শিপাৰ যাতনা – সুপ্ৰকাশ ভূঞা


“It is humiliating. But perhaps that is a good point to start from again. Perhaps this what I must learn to accept. To start at ground level. With nothing. Not with nothing but. With nothing. No cards, no weapons, no property, no rights, no dignity.
: Like a dog. (Lurie replies.)
:Yes, like a dog .( Lucy responds.)”
–J.M. Coetzee(Disgrace)

দোভাগ ৰাতি তেওঁক বনছাই জোপাই আহি ক’লেহি, : মোক কিয় বাঢ়িবলৈ নিদিলা? নিজৰমতে জীয়াই থাকিবলৈ নিদিলা? মোৰ এনে দশা কৰি কি পালা? সৌন্দৰ্য! নে আনন্দ? আচলতে তোমাৰ আৰু মোৰ মাজত একো পাৰ্থক্য নাই। তুমিয়ো এজোপা বনছাইহে। চোৱা কেনেকৈ কাটি পেলোৱা হৈছে তোমাৰ সেউজীয়া শাখা-প্ৰশাখা, তোমাৰ শিপা। তুমি উভতি যাব পাৰিবানে আকৌ? সম্ভৱনে? — তেওঁ ধহমহাই উঠি আহিল। বেলকনিৰ টাবত থিয় হৈ আছে বনছাইজোপা। নীৰৱ। বহুপৰ তেৱোঁ তাতে থিয় হৈ থাকিল। এসময়ত তেওঁ থিৰাং কৰিলে—তেওঁ উভতি যাব। আগৰ ঠাইলৈ যাবগৈ। গ্লানিদায়ক হ’ব এই যাত্ৰা। হওঁক। কোনো কথা নাই।
তেওঁ যেতিয়া উভতি আহিছিল, তেতিয়ালৈ ৰাস্তাবোৰ পকী হ’ল; পথাৰবোৰত ঠায়ে ঠায়ে ইণ্ডাষ্ট্ৰি বহিল। নৈয়েও সুঁতি সলালে। সৰহভাগ লগ-সমনীয়াই এতিয়া আৰু নাই। থকাখিনিয়েও তেওঁক চিনিব নোৱাৰাকৈ পাহৰি পেলালে।
: বহুত সলনি হ’লি তই! চিনিবই নোৱাৰি! – একেলগে পঢ়া নৃপেনে কোৱা কথাষাৰ তেওঁৰ কাণত বাজি থাকিল গোটেই দিনটো। এৰা, দীৰ্ঘ সময়! কেইবাটাও দশক পাৰ হৈ গ’ল। আৰু ইমানবোৰ ঘটনা ঘটি গ’ল জীৱনত– পঢ়া-শুনা সামৰি চাকৰি, জোৰদাৰ প্ৰেম, বিয়া, ঘৰত দুৰ্ঘোৰ আপত্তি , ত্যাজ্যপুত্ৰ ঘোষণা– মাক-দেউতাকৰ মৃত্যু—গতানুগতিক ছন্দত পত্নী-সন্তানেৰে আৱৰ্তিত সংসাৰ—আৰু সৌসিদিনা চিকিৎসকে কৰা ঘোষণা—প্ৰায় লাষ্ট ষ্টেজ পেচেণ্টৰ। হয়তো কেইমাহমান…. বাহিৰলৈ নিলে কিবা এটা আশা…
তেওঁ বহু কিবাকিবি ভাবিলে। পয়ষ্ঠি বছৰ কম সময় নহয়। ইমান দিনে কি কৰিলে– ঘৰ আৰু চাকৰি। চাকৰি আৰু ঘৰ। সিদিনা আবেলি অকলেই বহিল—বহুদিনৰ মূৰত কেইবাপেগো ল’লে। হঠাৎ বটলৰ ৰঙাখিনিত এটি নাৰীমূৰ্তি।দুবছৰৰ আগতে তেওঁক একেবাৰে এৰি গুচি যোৱা পত্নী নহয়তো। তেওঁ ভালকৈ জুপি চালে। নহয়। তেওঁ নহয়।
:কোন তই? কি কৰিছ ইয়াত?
