শিক্ষকতা জীৱনৰ কিছু অনুভৱ -২১ (-নিবেদিতা বৰি)
শনিবাৰ দিনটো আহিলেই শিৱানীৰ আগত ধুনৰ আপত্তিৰ সীমা নাইকিয়া হয়। তাৰ স্কুলৰ সংস্কাৰ পত্ৰখনত কেতিয়াও সি সকলো প্ৰশ্নতে “১” নাপায়, যাৰ বাবে সি লগৰ-সমনীয়াৰ সন্মুখত আচাৰ্যক কৈফিয়ৎ দিব লগা হয়। নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলৰ এখন সংস্কাৰ-পত্ৰ থাকে, সেই পত্ৰখনত ছাত্ৰ-ছাত্ৰীসকলে দৈনিক পালন কৰিবলগীয়া ধৰা-বন্ধা নিয়ম কিছুমান লিখা আছে, যেনে, পুৱা সূৰ্যোদয়ৰ আগতে বিচনাৰপৰা উঠে নে নাই/ প্ৰাত:ভ্ৰমন কৰিছেনে নাই/ প্ৰা্ৰ্থনা কৰেনে নাই/ পুৱা উঠি পিতৃ-মাতৃক সেৱা কৰেনে/ সময়মতে পঢ়া-শুনা কৰেনে নাই/ সদায় বিদ্যালয়লৈ যায়নে/ ডাঙৰৰ কথা শুনেনে/ সন্ধ্যাবন্দনা কৰেনে আদি। এই নিয়ম-কানুনবোৰ ছাত্ৰ-ছাত্ৰীসকলে পালন কৰা/নকৰা উত্তৰ ৰাতি শুবলৈ যোৱাৰ আগতে সংস্কাৰপত্ৰত পূৰাব লাগে, যদি নিয়ম পালন হৈছে তেন্তে নিয়ম পালনৰ ঘৰত “১” দিব লাগে আৰু পালন কৰিব নোৱাৰিলে পালন কৰিব নোৱাৰা ঘৰত “শূন্য” দিব লাগে আৰু প্ৰতি দিনে অভিভাৱকে নিৰীক্ষণ কৰি চহী কৰিব লাগে। ছাত্ৰ-ছাত্ৰীসকলৰ গণ্ডগোল লগা ঘৰকেইটা হ’ল পুৱা সূৰ্যোদয়ৰ আগতে বিচনাৰপৰা উঠা, পিতৃ-মাতৃক সেৱা কৰা আৰু ডাঙৰৰ কথা শুনা। ধুনৰ সমস্যাও একেই, সি পুৱা সোনকালে উঠিব নোৱাৰে, গতিকে তাৰ প্ৰথমঘৰটোত মাক শিৱানীয়ে তাক “শূন্য” দিবলৈ কয়। অৱশ্যে “শূন্য” দিয়াৰ বাবে তাৰ আপত্তি নহয়, আপত্তি হ’ল “শূন্য” পোৱা বাবে তাক লগৰবোৰে জোকায়। সিহঁতে তাক কয় যে নিয়ম-পালন কেতিয়াবা কৰিব নোৱাৰিলেও সিহঁতে সংস্কাৰ-পত্ৰত “শূন্য” নিদিয়ে। কাৰণ শ্ৰেণীৰ লগৰবোৰৰ আগত এয়া যেন সিহঁতৰ বাবে লাজৰ কথাহে! প্ৰতি শনিবাৰে আচাৰ্যই সংস্কাৰ-পত্ৰ নিৰীক্ষণ কৰে আৰু শনিবাৰ আহিলেই ধুনৰ শিৱানীৰ আগত আপত্তিৰ সীমা নোহোৱা হয়। ল’ৰাৰ আপত্তি শুনোঁতে শুনোঁতে শিৱানীৰ মনত খেলালে তাই যিহেতু সপ্তম শ্ৰেণীৰ আচাৰ্যা, গতিকে সপ্তম শ্ৰেণীতে বিচাৰ ল’ব লাগিব। এৰা, কথাটো হয়, সংস্কাৰ-পত্ৰ তায়ো নিৰীক্ষণ কৰে, কিন্তু সকলোতে “১” –ৰে পূৰ হৈ থকাৰ বাবে কোনো দিন বিচাৰ লোৱা নহয়।
সদায় নিৰীক্ষণ কৰাৰ দৰে সেইদিনাও শনিবাৰে শিৱানীয়ে সংস্কাৰ-পত্ৰ নিৰীক্ষণ কৰিবলৈ বহিল। তাই দেখিলে যে সঁচাকৈয়ে প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ সংস্কাৰ-পত্ৰত “শূন্য” নায়েই। শিৱানীয়ে জেৰা আৰম্ভ কৰিলে—“বাহ, কেনে ভাল আমাৰ ছাত্ৰ-ছাত্ৰীসকল, কোনোজনে এটাও নিয়ম এদিনো ভংগ কৰি পোৱা নাই। জানুৱাৰী, ফেব্ৰুৱাৰী আৰু এতিয়া মাৰ্চ, এই কেইমাহত আমাৰ কোনো ছাত্ৰ-ছাত্ৰীৰে ঘৰত বা সম্পৰ্কীয় মামা বা খুড়াৰ ঘৰত একো পতা নাছিল। কোনো ফুৰিবলৈও যোৱা নাছিল। আনকি মাঘৰ বিহুৰ বন্ধতো ফুৰিবলৈ যোৱা নাই, কোনোবা এজনে আকৌ দেওবাৰৰ দিনাও বিদ্যালয়লৈ আহিছে! কাৰণ সংস্কাৰ-পত্ৰ এখনতো এটা “শূন্য”ও দেখা নাই”। শিৱানীৰ কথা শুনি ছাত্ৰ-ছাত্ৰীসকল নিমাত হ’ল। কেইটামানে আকৌ মুখ টিপি হাঁহিছে। “বিহুৰ দিনা ডাঙৰক কোনে কোনে সেৱা কৰা?” শিৱানীয়ে সুধিলে। দুজনমানৰ বাদে বাকী ছাত্ৰ-ছাত্ৰীসকল থিয় হ’ল। “সদায় পুৱা উঠি কোনে কোনে মা-দেউতাক সেৱা কৰা?” কেইজনমান ছাত্ৰহে থিয় হ’ল। চাৰিজনমানে চিঞৰিলে—“আমি ককাক সেৱা কৰি স্কুললৈ আহোঁ।” শিৱানীয়ে পুনৰ ক’লে—“আমাৰ আকৌ মা-দেউতাক সেৱা কৰি স্কুল আহিবলৈকে লাজ লাগে! কাৰোবাৰ আকৌ মাৰ লগত থেনথেনাই লাগি থাকোঁতেই যায়, নহয় জানো? হয়নে নহয় কোৱাচোন?”
