শিক্ষা বিভাগৰ অশিক্ষা: ৰাজীৱ ৰঞ্জন
(শিক্ষাৰ ক্ষেত্ৰত এক জাগৰণ অনা বুলি অনবৰতে ফিতাহি মাৰি থকা চৰকাৰখনে আচলতে কি কৰি আছে বাৰু? কি উন্নতি আনিছে এই শিক্ষা ব্যৱস্থাই?)
নৱেম্বৰ মাহটোৰ এটা সুকীয়া গুৰুত্ব আছিল স্কুলীয়া জীৱনত। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে বাছনি পৰীক্ষা পাতে নৱেম্বৰত। দশমমানৰ ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়ৰ নিম্ন ‘ক্লাছ’ৰ সক’লোৱে মিলি বিদায় দিয়ে। বাছনি পৰীক্ষাত উত্তীৰ্ণ হ’লেহে মাৰ্চত শিক্ষান্ত পৰীক্ষাত বহিবলৈ দিয়ে। গতিকে বাছনি পৰীক্ষা অতিকৈ গুৰুত্বপূৰ্ণ। সৰুমাহী, মই পঢ়া বিদ্যালয়খনৰে বিজ্ঞানৰ শিক্ষয়িত্ৰী। এইবাৰ ঘৰলৈ যাওঁতে মাহীয়ে বাছনি পৰীক্ষাৰ উত্তৰবহী পৰীক্ষা কৰি নম্বৰ দি আছিল। দুখনমান বহী ময়ো কাষতে বহি লৈ চালোঁ কিনো লিখিছে বুলি। ১০০ ৰ ভিতৰত নম্বৰ পাইছে ০৩, ০৯, ১১ ইত্যাদি। বেয়া লাগিল মনটো। মই ক’লো এইবাৰ দেখোন শিক্ষান্ত পৰীক্ষাত বহিবলৈ বেছিভাগেই নোৱাৰিব। বিজ্ঞানত এনে নম্বৰ আৰু উত্তৰ যেতিয়া বাকীবোৰতো বিশেষ ভাল হোৱাৰ আশা নাই। শেঁতা হাঁহি এটাৰে মাহীয়ে উত্তৰ দিলে যে শিক্ষান্ত পৰীক্ষাৰ কাৰণে প্ৰ-পত্ৰ পূৰণৰ কাম ইতিমধ্যেই হৈ গৈছে। গতিকে ৩, ৫, ১১ নম্বৰ পোৱা সক’লোৱেই মেট্ৰিক পৰীক্ষা দিব। যোৱা বছৰ স্কুলৰ ফলাফল প্ৰায় ৯০% উত্তীৰ্ণ। এইবাৰো প্ৰায় তেনেকুৱাই হ’ব।
শিক্ষাৰ ক্ষেত্ৰত এক জাগৰণ অনা বুলি অনবৰতে ফিতাহি মাৰি থকা চৰকাৰখনে আচলতে কি কৰি আছে বাৰু? কি উন্নতি আনিছে এই শিক্ষা ব্যৱস্থাই?