: মই ছিবিল।
: অ’ তই সেই ছিবিল। সেই পুৰানাৰী– যি অমৰত্ব বিচাৰিছিল।
: হয় হয়, ময়েই ছিবিল। মোক অমৰত্ব নালাগে। মোক মৃত্যু লাগে। জহি-খহি যোৱা এই শৰীৰেৰে বৰ কষ্ট পাইছোঁ। মোক মুক্তি দিয়া।– প্ৰাৰ্থনাৰ ভংগীৰে সেই নাৰীয়ে দুহাত ওপৰলৈ তুলিছে। তেওঁৰ চকুলো বৈ আহিল।
: যা, তোক মুক্তি দি দিলোঁ, যা।– একে শুহাই তেওঁ পানীয়খিনি শেষ কৰি পেলালে।
পাছদিনা তেওঁ একাউণ্টত থকা টকাখিনিৰ হিচাপ ল’লে। ল’ৰা দুটাৰ নামত দিবলগীয়াখিনি কাগজ-পত্ৰ কৰি আজৰি হ’ল। সিহঁত প্ৰতিটোৱেই ব্যস্ত, স্বাৱলম্বী। চিন্তা নাই।
তাৰ পাছত এই ওভতনি যাত্ৰা। নিজৰ পা-পৰিয়ালৰ মানুহখিনিয়েও প্ৰথমে তেওঁক চিনি পোৱা নাই। নিজেই পৰিচয় দিছে। আলহী থকা কোঠাটোতে তেওঁক থাকিবলৈ দিয়া হ’ল। সকলো দূৰে দূৰে আঁতৰি ফুৰিছে। কেৱল ঘৰৰ ঢেঁকুৰাটোৱেহে নেজ জোকাৰি তেওঁৰ পাছে পাছে ফুৰে। তেওঁ আহিবৰ দিন ধৰি তাৰ ৰাজভোগ চলিছে। তেওঁৰ ওচৰলৈ ছেগ বুজি অহা এই ঘৰৰ আনজন সদস্য ধন। তেওঁৰ ভতিজাকৰ ল’ৰা। মাকৰ হকা-বাধা নামানি সি আহে তেওঁৰ ওচৰলৈ। নতুনকৈ হাইস্কুললৈ গৈছে। তাৰো চকু তেওঁৰ ম’বাইলটোতহে। পাবজি খেলিবলৈ কুটুৰি থাকে।
সেই ধনকে লগত লৈ তেওঁ গোটেই গাঁৱখনতে এপাক মাৰিলে। আগৰ প্ৰাণ নাই। কোম্পেনীৰ চাকৰি বিচাৰি গুচি যোৱা ল’ৰাবোৰ–ছন পৰা পথাৰ–তিনিআলিৰ মূৰত, দোকানৰ মুখত উদয়াস্ত চলি থকা কেৰ’ম—দোকানৰ আঁৰ লৈ চলি থকা মদৰ আড্ডাবোৰ— মূৰকত গৈ এইবোৰহে চকুত পৰিল। গাঁওবুঢ়াক লগ কৰি তেওঁ মনৰ কথা ক’লে। :সৰুকৈ পুথিভঁৰাল এটা সজাব খোজোঁ। ডেকা গাঁওবুঢ়াজনে তেওঁৰ মুখলৈ চালে। চকুত কিছু আশ্চৰ্য। : কি কয় এওঁ!– এনে ভাৱ। পৃথিৱীখন ইমান দ্ৰুত গতিত সলনি হৈ গ’ল যে এতিয়া এইবোৰ আচৰিত কথাই। এজন আজৱ মানুহে আহি যেন অদ্ভূত কথা এটা ক’লেহি! : হেৰ’ আজিকালি কিতাপ পঢ়ে জানো! ম’বাইলবোৰহে জুপি থকা দেখোঁ। ম’বাইলতে পঢ়ে বোলে কিতাপ। তথাপি ভাবিছা যে। কৰা তেনে হ’লে। অৱশেষত তেওঁ সন্মতি দিলে।
তাৰ পাছত তেওঁ ধনৰ লগত নাৱেৰে পাৰ হৈ সেই ঠাই টুকুৰা পালেগৈ– য’ত-তেওঁৰ মাক-দেউতাক শুই আছে। তিলফুলবোৰ হালি-জালি ফুলি আছে তাত। সৰুকালি ইয়াতে তেওঁলোকে আলু খেতি কৰিছিল। আলু খান্দি সিজাই খাইছিল। মিঠা আলুৰ সোৱাদ এতিয়াও যেন জিভাত লাগিয়েই আছে। ইমান বছৰ পাৰ হৈ গ’ল।
মানুহজনে বুকুখন চুই চালে। একেইতো আছে। কোনেও চিনি নাপালেও , সকলো আঁতৰি থাকিলেও এতিয়াওতো সলনি হোৱা নাই। তেওঁতো পাহৰি পেলোৱা নাই নিজকে। বুকুখন বিষাই উঠিল তেওঁৰ। বিষাবই। তাতে লাং কেন্সাৰ তেওঁৰ।
বেলি লহিয়াবৰ পৰত সেই ঠাই এৰি দুয়ো নাৱত উঠিল। আকাশে-পানীয়ে গোটেইখনতে ৰান্ধনি বেলিৰ বোল। শৈশৱৰ সেই বিচৰণভূমিৰ পৰা লাহে লাহে আঁতৰি আহিছে নাওখন।
:ধন, কথা এটা কওঁ তোক।
:কওঁক।
: মোৰ কিবা এটা হ’লে ইয়াতে কাঠ সংস্কাৰ কৰিবিহঁক। আই-পিতাইৰ কাষতে।
ধনে একো নক’লে। কেৱল ব’ঠাৰ শব্দহে শুনা গ’ল। চলপ্ চলপ্।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments