শিক্ষকতা জীৱনৰ কিছু অনুভৱ—৬ (নিবেদিতা বৰি)

“পৰীক্ষা বেয়া হোৱাৰ বাবে ”

স্কুলৰ পৰা আহি শিৱানীয়ে মুখ হাত ধুই আদা দিয়া ফিকা চাহ একাপ ধুনীয়াকৈ বনাই লৈ আগফালৰ চকীখনত বহিল।দিনটোৰ সকলো ভাগৰ যেন চাহকাপেই আঁতৰাই নিব ৷ কিন্তু দুর্ভাগ্য ! চাহকাপত প্ৰথম শোহাটো মাৰিছিলহে মবাইল ফোনটো বাজি উঠিল।
হেল্ল’ হেল্ল’….আর্চায্যা…..
হেল্ল’ হেল্ল’….আর্চায্যা….. মই…মই পূজাৰ মাকে কৈছো ।
“অঁ, কওকচোন…”
“অ’ হেৰি নহয়,আমাৰ এই বাৰু সমাজবিজ্ঞানত ইমান কম নম্বৰ কেনেকৈ পালে?মই আচৰিতেই হৈছো জানে”?
“তাই কিমান পাইছেনো?”
“৩৭, ছয় মাহিলীত ৬২ পাইছিল। মোৰ সন্দেহ হৈছে,কিজানি নম্বৰটো মার্কচিটতওলোটাকৈ দিছে বা!তাই পৰীক্ষাই বেয়া কৰিছিল নেকি! বেয়া হ’বটো নালাগিছিল ।মইটো প্ৰশ্নকাকতখন পুনৰ চাইছো,তেনেই সহজ। আপোনালোক ভিতৰচৰাৰ মানুহ,বহীখন পাৰিলে চাই দিব নেকি? চাবছোন ক’তনো ভুল হ’ল? যাতে আগলৈ তেনে ভুল নকৰে, তাৰবাবে চেষ্টা কৰিব পাৰিম”।
“আজি ৰিজাল্ট ওলাইছেহে,দুদিন মান বাট চাব লাগিব আপুনি”—শিৱানীয়ে ক’লে।
এইবুলি কৈ যেনেতেনে ফোনটো এৰি শিৱানীয়ে চাহ কাপলৈ চালে।বেচেৰা চাহকাপ অনাদৰ হৈ পৰি আছে। চাহৰ চেঁচা আৰু কোনে খাব!চাহকাপ তাই পেলাই দিলে।দিনটোৰব্যস্ততাৰ অন্ততো ঘৰলৈ আহি শান্তি নাই।শিৱানীৰ পূজাৰ মাকলৈ খং এটা উঠি আহিল।তেওঁৰ ছোৱালীজনীয়ে বছৰটোত ছয়মাহিলী পৰীক্ষা এটা দিছে,চাৰিটাকৈ ইউনিট পৰীক্ষা দিছে,প্ৰতিখন পৰীক্ষাবহী ঘৰলৈকে গুচি গৈছে, অথচ বছৰেকীয়া পৰীক্ষাৰ বহীখন চাব পাৰিলেহে জীয়েকে কৰা ভুল ভৱিষ্যতলৈ নহ’ব বুলি সাৱধান হ’ব।কি যে আশ্চযৰ্কৰ কথা!শিৱানীৰ চিন্তাত যতি পৰিল,তাইৰ মাকৰ পৰা ফোন আহিল,আহি আছো বুলি।মামা ঢুকাল,বৰতীয়া দিবলৈ আহিছে,শিৱানীৰ তাতো এখন্তেক সোমাই যাব বুলিকৈছে।
তাইৰ মাকহঁত যোৱাৰ এঘন্টাৰ পাছত ৰুবীবাইদেউ আহিল,শিৱানীৰ পৰা চুৱেটাৰৰ ডিঙি ভঙা শিকিবলৈ৷
এনেদৰে দিনটোৰ ব্যস্ততাৰ অন্তত ৰাতি তাই পাকঘৰত সোমাবলৈ লৈছেহে,তেনেতে আকৌ পূজাৰ মাকৰ ফোন আহিল।তাইৰ খংটো উঠি আহিছিল যদিও বহুত ধৈৰ্য্য ধৰি ফোনটো ৰিচিভ কৰিলে।

