শিক্ষকতা জীৱনৰ কিছু অনুভৱ—১৬ (নিবেদিতা বৰি)

পৰম্পৰাগতভাৱে চলি অহা “নিকেতনসপ্তাহ”ৰ পঞ্চমদিনৰ কথা। নিকেতনৰ সৰু মঞ্চখনত কণ কণ শিশুসকলে জীৱনৰ আদিপাঠ মেলিবলৈ পূৰ্ণোদ্যমে আখৰা কৰি আছে, প্ৰতিযোগিতাৰ বিষয়সমূহকলৈ। সচেতন অভিভাৱকসকলৰ গাত তৰণি নাইকিয়া হৈছে। নিজৰ নিজৰ সন্তানক কিদৰে দৰ্শকসকলক চমক খোৱাকৈ পাৰদৰ্শিতা প্ৰদৰ্শন কৰাব পাৰিব তাৰে চিন্তাত যেন ব্যস্ত। এই নিকেতনত তিনিটা শাখাত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে — “শিশু”, “বালক” আৰু “কিশোৰ” শাখা। প্ৰথমে “শিশু” শাখাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ল ; প্ৰতিযোগিতা সুন্দৰকৈ চলি আছিল। ঘৰত শিকি আহি প্ৰতিটো শিশুৱে মাইক্ৰফোনৰ সন্মুখত গান গাইছিল, কিন্তু হঠাতে কেনা লাগিল। এটি শিশুৱে “বিলতে হালিছে ধুনীয়া পদুমী” গীতটি গোৱাৰ লগে লগে বাকী প্ৰতিযোগীসকলে ঘৰত কি শিকাই পঠাইছিল পাহৰি গ’ল আৰু পিছৰ গান গোৱা প্ৰতিটো শিশুৱে সিহঁতৰ প্ৰিয় “বিষ্ণুৰাভা”দেৱৰ গীত “বিলতে হালিছে” সেই একেটা গীতকে পৰিবেশন কৰি থাকিল। লাহে লাহে দৰ্শকৰ মাজত হাঁহিৰ ৰোল উঠিল। ইফালে প্ৰতিযোগী শিশুকেইটিৰ মাকহঁতৰ খঙতে কি কৰোঁ কি নকৰোঁ অৱস্থা হ’ল। এগৰাকী মাকেটো তাইৰ জীয়ৰীক মঞ্চৰ পৰা নামোতেই বাঘ ঢকা এটা দিলে—ঘৰত শিকাই অনা গীতটো নোগোৱাৰ বাবে। আকৌ ঘোষিকাই ঘোষণা কৰিব লগা হ’ল যে ঘৰত মাকহঁতে যিটো গীত শিকাই পঠাইছে সেই গীতটোহে গায় যেন। এনেদৰে প্ৰতিযোগিতা চলি আছে। ঘোষিকাই ঘোষণা কৰিছে– “এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ– অনন্যা দিহিঙীয়া…” কণমানি মৰম লগা অনন্যাক মাকে টানি-আঁজুৰি মঞ্চলৈ আনিব বিচাৰিছে, কিন্তু তাইক বলাব পৰা নাই, তাইৰ কিবা জগৰ লাগিল, উপায়হীন মাকে তাইক দাঙি মঞ্চলৈ উঠাব খুজোঁতে তাই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। মাকে খঙে-লাজে ৰঙা-চিঙা পৰি এবাৰ দেউতাকৰ মুখলৈ, এবাৰ আচাৰ্যসকলৰ মুখলৈ চালে। অপ্ৰস্তুত হোৱা মাকক সহায় কৰিবলৈ শিৱানী আগবাঢ়ি আহিল আৰু মাকৰ কাষৰ পৰা মৰমেৰে তাইক লৈ আনিলে— “আমি পিছত গাম ন? এতিয়া নাগাওঁ” শিৱানীয়ে অনন্যাৰ মনটো ভাল লগাবলৈ ক’লে।

