শিলৰ চকুলো — নাজমা বেগম
:মানুহজনীয়ে কন্দা নাই।
: বৰ বেলেগ মানুহ দেই।
: ইমান ধৈৰ্য নে?
: থ হেৰ’ ধৈৰ্য। গিৰিয়েকে ঘটি থৈ গৈছে, এতিয়া এইছ’-আৰাম কৰি ঘূৰি ফুৰিব।
মানুহবোৰৰ কথাবোৰত নমিতাই কাণদুখনত সোপা দিছে। চোতালত পৰি থকা নিতুলৰ মৃতদেহৰ কাষত জ্বলোৱা ধূপৰ গোন্ধত উকমুকাই উঠিছে তাই। এই গোন্ধ সহিব নোৱাৰে তাই। তাইতকৈ দুবছৰ সৰু ভায়েকটো পানীত পৰি মৰোঁতে জ্বলোৱা ধূপৰ গোন্ধই তাইক আজিলৈকে মেৰিয়াই ৰাখিছে; সহিব নোৱাৰিছে নমিতাই।
: আইঐ দেহি! এনে তেজে ফুটো ফুটো চেহেৰা অ’। এতিয়াইনো বগা সাজযোৰ পিন্ধিবলৈ পৰভুয়ে কপালত লিখিছিলনে অ? –সমবেদনাৰ নামত মাৰি দিয়া খোচটোৱে ধূপৰ গোন্ধতকৈয়ো দূগুণে অস্থিৰ কৰে নমিতাক।
: আজিকালি আৰু ক’তনো এইবোৰ নিয়ম আছে অ, দুদিন পাছত দেখিবি নহয় ৰেহৰূপ। –ফুচফুচাই কোৱাৰ নামত তাইক শুনাবলৈ কোৱা কথাষাৰ নমিতাই ঠিকেই শুনিলে।
: দেউতা অ, মোৰ মৰমৰ দেউতা অ, মোৰ কলিজাৰ টুকুৰা দেউতা অ –।
বাহিৰত বিস্মিতাৰ গগনফলা চিঞৰত নমিতা আকৌ এবাৰ কোঁচমোচ খাই উঠিল। দুদিনৰ আগতে মোমায়েকৰ ঘৰত ফুৰিবলৈ থৈ অহা কলিজাৰ এফাল ছোৱালীজনীয়ে কেনেকৈ সহে এই যন্ত্ৰণা! তেৰবছৰীয়া আদৰুৱা মনটোত দেউতাকক হেৰুওৱাৰ কোনো আশংকা চাগে কেতিয়াও অহা নাছিল।
: ৰুবু, যাচোন বিস্মিতাক ভিতৰলৈ লৈ আন। — অলেখ টুকুৰা টুকুৰ কথাবোৰ নমিতাৰ এষাৰ গুৰু গম্ভীৰ মাতত ৰৈ গ’ল। কন্দা নাই তেতিয়াও নমিতাই। তাইৰ চকুত চকুপানী অকণমান দেখিবলৈ বিয়াকুল হৈ পৰা মানুহখিনিৰ ওপৰত চকু নিদিয়াকৈয়ে আটাইৰে যেন চকুৰ ভাষা পঢ়ি পেলাইছে তাই।
: মানুহজনী শিল।
: মানুহজনী বেলেগ।
: মানুহজনী অদ্ভুত।
এনেবোৰ অলংকাৰ পিন্ধি পিন্ধিয়েই নমিতাই নিতুলৰ সকাম-নিকাম সকলো পাতিলে। তাইৰ মনৰ ভিতৰলৈ সোমাবলৈ চেষ্টা কৰি অসফল হোৱা, তাইৰ মনৰ ভিতৰখন বুজি নোপোৱা মানুহবোৰে তাইক অহংকাৰী বুলি ক’লে। সকলো সহিলে নমিতাই। তাইৰ কান্দোনত সুখী হওঁ বোলা এজাক মানুহক উত্তৰ দিয়াৰ বেলেগ কৌশল আয়ত্ত কৰিলে।
নিতুলে আৱৰি ৰখা নমিতাৰ পৃথিৱীখন আছিল তেনেই সৰু। বজাৰৰ এখন দোকানো চিনি নোপোৱা নমিতা, এ টি এম কাৰ্ডখন চলাবলৈ সদায় নিতুলক ওচৰত ৰখা নমিতা, ৰুমৰ লগতে সংলগ্ন বাথৰুম থকাৰ পাছতো নিশা টয়লেটলৈ যাবলগীয়া হ’লে গাত জোকাৰি নিতুলক সাৰ পোৱাইহে উঠি যোৱা নমিতাই যেতিয়া তাইৰ চাৰিওকাষে আৱৰি ৰখা চকুযোৰ নেদেখে, ল’ৰা-ছোৱালীহালেও নেদেখাকৈ তাই ষ্ট’ৰ ৰুমত কিম্বা বাথৰুমত সোমাই উচুপি উঠে। সেই চকুলো তাই কাকো নেদেখুৱায়। ল’ৰা ছোৱালীহালৰ বাবে তায়েই সকলো এতিয়া। অকণমান চকুপানীয়ে সিহঁতৰ ওচৰতো তাইক দুৰ্বল দেখুওৱাৰ ভয়ত কঁপি উঠে তাই।
: বৌ কিবা লাগিলে আমাকে ক’ব। দাদাই আমাক বহুত মৰম কৰিছিল, সেই ধাৰ শুজিব লাগিব। — সিহঁতৰ ক’লনীৰ সিটো মূৰৰ ডেকাকেইজনে বৌসম নমিতাক চাৱনিৰে চেলেকি যোৱাৰ সময়ত নমিতাৰ ষষ্ঠ ইন্দ্ৰিয় সক্ৰিয় হৈ উঠে।
: নিশ্চয়, নিশ্চয়। দাদাৰাই নিশ্চয় তোমালোকক এগৰাকী মহিলাক দিবলগীয়া সন্মানখিনিৰ কথা শিকাবলৈ পাহৰি থাকিলে। –প্ৰয়োজনতকৈ নৰম, অনুচ্চ সুৰেৰে কৈ আঁতৰি আহে নমিতা।
নিতুল জীয়াই থাকোঁতে আহিবলৈ সময় নোপোৱা, অত্যন্ত ব্যস্ত মানুহবোৰৰ সময় ওলাল নমিতাৰ ঘৰলৈ আহিবলৈ; কোনোবা একেবাৰে গধূলি সময়ত, কোনোবাজন আহে সন্ধিয়াৰ কাণিমুনি পোহৰত। উঠিবলৈ মন নকৰা সেই মানুহবোৰক অৱশেষত নমিতাই ‘আহক ‘ বুলি ভিতৰলৈ নমতা নমিতাজনী হৈ পৰিল
’ব্যৱহাৰ নজনা’
’গোৱাৰ’
সৌ সিদিনালৈকে চটফটাই কাম কৰি ঘূৰি থকা নিতুলৰ মগজুৰ ৰক্তক্ষৰণ কেৱল নমিতাৰ বাবেই আশ্চৰ্যকৰ নাছিল, কোনোদিনে বেমাৰৰ কথা নুলিওৱা বন্ধুমহলো ভাগি পৰিছিল।
: বাইদেউ, আপুনি মোৰ পিছে পিছে আহক, মালখিনি মই দাঙি লৈ গৈছো। –মটিয়া বিচাৰি নাপাই হাহাকাৰ কৰা নমিতাক সকাহ দিবলৈ ওচৰৰ শাক-পাচলিৰ বেপাৰীজন উঠি আহিল। এদিন নিতুলৰ লগত আহোঁতে ল’ৰাজনৰ দেউতাকৰ অসুখৰ বাবে ভালেমানখিনি ঔষধ কিনি দিয়া নমিতাই নিজে দেখিছিল।
: তোমাৰ দেউতা এতিয়া কেনেকুৱা? — ৰিক্সাখনত মালখিনি তোলাৰ সময়তে নমিতাই সোধো নোসোধোকৈ সুধিলে।
: ভাল বাইদেউ। ছাৰহে বৰ সোনকালে গুচি গ’লগৈ। আপুনি বাবু আৰু মাইনাক লৈ ভালকৈ থাকিব। আজিকালিৰ মানুহবোৰ বৰ বেয়া। –ঘামি যোৱা মুখখন মলিয়ন গামোচাৰে মচি মচি কথাকেইটা কৈ দৌৰ মাৰিলে সি। নমিতাৰ চকু দুটা ভৰি আহিল।
’ছাৰহে বৰ সোনকালে গ’লগৈ ‘ -কথাষাৰ বাজি ৰ’ল তাইৰ কাণত।