“আর্চাযা,বেয়া নাপাব;আকৌ আমনি কৰিলো। আচলতে আপুনি আমাৰঘৰুৱা মানুহৰ দৰে বাবেহে অনুৰোধ কৰিছো—তাইৰ পৰীক্ষাবহীখন এবাৰ চাই দিবছোন,নহ’লে ৰেকর্ডবুকত থকা নম্বৰটো শুদ্ধ হৈছেনে নাই চাই দিব।চাওঁক,মোৰবিশ্বাস কেনেকৈ হ’ব,মই প্ৰশ্নকাকতখন আকৌ এবাৰ চালো,ইমান সহজ। তাই ১ নংপ্ৰশ্নৰ (খ) আৰু (ঙ) নম্বৰ উত্তৰহে পৰা নাই। জিলাৰ মেপ চাৰিসীমাসহআহিছে,তাই পাৰেই।সূত্ৰ লিখি উদাহৰণ দিয়া—জলপ্ৰপাত,হ্ৰদ,পৰ্বত – এইকেইটাও তাই পাৰেই,মুখস্থ লৈছিলো। পক্ষী উদ্যান-দীপৰ বিল, অসমৰআন্ত:ৰাষ্ট্ৰীয় বিমানঘাটি – গোপীনাথ বৰদলৈ বিমানঘাটি, ৪২ৰ শ্বহীদ – কনকলতা,মুকুন্দ কাকতী , সকলো পাৰেই দেখোন।সেই কাৰণে মই বিশ্বাস কৰিবলৈ টান পাইছো;কিজানিবা উত্তৰ বহীৰ নম্বৰ হিচাপ কৰোঁতেই ভুল হ’ল বা!আপোনাক মই অনুৰোধ কৰিছোঁ,কিবা এটা কৰি দিয়ক..”

“অকনো চিন্তা নকৰিব,নিয়মৰ কথা,নিয়মৰ মাজেৰে যাব লাগিব।আপুনি প্ৰধান আর্চাযলৈ দর্খাস্ত এখন লিখক,পেপাৰ কল কৰক,নিজে চাব পাৰিব,ছোৱালীজনীয়ে ক’ত কি ভুল কৰিছে….”ফোনটো থৈ শিৱানীয়ে পাকঘৰৰ কামত লাগিল যদিও মন দি ৰন্ধাবঢ়া কৰিব নোৱাৰিলে।পূজাৰ মাকৰ কথাকেইটাই মনত পাকঘূৰণি খাই থাকিল।পূজাৰ বহীখন বিষয় শিক্ষকে চাওঁতে সঁচাই কিবা গণ্ডগোল থাকি গ’ল নেকি!নে মাকে জীয়েকক পঢাওঁতে পঢাওঁতে জীয়ৰীৰ বিষয়টো আয়ত্তলৈ অহাতকৈ মাকৰহে কিতাপখন মুখস্থ হ’ল;কাৰণ পৰীক্ষা শেষ হোৱাৰ এমাহৰ পিছতো মাকৰ গোটেই প্ৰশ্নকাকতখন মুখস্থ হৈ থকাৰ দৰে।কেনেবাকে যদি এইটো বিষয় শিক্ষকৰ ভুল তেন্তে গোটেই ষ্টাফৰে বদনাম হ’ব।এনেদৰে নানা খেলিমেলি চিন্তাত বুৰ গৈ তাই পাকঘৰৰ কাম শেষ কৰিলে;কিন্তু খাবৰ সময়ত যেতিয়া ধুনে দালিত নিমখ হোৱা নাই বুলি আপত্তি কৰিলে তেতিয়াহে তাই গম পালে অন্যমস্কতাৰ বাবে সঁচাকৈ নিমখ দিবলৈকে থাকি গ’ল।

প্ৰাইভেট স্কুল বাবে কিমান যে অভিভাৱকৰ আপত্তি শুনিব লগা হয়! কিছুমান আপত্তিৰ মূল্য থাকে, কিছু ক্ষেত্ৰত এই আপত্তিবোৰৰ অতি প্ৰয়োজন অনুভৱ হয়,কিন্তু কিছুমাননিজৰ সন্তানৰ অকৃতকাৰ্য্যতাৰ ক্ষোভ যেন শিক্ষক সকলৰ ওপৰতহে জাৰিব!

