শাৰদীয় পূজা ( ৰাজীব ৰাজখোৱা )

 

গাঁৱত আজিও এজাক বৰষুণ আহে

আই পূজা চাবলৈ যাওঁ
টকা এটা দে
বহু দিনৰ পৰা যে
বেলুন এটা লোৱা কথা
পাৰিলে পিষ্টল এটাও ল’ম
যোৱাবাৰ যে পুতলাটো
চাবি দিওঁতে দৌৰ মাৰিছিল নিজে নিজে
এই বাৰ দিম বুলি জানো কোৱা নাছিলি?

আই, নগৰত বোলে
ডাঙৰ ডাঙৰকৈ পেণ্ডেল কৰিছে
ৰাতি হ’লে বোলে
জোনাকত গোটেইখন জকমকাই উঠে
তই বাৰু মোক লৈ যাবি নেকি চাবলৈ
তাত বোলে নতুন নতুন পিষ্টল আৰু গাড়ীও আহিছে
মোৰ যে বহুদিনৰ হেঁপাহ জান আই

যোৱাবাৰ যে বহুদেৰিলৈকে ইয়াৰ পৰাই চাই আছিলোঁ
ডাঙৰকৈ বজোৱা হিন্দী গানবোৰ
কাণ পাতি শুনিছিলোঁ

আই, তই যে একো নক’লি
পিতাই নাই নেকি

বোপাই, সৌৱা চা
সাতোটি পেটৰ ভৰ পৰি
তোৰ পিতাইৰ কঁকালত ভাঁজ লাগিছে
হেজাৰডাল বিহলঙণী কোবত নুগুচা
পুৰণি বিষটো লৈ পথাৰলৈ গৈছে
ডাক্টৰক দিব পৰাকৈ সিকি এটাও বচাব পৰা নাই
সৌটো কাতিৰ ভঁৰাল চা
মেটমৰা পেটটো তহঁতৰ পঢ়া-শুনাতে উদং হ’ল
গাটো মোৰো ভাল নহয়
সৌ পাচিটো ল’
জাহিঙীয়া ভাৰটোকে নমাবি
মাখনৰ দোকানত দি
তাৰে আটাইকেইটাই পূজাখন চাবি

শুকুলা ডাৱৰবোৰ উৰি চহৰ পায়গৈ
গাঁৱত তেতিয়া এজাক বৰষুণ দিছিল
আজিও দি আছে
ঘৰে ঘৰে…
নিয়ৰে তিয়াব নোৱাৰা পোচাকবোৰ ধুবলৈ…

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!