শিক্ষকতা জীৱনৰ কিছু অনুভৱ -২০ (নিবেদিতা বৰি)
এদিন এখন তামোল-পাণ বেচা দোকানত শিৱানী আৰু সঞ্জয় আচাৰ্যই তামোল খাবলৈ বুলি সোমাইছিল। তামোল দিয়া ল’ৰাটোৱে তামোলৰ দাম নলৈ সঞ্জয় আৰ্চাৰ্যক শ্ৰদ্ধাভাৱেৰে ক’লে — “ ছাৰ, আপোনাক যে কি বুলি ধন্যবাদ জনাম ভাবিয়েই পোৱা নাই! আপুনি মই চতুৰ্থ শ্ৰেণীত পঢ়ি থাকোঁতে যে অসমৰ মেপখন স্কেলৰ জোখ দি শিকাইছিল সেই শিকোৱা পদ্ধতিটো মোৰ মেট্ৰিক পৰীক্ষাত কামত আহিল। মই পৰীক্ষাত আপুনি শিকোৱা কৌশল প্ৰয়োগ কৰি পৰীক্ষা ঘৰত দহ মিনিটতে এখন ধুনীয়া মেপ আঁকিলো আৰু তেতিয়াযে আপোনালৈ ইমান মনত পৰিছিল! ছাৰ, আপোনাক কি বুলি কৃতজ্ঞতা জনাম বাৰু!! ছাৰ, আপুনি সেই সৰুতেই আমাক সহজ পদ্ধতিৰে যি মেপ আঁকিবলৈ শিকালে সেই সহজ পদ্ধতিটো জীৱনত যে এদিন কামত আহিব ভবাই নাছিলোঁ।
সেই ল’ৰাটোৰ কথাবিলাকত শিৱানীৰ আগত সঞ্জয় আচাৰ্যই কিমান গৌৰৱ অনুভৱ কৰিছিল শিৱানীয়ে ধৰিব নোৱাৰিছিল যদিও এই অচিনাকী ল’ৰাজনে এদিন শৈশৱতে সঞ্জয় আচাৰ্যৰ পৰা শিকা এটা বিদ্যা মেট্ৰিক পৰীক্ষাত প্ৰযোজ্য হোৱা বাবে সঞ্জয় আৰ্চাৰ্যৰ প্ৰতি শ্ৰদ্ধাত কেনেকৈ মূৰ দোঁ খাই গৈছে সেই গৌৰৱতহে শিৱানীৰ মন উৎফুল্লিত হৈ পৰিছিল। এজন শিক্ষকৰ সন্তুষ্টি ক’ত? এজন ছাত্ৰই যেতিয়া এজন শিক্ষকক শ্ৰদ্ধাৰে সোঁৱৰে সেইয়াইটো শিক্ষকৰ গুৰু দক্ষিণা । সঞ্জয় আৰ্চাৰ্যই পিছে সেই দোকান দিয়া ছাত্ৰজনক সমূলি পাহৰি পেলাইছিল অথচ সেই দোকান দিয়া ছাত্ৰজনৰ অন্তৰত সঞ্জয় আৰ্চাৰ্য এজন আদৰ্শ “শিক্ষা গুৰু” হৈ ৰৈছিল ।
দশম শ্ৰেণীৰ ছাত্ৰ ৰোহণ, অলপ চঞ্চল, অলপ অঘাইটং । এইবাবে মাক-দেউতাকৰ তাক লৈ মহাচিন্তা হৈছে। পঢ়া টেবুলত বেছি সময় বহি নাথাকে। হয় ক্ৰিকেট খেলিবলৈ ওলাই যায় নহয় চাইকেলখন লৈ এনেয়ে ফুৰিবলৈ ওলাই যায়। শিৱানীয়ে মেট্ৰিক পৰীক্ষা চলি থকাৰ মাজতে পৰীক্ষাৰ খবৰ লবলৈ বুলি ৰোহণৰ ঘৰলৈ গৈছিল। বিজ্ঞানৰ পৰীক্ষাৰ বাবে তিনিদিন বন্ধ পাইছে। শিৱানীয়ে যোৱাৰ দিনা তাৰ বোলে বিজ্ঞান পঢ়া শেষ। শিৱানী আচৰিত হ’ল—এদিনতে কিতাপ পঢ়া শেষ!!! ৰোহণে ক’লে – “আচাৰ্যা, ভাল লগা পাঠ কেইটা পঢ়া শেষ হ’ল, বেয়া পোৱা পাঠ কেইটা পঢ়া নাই। বিজ্ঞানত ৫০-৬০ নম্বৰ পালেই মই সন্তুষ্ট।