শিৱানীৰ বহু ৰাতিলৈকে টোপনিনাহিল। মাতৃসকলে সন্তানক কিমান বিশ্বাস কৰিব পাৰে? শিৱানীৰ সন্তান ধুন সেইস্কুলৰে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ। সমাজ বিজ্ঞান বিষয়ত এটা ‘ইউনিট’ পৰীক্ষাত এবাৰসি বৰ কম নম্বৰ পাইছিল; তাই নম্বৰ দেখি হতাশ হৈ পৰিছিল কিন্তু বহীখন মেলিচাই তাইৰ ভুল ভাগিল, সি সকলো প্ৰশ্নৰ উত্তৰ কৰিছে আৰু পাৰিছেও কিন্তু মেছোপটেমিয়া শব্দটো যেতিয়া মেছোপটিয়া, ধনতন্ত্ৰ শব্দটো ধননন্দ,তেনেদৰে লক্ষ্মীনাথ বেজবৰুৱাৰ ঠাইত লক্ষ্মীনাথ বজৰুৱা – এনেধৰণৰ ভুলৰ বাবে সি নম্বৰ নাপাইছিল। ১ নম্বৰ থকা খালী ঠাইৰ উত্তৰত যদি বানানটোৱেই ভুল হয়,পৰীক্ষকজনৰ পৰীক্ষাবহীখন মূল্যাংকন কৰাত অসুবিধা হয়। শিৱানীয়ে বহুতো অভিভাৱকৰ পৰাইএনে আপত্তি শুনে—“ল’ৰাই সকলো পাৰে কিন্তু পৰীক্ষাত নম্বৰ কম পায় আৰু তাই লক্ষ্য কৰে তেনে আপত্তি থকা ছাত্ৰকেইজনৰ প্ৰায়ভাগৰে হয় বানান ভুল নহয় নম্বৰ অনুসৰি প্ৰশ্ন উত্তৰ লেখিবলৈ থাকি যোৱা অর্থাৎ চঞ্চল মনেৰে পৰীক্ষা হ’লতবহা।

তাই অনুভৱ কৰে জ্ঞান অর্জনৰ বাবে পঢ়া আৰু পৰীক্ষাত ভাল নম্বৰ পাবৰ বাবে পঢ়া একে নহয়।পৰীক্ষাৰ বাবে প্ৰশ্নকাকত তৈয়াৰ কৰাৰ কিটিপটোৰ আনুমানিক জ্ঞান থাকিব লাগিব আৰু সেইমতে উত্তৰ লিখিবলৈ জানিব লাগিব।যেতিয়া নতুন ক্লাচ আৰম্ভ হ’ল এদিন শিৱানীয়ে বহু কষ্টেৰে ৪০০ ছাত্ৰ-ছাত্ৰীৰ বহীৰপৰা পূজাৰ বহীখন বিচাৰি উলিয়াই চালে।অৱশ্যে পূজাৰ দেউতাকে পেপাৰ কল কৰি বহীখন চাই জীয়েকক বোলে পিটিছিল কাৰণ জীয়ৰীৰ পৰীক্ষা ভাল হৈছে,শিক্ষকেহে বহীচোৱাত গণ্ডগোল কৰিছে বুলি মাকৰ আপত্তি শুনি শুনি দেউতাকৰ মূৰ কামোৰণিহৈছিল;তাই বহীখনত উত্তৰ বুলি যি কেইটা পাৰিছিল সেই কেইটাই লিখিছিল আৰুশিক্ষকেও ঠিকমতে নম্বৰ দিছিল। এদিন পূজাৰ মাকে শিৱানীক ফোন কৰি কৈছিল—সমাজবিজ্ঞানৰ পৰীক্ষাৰ দিনা ৰিক্সাৱালাটোৱে তাইক দেৰি কৰাই দিছিল যাৰ বাবে পূজাই পৰীক্ষাহ’লত পেপাৰ দিয়াৰ ১০ মিনিট দেৰিকৈ বহিব পাৰিছিল,সেই বাবে নার্ভাছ কৰি তাই প্ৰশ্ন উত্তৰ সকলো পাহৰি পেলাইছিল।

শিৱানীয়ে এতিয়া কোনটো কথা বিশ্বাসত ল’ব—“ছোৱালীক পঢাওঁতে মাকৰহে কিতাপখন মুখস্থ হ’লনে ছোৱালীজনীয়ে বিষয়টো ভালদৰে আয়ত্ত কৰিব পৰা নাই নে পৰীক্ষা হ’লত দেৰিকৈ উপস্থিত হৈ পূজাৰ পৰীক্ষা বেয়া হ’ল”।

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!