শিৱৰ চাৰিটা শ্বট্ আৰু অন্যান্য–মানৱজ্যোতি বড়া
শ্বট্ ১ – মন্থন:
: লাইফটোত কি ঘেণ্টা পালোঁ !
আঙুলি এটাৰে বন্ধ কৰি ৰখা ফুটাটোৰ পৰা আঙুলিটো আঁতৰাই সি ধোঁৱাবোৰ আৰামত এৰি তাহাঁতলৈ চাই সুধিলে । আচলতে কৈছিল তাহাঁতৰ ফালে চাই, সুধিছিল সি নিজক ।
: ধোঁৱা গৈ ভিতৰ পালে কি নাপালে তোৰ ফিলছ’ফী চুৰু কে* ! ব’ৰ নকৰিবি এতিয়াই, ট্ৰিপটো অহাই নাই কাৰো ।
সি একো নক’লে , সঁচাকেও সি জীৱনত ঘেণ্টাটোৱো কৰিব নোৱাৰিলে চাগে । কি কৰিছে জীৱনত , আনৰ চকুত কিবাকৈ পুতৌৰ পাত্ৰ নোহোৱাকৈ টুকটাককৈ চলি আছে । এনেকৈ চলিবলৈ তাৰ বিশ্ববিদ্যালয়ৰ ডাঙৰ ডাঙৰ ডিগ্ৰীকেইটা নোহোৱাকৈও চলি গ’লহেতেন ।
ব্লাডি ইউজলেছ ফেল’ !
শ্বট্ ২- কৰ্পদী :
: লাইটাৰটো মাৰি দে ।
বুদবুদকৈ পানীত শব্দ এটা তুলি ভাঙৰ টিপাটো ৰঙাকৈ জ্বলি উঠিল, সজোৰে মৰা টানটোত গোটেই বটলটোৰ ভিতৰখন ধোঁৱা ধোঁৱা হৈ পৰিল । ইতিমধ্যে ৰুমটোৱো ধোঁৱাময় হৈ পৰিছিল ।
এই দিনটোত অ’ত-ত’ত অনাই-বনাই আহি ৰাতি যে ইয়াৰ ৰুমত ভাঙটো টানে তাহাঁতি গোটেইকেইটাই, ঘৰত গম পালে বাৰু কি ক’ব ? গম যে নাপায় তাৰো একো মানে নাই, ৰাতি দৰজা খুলি দিওঁতে মাকৰ চকুত দেখা বিৰক্তিখিনিয়ে অন্ততঃ মিছা নকয় ।
: এইবাৰ যদি তোমাৰ চাকৰি এটা নহয় তেন্তে আৰু মই ৰখাব নোৱাৰিম ঘৰত , বিয়া ঠিক কৰিবই ঘৰৰ পৰা ।
তিনিদিন আগত ফোন কৰোঁতে তাই তাক কৈছিল, সেয়াই শেষ কথা পতা । চাকৰিটো গছত লগা আম নহয়, দলিয়াই পাৰি লৈ আনিব । অশ্লীল মাত এটা ওলাব খোজে তাৰ মুখেৰে ।
: চাকৰিয়েই যদি শেষ কথা আৰম্ভণিৰে পৰা চাকৰি থকা মতা এটাক ভাল নাপাৱ কেলে কে* !
শ্বট্ ৩- কালকূট :
অ’ মোৰ জঁটীয়া অ’ মোৰ জঁটীয়া
ঘৰ বাৰী এৰি থাকে শ্মশানে পৰিয়া
শিৱক তাৰ ভাল লাগে , প্ৰিয় পুৰুষ তাৰ । ক্ষণে ৰুষ্ট, ক্ষণে তুষ্ট আপোনভোলা পুৰুষ । জিতেন্দ্ৰীয় অথচ ভাঙৰ জালত কেতিয়াবা অৰ্দ্ধনগ্ন । প্ৰয়োজনত তাণ্ডব কৰি প্ৰলয় নমাই আনিব পাৰে । শিৱৰ দৰে হ’বলৈ বিচাৰে সি ।
তাৰ লগৰ বিভূতিলৈ মনত পৰে তাৰ । দুয়োটা প্ৰায় সমান জোৰৰে ছাত্ৰ আছিল, বিভূতি তাতকৈ অলপ কম চোকা আছিল । সেই হিচাপত তাৰ মাৰ্কছীটৰ ওজনো আছিল কম, কিন্তু সি আছিল ছাত্ৰকালৰে পৰা ৰাজনীতিৰ সৈতে খেলা কৰা মানুহ । তাৰ আদৱ-কায়দাও ৰাজনৈতিক নেতা এজনতকৈ কোনো গুণে কম নাছিল । এতিয়া সি দেশৰ কথা কৈ কৈ নিজক বনোৱাত ব্যস্ত । চাকৰি নকৰিলে কি হ’ল, সৰু-সুৰা চাৰিটা চাকৰিয়াল কিনি পকেটত লৈ ফুৰিব পৰা সামৰ্থ আছে তাৰ
থুই ! তিতা তিতা লাগিছে মুখখন ।
শ্বট্ ৪- নীলকণ্ঠ :
দেৱাসুৰ মিলি যেতিয়া সমুদ্ৰ মন্থন কৰিছিল, তেতিয়া হঠাৎ সমুদ্ৰত কালকূট বিষৰ উৎপত্তি হয় । সেই বিষৰ প্ৰকোপত ত্ৰিলোকৰ সমস্ত প্ৰাণী মৃতপ্ৰায় হৈ পৰাত ব্ৰহ্মাৰ প্ৰাৰ্থনা ক্ৰমে শিৱই সেই বিষ পান কৰি নিজৰ কণ্ঠত ধাৰণ কৰে আৰু নীলকণ্ঠ নামে প্ৰসিদ্ধি লাভ কৰে ।
চকুবোৰ জলজলীয়া হৈ পৰিছিল তাহাঁতৰ ক্ৰমে। নিচাত থকাই ভাল, জীৱনৰ সংঘৰ্ষবোৰ কিছু সময়লৈ পাহৰি থাকিব পাৰি । মানুহবোৰৰ লালসাভৰা মুখবোৰ, ভদ্ৰতাৰ মুখাৰ আঁৰৰ মুখবোৰ চিনি থ’ব পাৰি । চবেই মুখা এখন পিন্ধি ভদ্ৰতাৰ ভাও জোৰে । আগতে খং উঠিছিল তাৰ, আজিকালি হাঁহি উঠে ।
ধুৰ মক্কেল চব
বেলেগৰ তিতা কথা সহ্য কৰিব পাৰিলেও ঘৰৰ মানুহখিনিৰ চকুৰ আগত তল পৰি যোৱাৰ সমান কষ্ট নাই । সেইদিনা ৰাতি সি শুনিছিল –
: এইবিলাক ল’ৰা-ছোৱালীক জন্ম দি কি লাভ হ’ল ,জন্মতেই মৰি যাব লাগিছিল এইচব ।
লাহে লাহে সি অনুভৱ কৰে তাৰো ডিঙিটো ক্ৰমশঃ নীলা পৰি আহিছে !