"শিশু সাহিত্য বিশেষ" – সাধনা (বিউটি পাৰবিন)
মই কৰিলো কি
ভগৱানৰ এটি শ্ৰদ্ধাৰ সাধনা,
আছিলনো কি বাৰু ভুল
গ’ল যে এৰি
নিথৰুৱা কৰি |
কৰিম কাক
শ্ৰদ্ধা আৰু সাধনা
পৰিছো মই বাটত
অকলশৰীয়া জীৱন,
আছে মাথোঁ মা
আৰু আছে বা |
গ’ল যে এৰি পাপা
কৰিম মাথোঁ সাধনা,
যিয়ে দিয়ে আমাক
অন্ধকাৰ হৈ থকা
জীৱন জিলিকাব |
তেওঁক মাথোঁ
কৰিম সাধনা |
বিউটি পাৰবিন, ষষ্ঠমান শ্ৰেণী, পশ্চিম গুৱাহাটী জাতীয় বিদ্যালয়