘূৰিলেহে
ফুলি থকা ফুলনিখন পাবা ।
(যেন জীৱনত মই ফুল ফুলা দেখায়েই নাই ! )
সিদ্ধান্ত ল’বা, তুমি ফুলনিত
সোমাবা নে ওলাবা ।
শামুকৰ দৰে এফাল ভিতৰত
আৰু এফাল বাহিৰত নহয় !
সেয়ে মই, অভিজ্ঞতাপুষ্ট ফুলৰ
খেতিয়কজনে
যাৰ হাতৰ পৰশত ইমানদিনে
ৰঙীন ফুলবোৰ ফুলিছিল,
সিদ্ধান্ত ললোঁ, মই শামুকৰ
দৰেই থাকিম
অনামী হৈ তোমাৰ চহৰত ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!