ত্ৰয়োদশ বৰ্ষ, চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৫ শক, নবেম্বৰ, ২০২৩

"শিশু সাহিত্য বিশেষ" – আইতাৰ ঘৰ (ৰুবি ঠাকুৰীয়া)

আম আম আম
কেনেকৈ খাম
বজাৰত কিনিবলৈ
ইমান যে দাম
যাম যাম যাম
মামাৰ ঘৰলৈ যাম
মধুৰী, কল, আম
তাতে গৈ খাম
আইতাই দিব মোক
আৰু বহু ফল
মাহীয়ে ক’ব মোক
হ’ব বাহুত বল
মামাই ৰিক্সাত ফুৰাবলৈ নিব
মৰমেৰে মামাই মোক
আইচক্রীম দিব
মামাৰ ঘৰলৈ গৈ
বৰ ভাল লাগে
পকা পকা ফললৈ
মনত পৰি থাকে
 
ৰুবি ঠাকুৰীয়া, আৰোহণ, গুৱাহাটী

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!