“নহয় আচাৰ্যা, মই এদিন মাক সেৱা কৰিছিলোঁ, মায়ে “সে..ই” বুলি কৈ আঁতৰি গ’ল। দেউতাক কেতিয়াবা কেতিয়াবা কৰা হয়….. অৱশ্যে দেউতাই কৈছে, ৰ’ আৰু অলপ বুঢ়া হৈ লওঁ অ’।”
শিৱানীয়ে ভাবে,পিতৃ-মাতৃ বা জ্যেষ্ঠজনক সেৱা কৰিবলৈ শিকোৱাৰ মূলতে হ’ল ডাঙৰৰ প্ৰতি শ্ৰদ্ধা তথা ভক্তিভাৱ জন্মোৱা। তেনে সন্তান কেতিয়াও পিতৃ-মাতৃৰ অবাধ্য হ’ব নোৱাৰে। তাৰোপৰি বেয়া কাম বা বেয়া আচৰণ কৰিবলৈ সেই শিশুটি সদায় থমকি ৰ’ব আৰু এনে আচৰণে তাৰ জীৱন-গঢ়াত যথেষ্ট অৰিহণা যোগাব।
শিৱানীয়ে আকৌ সুধিলে—“পুৱা পিছে কোনে কোনে সোনকালে উঠা?”৩০গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাথোঁ ১৫ গৰাকীহে থিয় হ’ল। শিৱানীয়ে এইবাৰ সিহঁতক কঠোৰ নিয়ম বান্ধি দিলে—“সংস্কাৰ-পত্ৰখন সত্যৰ মুখা-মুখি হৈ পূৰাবা। মিছাক প্ৰশ্ৰয় নিদিবা। যিকেইটা নিয়ম পালন কৰিব পৰা নাই সেইকেইটা ঘৰত সদায় “শূন্য”ই দিবা। চেষ্টা কৰা যাতে নিয়মপালন কৰিব পৰা বাবেহে “১” দিছা। এতিয়াৰপৰা যিসকলে দেওবাৰেও স্কুল অহা বুলি “১” দিয়ে সেইসকলকহে শাস্তি দিয়া হ’ব।” এইদৰে শিৱানীয়ে কঠোৰ নিৰ্দেশ বান্ধি দিয়াৰ পাছত তাই লক্ষ্য কৰিলে ছাত্ৰ-ছাত্ৰীসকলে পিছৰ সপ্তাহবোৰত শুদ্ধমনেৰে সংস্কাৰ-পত্ৰ পূৰাইছে যাৰ বাবে তাই সংস্কাৰ-পত্ৰত “শূন্য” দিয়া ঘৰো পিছলৈ দেখা পোৱা হ’ল। মাতৃসকলৰ প্ৰতি শিৱানীৰ এটাই অনুৰোধ থাকিল—“ সংস্কাৰ-পত্ৰখন শুদ্ধমনেৰে মিছাক প্ৰশ্ৰয় নিদিয়াকৈ পূৰাবলৈ আপোনালোকৰ শিশুটিক সহায় কৰক”। যিবোৰ নিয়ম পালন কৰিব পৰা নাই তাত ঘৰখনৰ প্ৰভাৱ থাকে। কাৰণ শিৱানীৰ ক্ষেত্ৰতে সেইটো পৰিলক্ষিত হৈছে। শিৱানীহঁতৰ ৰাতি শুবলৈ যোৱা দেৰী হোৱা বাবে পুৱা উঠাও দেৰী হয় যাৰ বাবে ধুনৰ সংস্কাৰ-পত্ৰত “শূন্য” দিব লগা হয় আৰু এতিয়া ঘৰত সময়মতে সোনকালে শুবলৈ চেষ্টা কৰিব লগা হৈছে যাতে ধুনৰ সংস্কাৰ-পত্ৰৰ প্ৰথম ঘৰত “১” দিব পৰাৰ লগতে সোনকালে শোৱাৰ পৰা উঠিব পৰাৰ ভাল অভ্যাস গঢ় লৈ উঠে। পুৱা দাঁত-ব্ৰাছ কৰিছেনে নাই, সময়মতে গা ধুইছেনে নাই, মায়ে দিয়া ভাতকেইটা ভালদৰে খাইছেনে নাই, ডাঙৰৰ কথা নুশুনে নেকি আদি দৈনন্দিন জীৱনৰ এই সৰু সৰু নিয়মবিলাকে পুথিগত শিক্ষাৰ লগতে এটি শিশুক জীৱন গঢ়াত বিশেষ অৰিহণা যোগায়।