শিৱসাগৰ, চিবচাগৰ ইত্যাদি…(শান্তিছায়া শইকীয়া)

(অসমীয়া ভাষা কোৱা কণ্ডাক্তৰজনে শিৱসাগৰ চিনি নাপায়, চিবচাগৰ চিনি পায়, কিমান দুখৰ কথা ভাবি ভাবি মই স্তব্ধ হৈ পৰিলো।বন্ধুসকল ভাষাৰ উচ্চাৰণত এনেদৰে বিভ্ৰাট হ’লে অসমীয়া- অচমিয়া, অহমীয়া বা অখমীয়া নহ’ব বুলি কেনেকৈ ন দি কওঁ বাৰু…)

 

শিৱসাগৰ, চিবচাগৰ ইত্যাদি…

শান্তিছায়া শইকীয়া

 

অলপতে শিৱসাগৰলৈ গৈছিলো। বাছৰ কণ্ডাক্তৰজনে সুধিলে ক’লৈ যাব? মই বোলো শিৱসাগৰলৈ। বাৰে বাৰে সুধি থকা দেখি ভাবিলো সি চাগৈ অসমীয়া ভালকৈ বুজিকে নাপায় নতুবা শিৱসাগৰৰ নামটো শুনা নাই। কিন্তু বাছখনতো শিৱসাগৰ পাৰ হৈয়ে যাব ডিব্ৰুগড়লৈ! মই তেনেকৈ ভাবি থাকোতেই সি আকৌ ভাৰা বিচাৰি সুধিলে ক’ত নামিব? মই ক’লো -শিৱসাগৰত। সি মোৰ মুখলৈ চাই এনে এটা ভংগীত ৰ’ল যেন মই নক’ব লগা বা নাযাব লগা ঠাইৰ নামহে উচ্চাৰণ কৰিলোঁ। মোৰো খং উঠিছিল, কিন্তু ক্ৰোধ সম্বৰণ কৰি এইবাৰ কঁলো চিঞৰি – কিমান ক’ব লাগে শিৱসাগৰ বুলি? সি সুধিলে চিবচাগৰ? মই বোলো অ’। সি ক’লে- তাকে নকয় কিয়? মই বোলো মইনো কি কৈ আছো? অসমীয়া ভাষা কোৱা কণ্ডাক্তৰজনে শিৱসাগৰ চিনি নাপায়, চিবচাগৰ চিনি পায়, কিমান দুখৰ কথা ভাবি ভাবি মই স্তব্ধ হৈ পৰিলো।বন্ধুসকল ভাষাৰ উচ্চাৰণত এনেদৰে বিভ্ৰাট হ’লে অসমীয়া- অচমিয়া, অহমীয়া বা অখমীয়া নহ’ব বুলি কেনেকৈ ন দি কওঁ বাৰু !

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!