শিক্ষক জীৱনৰ কিছু অনুভৱ—১০ (নিবেদিতা বৰি)
(“কিয় অভিভাৱকে ৰিজাল্টবোৰ আগতীয়াকৈ গম পাই যায়!” এয়াটো শিক্ষকসকলৰে দোষ। বিদ্যালয়ত কিছুমান কটকটীয়া নিয়ম বন্ধা থাকে। ইউনিটেই হওক, ছয়মাহিলীয়েই হওক বা বছৰেকীয়া পৰীক্ষাই হওক বহী ঘূৰাই দিয়াৰ আগেয়ে নম্বৰ ৰাজহুৱা কৰাটো নিষেধ।)
প্ৰতি বছৰে বছৰেকীয়া পৰীক্ষাৰ ফলাফলৰ দিনা শিৱানীৰ নতুন নতুন অভিজ্ঞতা হয়। আজিও হ’ল। চাৰে দহ বজাত শিৱানীয়ে স্কুল পালেগৈ। কৰিবলগীয়া যাৱতীয় কামখিনি আচাৰ্যই শেষ কৰি প্ৰধান আচাৰ্যলৈ বাট চাই আছে, কাৰণ ৰিজাল্টৰ তালিকাখনত প্ৰধান আচাৰ্যই চহী কৰিলেহে নটিচ-বর্ডত লগাব পৰা হ’ব। তদুপৰি ১১ বজাত ফলাফল ঘোষণা হোৱা নিয়ম আগৰে পৰা চলি আহিছে । অভিভাৱক, অভিভাৱিকা, ছাত্ৰ-ছাত্ৰী সকলোৱে উৎকণ্ঠাৰে বাট চাই আছে ফলাফল ঘোষণা হোৱালৈ বুলি। শিৱানীৰ লগৰ ৰাজীৱ আচাৰ্যৰ পত্নীও আহি শিৱানীৰ লগত একেলগে কথা পাতি আছে, হঠাতে নূপুৰ বোলা ছাত্ৰজনে তাইক মাত লগালেহি—‘মামী, আজি আপুনি আমাৰ স্কুললৈ আহিল যে?’ নূপুৰ ৰাজীৱৰ দূৰ সম্পৰ্কীয় ভাগিন। নূপুৰে ওলোটাই মামীয়েকৰ পৰা গালিহে খালে। তাই ক’লে—“মামাৰৰ সৈতে ঘৰৰ পৰা এপাক আহোঁগৈ। পিছে তোক এইবাৰ ভালকৈ পিটিব লাগিব। গম পাইছনে নাই তোৰ যে ৰোল নং ১ৰ পৰা ৩ পালেগৈ। তই পঢ়াত বেয়া হৈছ’!” নূপুৰ ৰঙা-চিঙা পৰি চুপ হৈ থাকিল । শিৱানী অবাক। শিৱানীয়েই নাজানে নূপুৰৰ ৰিজাল্ট! তাতে ইমানবোৰ অভিভাৱক ৰিজাল্টৰ বাবে অপেক্ষা কৰি আছে। ইফালে ৰিজাল্ট আগতীয়াকৈ ওলালেই! এগৰাকী অভিভাৱকে কথাবোৰ শুনি টপৰাই মাত লগালে, নিজৰ মানুহ থাকিলে আগতীয়াকৈ ৰিজাল্ট পাই যাই ন’। শিৱানীয়ে সাংঘাটিক অপমানবোধ কৰিলে। তাই আজি এনেদৰে অপ্ৰস্তুত হ’বলগীয়া হ’ব বুলি ভবাই নাছিল। যি কি নহওঁক সেই সময়কণ পাৰ হৈ ১১ বাজিল। ৰিজাল্টশ্বিট বর্ডত লগাই দিয়া হ’ল। ভিতৰচ’ৰাত প্ৰতিটো শ্ৰেণীৰ মার্কশ্বিট একো একোজন আচাৰ্যৰ দায়িত্বত চহী কৰি কৰি অভিভাৱকসকলে মার্কশ্বিট নি আছে। শিৱানীয়ে অষ্টম শ্ৰেণীৰ মার্কশ্বিটৰ দায়িত্ব ল’লে। নিৰিবিলি কাকতিৰ দেউতাক আগবাঢ়ি আহিল। শিৱানীয়ে নিৰিবিলিৰ মার্কশ্বিটখন চাই উৎসাহেৰে দেউতাকক ক’লে-“আপুনি আমাক চাহ একাপ খুৱাই যাব পাৰে, কাৰণ ছোৱালীৰ ৰোল নং ৭ৰ পৰা ৩লৈ আহিছে।” দেউতাকে টপৰাই উত্তৰ দিলে, “ৰোল নং আগলৈ আহিলে কি হ’ব? ৮০ শতাংশ হে পাইছে! ৯০ৰ ওপৰ পালেও মনটো ভাল লাগিলেহেঁতেন!” মার্কশ্বিটখন নেদেখাকৈয়ে যেতিয়া নিৰিবিলিৰ দেউতাকে শিৱানীক তেনেদৰে ক’লে, শিৱানীৰ কাণ-মূৰ গৰম হৈ গ’ল। “কিয় অভিভাৱকে ৰিজাল্টবোৰ আগতীয়াকৈ গম পাই যায়!” এয়াটো শিক্ষকসকলৰে দোষ। বিদ্যালয়ত কিছুমান কটকটীয়া নিয়ম বন্ধা থাকে। ইউনিটেই হওক, ছয়মাহিলীয়েই হওক বা বছৰেকীয়া পৰীক্ষাই হওক বহী ঘূৰাই দিয়াৰ আগেয়ে নম্বৰ ৰাজহুৱা কৰাটো নিষেধ। ৰিজাল্টৰ আগত ৰিজাল্টৰ বিষয়ে প্ৰচাৰ হোৱাটো নিষিদ্ধ। তেনেদৰে পৰীক্ষাহলত ছাত্ৰ-ছাত্ৰীক সহায় কৰিব বিচৰাটোও নিষেধ । কোনো ছাত্ৰই পৰীক্ষাহলত প্ৰশ্ন বুজি নাপাই শিক্ষকক সুধিলে শিক্ষকে সকলোৱে শুনাকৈ প্ৰশ্নটো পঢ়ি অর্থটো বুজাই দিব লাগে। এনেবোৰ নীতি অতি কঠোৰভাৱে বন্ধা থাকে। তথাপিও কিয় এনে হয়? কিয় কিছুলোকে কথা ৰাখিব নোৱাৰে? এনেবোৰ কামৰ বাবে যে একোখন বিদ্যালয়ৰ পৰিবেশ বিনষ্ট হয়, সমূহ শিক্ষক দোষী হ’বলগা হয়, ভুল কৰাজনে এবাৰ ভাবেনে?
এবাৰ শিৱানী বৃত্তি পৰীক্ষাৰ পেপাৰ মডাৰেচনৰ বাবে যাব লগা হৈছিল। তাই ভাবি আচৰিত হৈছিল অভিভাৱকে সেই কথা কেনেকৈ গম পালে? এদিন এগৰাকী বৃত্তি পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ মাক শিৱানীৰ ঘৰলৈ আহিল। মৰমতে লৈ আহিছিল ঘৰৰে এথোক জাহাজী কল আৰু গৰু গাখীৰ এপোৱা। এদিন নিমন্ত্ৰণ কৰি থৈ গৈছিল তেওঁলোকৰ ঘৰলৈ। নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ যাওঁতেহে উৰহী গছৰ ওৰ ওলাল। ছাত্ৰীগৰাকীৰ পঢ়াৰ বিষয়ে আলোচনা কৰোঁতে মাকে পাকমাৰি ধৰিলে শিৱানীক। বিজ্ঞানৰ কিতাপখন আনি মাকে কাকূতি মিনতি কৰিলে–“আপুনি পেপাৰ মডাৰেচনত আছিল বোলে! কিতাপত দাগ দি থৈ যাওঁকচোন । শিৱানীৰ ভিতৰি ভিতৰি খং উঠি আহিছিল যদিও মুখেৰে সেই ভাব প্ৰকাশ নকৰি ক’লে—‘আপোনালোকে ভুলকে শুনিছে, মই পেপাৰ মডাৰেচনত নাই।’ কিন্তু মাকগৰাকী নাচোৰবান্দা । অৱশেষত শিৱানীয়ে বিজ্ঞানৰ কিতাপখনত সঁচাই মিছাই পেন্সিলেৰে দাগ কিছুমান দি বিদায় ল’লে। ছাত্ৰীগৰাকীয়ে দিব ওলাইছিল এল.পি বৃত্তি আৰু তাই এম ই বৃত্তি পেপাৰ মডাৰেচনত আছিল। তদুপৰি তাই এল.পি শাখাত বিশেষ একো বিষয়েই পোৱা নাছিল। কিন্তু এই যে পেপাৰ মডাৰেচনত গৈছে সেই কথাটো কেনেদৰে সংগ্ৰহ কৰি তাইক সেই অভিভাৱকগৰাকীয়ে এনে এটা পৰিস্থিতিৰ সন্মুখীন কৰালে সেইটো ভাবিহে তাই আচৰিত হ’ল।
–**–