এৰা সোনকালেইতো গ’ল মানুহজন।
মাথোঁ পোন্ধৰ বছৰৰ সংসাৰ তেওঁলোকৰ।
দেউতাকে এবাৰ দেখাতে পচন্দ কৰা নিতুলক কোনোফালৰ পৰাই নমিতাই অপচন্দ কৰিব পৰা নাছিল। সেই মিঠাকৈ মৰা হাঁহি, চকুৱে মুখে বিয়পি থকা সৰলতা, কথাত অনবৰতে খুহুতীয়া সুৰে নমিতাৰ সংসাৰখনক প্ৰাণ দিছিল। ৰুবু আৰু বিস্মিতাৰ আগমনে ভৰাই তোলা সংসাৰখনত মাজে মাজে আহি অভাৱ ওলমিছিল আৰু সেই অভাৱক নসাৎ কৰি আগুৱাই যাব পৰাকৈ সাহসী আছিল নিতুল। সৰু চাকৰিটোৰে সাজি পেলোৱা আটোমটোকাৰি ঘৰটোত সোমাই নমিতাক সাৱটি ধৰি কৈছিল-
: ঘৰটোৰ লোনখিনি মাৰিহে গাড়ী এখনৰ কথা চিন্তা কৰিম দেই নমি।
: হ’বচোন, মইনো কেতিয়া আপোনাক গাড়ীৰ কথা ক’লো? স্কুটিখনেই ভাল দিয়ক; আপোনাৰ গাতে গা লগাই বহিব পাৰোঁ। –নমিতাই কিলাকুটিৰে খুন্দিয়াই কৈ আঁতৰি গৈছিল। বৈ অহা চকুপানীখিনি ডিঙিটোৰে বৈ যোৱা সুৰসুৰণিত বাস্তৱলৈ ঘূৰি আহিল তাই।
: ৰখোৱা ভাইটি। –গেটখনৰ সন্মুখত ৰিক্সাখন ৰখাবলৈ দি ভাড়াটো দিবলৈ বেগটো খোলোঁতেই নমিতাৰ ফোনটো বাজি উঠিল। ৰুবুয়ে কৰিছে।
: পাইছোহি ৰুবু। এয়া গেটত। ফোনটো ৰিচিভ কৰিয়ে কথাকেইটা কৈ ফোনটো কাটি থৈ ভাড়াটো দিলে তাই।
: কাৰ্টনকেইটা ভিতৰত দি আহাচোন ভাইটি। নমিতাই গেটখন খুলি অনুৰোধৰ সুৰেৰে ক’লে ল’ৰাজনক।
: নাই বাইদেউ, আমি ভাড়াহে আনো। ল’ৰাজনৰ খহটা উত্তৰত একো নামাতি ৰুবুক চিঞৰিলে নমিতাই। ৰুবু – বিস্মিতা দুয়োটা ওলাই আহিল মাকৰ মাত শুনি। ৰিক্সা চালকজনে বিস্মিতাৰ ওপৰেৰে বুলাই নিয়া লুভীয়া চাৱনিটো নমিতাৰ চকুৰ পৰা সাৰি নগ’ল।
: কেৱল ভাড়াহে আনা নেকি? পিছে এতিয়া ৰৈ আছা যে? যোৱা। মাল নমালো নহয় তোমাৰ ৰিক্সাৰ পৰা। –প্ৰয়োজনতকৈ অধিক কঠোৰ হৈ পৰিল নমিতাৰ মাতটো।
চঞ্চল চাৱনি এটাৰে ‘দিল দিয়া গাল্লা’ গুণগুণাই আঁতৰি যোৱা ৰিক্সা চালকজনৰ পিনে চাই ভোৰভোৰাই উঠিল বিস্মিতা-
: এক ঘোচাত যেতিয়া মুখৰ হাড় গুড়ি হৈ যাব, ‘দিল দিয়া গাল্লা’ গৈ লুটি খাই পৰিব।
সেইদিনা কিবা এক অবুজ দুখত নমিতাৰ মনটো গধুৰ হৈ থাকিল। বিভিন্ন কথাবোৰে গধুৰ কৰা মনটোক তাই পতিয়ন নিয়ালে – মানুহজনৰ অবৰ্তমানতো তাই ল’ৰা ছোৱালী দুজনৰ বাবে এখন আকাশ হৈ থিয় দি ৰ’ব সদায়েই।
