শাৰদীয়- মধুমিতা বৰুৱা শইকীয়া

 

ক)এধানি অপেক্ষাৰ সুখগজা লাজ
এমুঠি দেওধনী উলাহৰে হালিজালি দোভাগ ৰাতি,
সংগোপনে বগাই আহিছে ইমন ৰাগ।

খ)কালিৰে পৰা খেপিয়াই ফুৰিছো কবিতা
কবিতাবোৰ ওপঙি ফুৰিছে আলফুল মেঘত
পাইনৰ টকলা টিলাটোৰ উৰিব ধৰিছে ,
আমাৰ কথাকবিতা……
জয়ন্তীয়া গাঁৱত এতিয়া শৰৎ।

গ)এচিকুট নীলা,এচিকুট কজলা
নাঙঠ আকাশ। ….
কঁকিলাসজীয়া মেঘত উবুৰি খাই পৰা,
সৌকেইটা তৰা নে সোণপৰুৱা??

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!