“ তাৰ কথাত মাক-দেউতাকৰ লগতে শিৱানীও চিন্তাত পৰিল। কি ল’ৰা! নপঢ়োঁ বুলি ভাবিছে, নপঢ়ে!! তাৰ কথা-কাণ্ড তেনেকুৱাই। কিন্তু ল’ৰাটো চোকা, অলপ মনোযোগ দি পঢ়িলে সি যে মেট্ৰিকত ভাল ৰিজাল্ট কৰিব সেইয়া ধুৰূপ।
শিৱানীয়ে ৰোহণক ক’লে- “কিতাপখন লৈ আহা আৰু কি কি পাঠ পঢ়ি বেয়া পোৱা কোৱা।“ ৰোহণে তাইৰ কথামতে কিতাপখন আনি সি পঢ়ি ভাল নোপোৱা পাঠবোৰ দেখুৱালে – বিদ্যুৎ, বিদ্যুৎ চুম্বক, জাৰণ-বিজাৰণ, বংশগতিতত্ব…আদি চাৰিটামান পাঠ সি পঢ়ি বেয়া পায় বুলি দেখুৱালে। শিৱানীয়ে বিচুৰ্তি খোৱাৰ দৰেই হৈছে—“ কি যে ল’ৰা এইটো, পঢ়িলেই বুজি পাই অথচ বেয়া পাই বুলিয়েই সি নপঢ়ে”। শিৱানীয়ে সেই পাঠকেইটাৰ পৰা পৰীক্ষাত অহাৰ সম্ভাৱনা থকা প্ৰশ্নসমূহ বাছি দি একমাত্ৰ সেই প্ৰশ্নসমূহৰ উত্তৰেই পঢ়িবলৈ ক’লে। শিৱানীৰ কথাত ৰোহণে বৰ ফূৰ্তি পালে—“আচাৰ্যা, এনেদৰে প্ৰশ্ন বাছি দিলে পঢ়ি বেয়া নাপাওঁ নহয়!!”
শিৱানীয়ে মৰমেৰে জটিল যেন লগা বেয়া পোৱা পাঠ এটা কেনেদৰে পঢ়িলে ভাল লাগে, নিকেতনত পঢ়াওঁতে কেনেদৰে পাৰিছিল এনেদৰে তাক উৎসাহপূৰ্ণ কথাৰে বুজাই ঘৰলৈ আহিল। ৰোহণৰ বিজ্ঞানৰ পৰীক্ষা হৈ গ’ল। মেট্ৰিক পৰীক্ষাৰ কেন্দ্ৰ আছিল শিৱানীহঁতৰ নিকেতনৰ ওচৰৰে বিদ্যালয়খন। পৰীক্ষা শেষ হোৱাৰ পিছত শিৱানীয়ে স্কুলত থাকোঁতে আয়া এগৰাকীয়ে আহি শিৱানীক ক’লে—“ ৰোহণে আপোনাক লগ কৰিবলৈ গেটৰ মুখত আহি ৰৈ আছে।” শিৱানী ওলাই আহিল, ৰোহণৰ উজ্জ্বল মুখ খন দেখিয়েই শিৱানীয়ে গম পাই গ’ল তাৰ পৰীক্ষাৰ খবৰ। সি ক’লে—“আৰ্চাৰ্যা, সেইদিনা আপুনি আমাৰ ঘৰলৈ নোযোৱা হ’লে মোৰ যে পৰীক্ষা কি হ’লহেঁতেন! আজি মোৰ পৰীক্ষা ভাল হৈছে নহয়! আৰু আপোনাক খবৰটো দি যাওঁ বুলিয়েই মই ৰৈ আছোঁ।” তাৰ কথা শুনি শিৱানীৰ মনটো উৎফুল্লিত হৈ উঠিল – সঞ্জয় আৰ্চাৰ্যই ছাত্ৰজনক লগ পোৱা সেই দিনটোৰ দৰে।