“তাইৰ সমনীয়াসকলে কোনো ভয়-ভীত নোহোৱাকৈ যিদৰে গীত পৰিবেশন কৰিছে, তাতকৈ আৰু গৌৰৱৰ বিষয় কি হ’ব পাৰে? কিন্তু নিজৰ ছোৱালীৰ ক্ষেত্ৰত….ঘৰতে তাইক ভালদৰে এসেকা দিব লাগিব…” এনেদৰে নানা চিন্তাই অনন্যাৰ মাকক অন্যমনস্ক কৰি তুলিলে। দেউতাকজনটো খঙত বাহিৰলৈ ওলাই গ’ল।
শিৱানীয়ে তাইক মৰমেৰে সুধিলে – “তোমাৰ গান গাবলৈ ভয় লাগিছে নেকি?”
তাই মূৰ জোকাৰিলে (নাই লগা)।
“তেন্তে ব’লা, আমি গান গাওঁগৈ।”
“মায়ে পিটিব”- অনন্যাৰ উত্তৰ।
“কিয়?”
“মই গান গালে মায়ে হাৰমনিয়াম বজাম বুলি কৈছে”।
“ভালহে, তোমাৰ মাই ইমান ধুনীয়াকৈ হাৰমনিয়াম বজাই…”
“মোৰ লগৰবিলাকক মাকহঁতে হাৰমনিয়াম বজাই দিছে নেকি? আচাৰ্যইহে বজাই দিছে!”
“সিহঁতৰ মাকহঁতে হাৰমনিয়াম বজাব নাজানে আকৌ!”
“আচাৰ্যই হাৰমনিয়াম বজালেহে মই গান গাম। আপুনি মাক কৈ দিয়ক।”
অৱশেষত মাকক বুজাই-মেলি অনন্যাক মঞ্চত উঠোৱা হ’ল। “কাষতে কলচিলৈ যায়হে ৰচকি বাই….” বুলি “বিষ্ণুৰাভা”দেৱৰ গীতটি তাই ইমান সুন্দৰকৈ পৰিবেশন কৰিলে যে প্ৰেক্ষাগৃহ মুখৰিত হৈ পৰিল। শিৱানীয়ে লক্ষ্য কৰিলে অনন্যাৰ মাকৰ মুখখন আনন্দত উজলি উঠিছে… মুখত সাফল্যৰ হাঁহি বিৰিঙি উঠিছে—“অন্তত: তাই যে গানটো গালে!” ইয়াতকৈ আৰু কি ডাঙৰ পুৰস্কাৰ লাগিছে!

এয়াই শিশুমন। তাইৰ সংগীতৰ প্ৰতি ৰাপ আছিল। মাকেও তাইক হাৰমনিয়াম, তবলা আদিৰে সুন্দৰকৈ শিকাই প্ৰতিযোগিতাৰ বাবে সাজু কৰি আনিছিল। ঘৰৰ পৰাই হাৰমনিয়াম, তবলা গাড়ীত ভৰাই আনিছিল তাই গীত গোৱাৰ সময়ত সংগত কৰিবৰ বাবে। কিন্তু যেতিয়া অনন্যাই দেখিলে লগৰবিলাকৰ লগত আচাৰ্যইহে বাদ্য-যন্ত্ৰ সংগত কৰিছে গতিকে তাইনো কিয় মাকক বজাব দিব? মাকে উপলব্ধি কৰিবলৈ বাধ্য হ’ল যে শিশুমনৰ বিপক্ষে কাম কৰোৱাবলৈ চেষ্টা কৰাটো মিছা কথা। সিহঁতৰ যোগ্যতাক বলপূৰ্বকভাবে নহয়, অতি কৌশলেৰে তথা মৰমেৰেহে প্ৰদৰ্শন কৰাব পাৰি।

বঁটা বিতৰণী সভাৰ দিনা আকৌ নিখিল বোলা ছাত্ৰজনে মাকক থেনথেনাই আছে—তাকো পুৰষ্কাৰ লাগে। সিওটো মৰ্টনলৈ দৌৰিছিল… ভেকুলী জাঁপ দিছিল… গীত গাইছিল। কিন্তু কিয় তাক পুৰষ্কাৰ দিয়া নাই? মাকে তাক বুজাব পৰা নাই… উপায়হীন হৈ তাক দোকানলৈ নি এপেকেট ৰঙ আৰু স্কেল এপাট কিনি দিলে— কিন্তু সি নলয়… সেই একে ৰং, একে স্কেল আচাৰ্যসকলে তাক মঞ্চত মাতি দিলেহে ল’ব। শিৱানীয়ে ভাবিলে—“পুৰস্কাৰ বোলা বস্তুটো হ’ব পাৰে এডাল পেঞ্চিল, এপাট স্কেল অথবা এপেকেট ৰং.. কিন্তু নিজৰ যোগ্যতাৰ ভিত্তিত পোৱা পুৰস্কাৰটো দৰ্শকৰ মাজেৰে গৈ মঞ্চত উঠি গ্ৰহণ কৰি পোৱা আনন্দখিনিৰ তুলনা নাই”।।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!