: অ, তুমি দেখোন একেবাৰে ৰচকীজনী হৈ আহিছা। কোনেনো ক’ব, দুটা বছৰ আগতে মানুহজনক হেৰুৱাইছা বুলি?- থিয়েটাৰ চাবলৈ ৰুবু – বিস্মিতাৰ অনুৰোধ ৰাখিব নোৱাৰি পিন্ধি অহা পাতল আকাশী ৰঙৰ শাৰীখনৰ পিনে চাই ওচৰৰে লাৱণ্য বৰমাই কোৱা কথাষাৰত ৰুবুৰ চকুদুটা জ্বলি উঠিল।
: কিয় আইতা, মায়ে কি দেউতাৰ শোকত ঘৰতে সোমাই সোমাই আধা বয়সতে মৰি গ’লে আপোনাৰ সুখ হ’ব নেকি? মোৰ মায়ে কি খায়, কি পিন্ধে, আমি চাম; আপোনালোকে নহয়। –ৰুবুৰ নাকৰ পাহি দুটা ফুলি উঠা দেখিয়েই নমিতাই গম পালে- কিমান খঙ উঠিছে তাৰ। তথাপি তাক মনে মনে থাকা বুলি এবাৰো ক’বলৈ মন নগ’ল। কিয় জানো, ষোল্ল বছৰীয়া ৰুবুক মুহূৰ্ততে নিতুল যেন লাগি গ’ল তাইৰ, যেন সাহসৰ এখন হাত তাইৰ।
সেইনিশা নিতুলক সপোনত দেখিলে নমিতাই। দূৰৈত ৰৈ সিহঁত তিনিওজনকে চাই থকা নিতুলৰ হাঁহিভৰা মুখখনে পিছদিনা গোটেই দিনটো অস্থিৰ কৰি ৰাখিলে নমিতাক। বাৰে বাৰে হনুমান চালিছা আওৰাই মনটোক ডাঠ কৰা সময়বোৰত নিতুলৰ স্মৃতিবোৰে আহি টুকুৰিয়াই থাকিব ধৰিলে তাইৰ মনৰ দুৱাৰ।
: নমি, ঔ টেঙা-বৰালীৰ জোলকণ তোমাৰ দৰে কোনেও ৰান্ধিব নোৱাৰে।
: নমি, বেঙেনা পিটিকাখন নহ’লে ঠাণ্ডা দিনবোৰত কিবা সুদা সুদা লাগে দেখোন।
: তুমিনো কেনেকৈ জোখত মা -মচলাবোৰ দিয়া? জুলীয়াকৈ ৰন্ধা কুকুৰাৰ মাংসৰ তৰকাৰীখনৰ কথা অফিচতো মনত পৰে।
নমিতাই ঔ টেঙা-বৰালী নাৰান্ধে।
বেঙেনা পিটিকা কৰিবলৈ এৰে।
বিস্মিতা, ৰুবুৰো দেউতাকৰ দৰে সমানে প্ৰিয় কুকুৰাৰ মাংসৰ জোলকণ ৰন্ধাৰ দিনা নমিতাই গা বেয়া লাগিছে বুলি ভাত নোখোৱাকৈ শুই যায়।
’শিল’ মানুহজনী শুব নোৱাৰে গোটেই নিশা।
’ধৈৰ্য’ ধৰি থিৰে থকা মানুহজনীৰ বুকুৰ ভিতৰৰ হাহাকাৰখিনি নেদেখা মানুহবোৰলৈ পুতৌ ওপজে নমিতাৰ।
নোকোৱাকৈয়ে কথাবোৰ বুজা হৈ উঠা ৰুবু – বিস্মিতাই এৰি পেলায় কুকুৰাৰ জুলীয়া তৰকাৰীখনৰ মোহ। মাকৰ হাতখন শিৰত লৈ আগবঢ়া দূয়োটা ল’ৰা-ছোৱালীৰ সফলতাবোৰত মানুহবোৰ আহে। পিছে শুভেচ্ছা জনোৱাৰ সলনি যেন খুচৰি থৈ যায় নমিতাৰ বুকুৰ শুকান ঘাঁ ডোখৰ-
: দেহি ঐ, দেউতাকজন থকা হ’লে কম সুখ পালেহেঁতেন নে?
: দেহি ঐ, ল-ছালিৰ সুখ চাবলৈ জীয়াই নাথাকিল মানুহটো।
নমিতা স্থিতপ্ৰজ্ঞ। নমিতা দৃঢ় সংকল্পবদ্ধ। নিতুলৰ সততাৰ আদৰ্শেৰে দুয়োটি ল’ৰা-ছোৱালীক আগুৱাই নিওঁতে ক’তো অকণো উজুটি নাখায় নমিতাই। ৰুবু- বিস্মিতাই পদে পদে মাকৰ জমা ধনৰ উমানেৰেহে কামবোৰ কৰে। বিলাসিতা বৰ্জিত সিহঁতৰ জীৱনটোলৈ কেতিয়াবা দুখ লাগিলেও নিজকে প্ৰবোধ দিয়ে নমিতাই-
’ভাল হ’ব, সকলো ভাল হ’ব এদিন। ‘
অৱশেষত জীৱনবোধৰ অংকবোৰ মিলাই নি নি সেই অংক মিলাবলৈ ৰুবুক দায়িত্ব দিব পৰা হয় নমিতা। সুখ্যাতিৰে শিক্ষা জীৱন সমাপ্ত কৰি দেউতাকৰ অফিচতে আইনসেৱা প্ৰাধিকাৰীৰ সচিব হিচাবে যোগদান কৰাৰ এটা বছৰ পাছতে নিজেই পছন্দ কৰা ভায়লীনাৰ ঘৰত আনুষ্ঠানিক সম্পৰ্কৰ বাবে বিস্মিতা, ৰুবু আৰু নমিতা আহিছে। বিয়াখন হয়তো অকণমান দেৰি হ’ব, ছমাহ আগতে দুৰ্ঘটনা এটাত ভায়লীনাৰ দাদা নীৰজৰ মৃত্যু হৈছে। তথাপি কথাখিনি আগবঢ়াও বুলি নমিতা আগবাঢ়ি আহিছে। ঘৰখনৰ মানুহখিনিৰ মাজত বিস্মিতাই নীৰজৰ পত্নী ৰিধিমাক বিচাৰি ফুৰিছে।
: বৌ ক’ত? দেখা নাই।
: ওলাব বিচৰা নাই। ভিতৰতে আছে। ভায়লীনাই কও নকওকৈ ক’লে।
: আৰৰে এইটো কেনেকুৱা কথা? মা মই যাওঁ ভিতৰলৈ? বিস্মিতাই অনুমতি বিচাৰিলে নমিতাৰ।
: এতিয়া থাককচোন। কথাখিনি আগবাঢ়ি লওক। এনেয়ো আহিবই তাই। -ভায়লীনাৰ মাকে সেমেনা সেমেনি কৰিলে।
: আপুনি মানে কি বুজাব বিচাৰিছে। -বিস্মিতা ধৰফৰাই উঠিছে।
: শুভকামত -ৰৈ গৈছে ভায়লীনাৰ মাক।
: বৰমা তেনেহ’লে মাকো বাহিৰলৈ পঠাও। মাও বিধৱা। –বিস্মিতাৰ স্পষ্ট কথাত নমিতাৰ বুকুখন ঢুককৈ উঠিল। ভায়লীনা উঠি গ’ল ভিতৰলৈ। অলপ পিছতে ৰিধিমাক এহাতে আঁকোৱালি তাই ওলাই আহিল। দৌৰ মাৰি বিস্মিতাই তাইক আগুৱাই আনি নিজৰ ওচৰত বহুৱাই ল’লে। নমিতাই চাই ৰ’ল বিস্মিতালৈ। সমাজৰ বাবে এইখিনি চিন্তা কৰিব পৰা ছোৱালীজনীক লৈ আনন্দত তেওঁৰ দুয়োগালে চকুপানী বৈ আহিল।
’মানুহজনী শিল নহয়‘
’মানুহজনী নিৰ্জীৱ নহয়‘
দুখৰ বেহু ভেদি সুখত চকুলোৰ উৎসৱ পতা নমিতাই পোহৰ হৈ থকা ৰিধিমাৰ মুখখনলৈ একেথৰে চাই ৰ’ল।
আহিনমহীয়া পাতলীয়া বতাহ এজাকে মতলীয়া কৰিলে দুপৰীয়াটো।
বৰ সুন্দৰ উপস্থাপন।