শীতৰ বৰষুণজাক — ধৃতিস্মিতা
শীতৰ বৰষুণজাক জানো ৰোমাণ্টিক হব পাৰে? আপোনাৰ বা মোৰ বাবে হয়তো কিছু ভাললগা মুহূৰ্তৰ উমে জীপাল কৰে নিহালিৰ তলত শুই থকা শীতৰ আৱৰণক৷
শীতত বৰষুণ দিলে মনত আহে এখন ছবি, এটা সাত আঠ বছৰীয়া কণমানি শিশুৱে চাল ফটা ঘৰটোৰ মাজেদি শীতৰ বৰষুণজাক সোমাই অহাত বাধা দিবলৈ কৰা আপ্ৰাণ চেষ্টাৰ ছবি৷ বাপেক নোহোৱা ঘৰখনৰ ডাঙৰ সন্তান হোৱাৰ বাবে ভাই ভনীকেইটাক ঠাণ্ডাৰ পৰা ৰক্ষা কৰিবলৈ গৈ সি যে নিজে জাৰত ঠেৰেঙা লাগিছে সি গমেই নাপায়৷ হাঁহিমুখে সি বাস্তৱক আকোঁৱালি লৈছে, পাহৰি গৈছে জাৰৰ যে এক সুকীয়া আমেজ আছে৷
শীতৰ বৰষুণজাক মূৰত লৈ দেউতাকজন হোষ্টেলত থকা পুতেকক লগ কৰিবলৈ আহে৷ পুতেকৰ পঢ়াৰ খৰচ দিবলৈ অহা দেউতাকজনে পাহৰি যায় যে ফিচিকি যোৱা চুৱেটাৰটোৰ মাজেৰে জাৰে তেওঁক স্পৰ্শ কৰিছে৷ দেউতাকৰ অৱস্থা দেখি পুতেকে কান্দিব খুজিও চকুপানী সম্বৰণ কৰে, তাৰ সাহসতেইতো এজমা থকা দেউতাকে বেমাৰৰ কথা পাহৰি গৈছে৷ সপ্তাহৰ উপাৰ্জনখিনি লৈ পুতেকে কেনেকৈ কয় যে ৰাতিলৈ ৰেগিঙত এইজন মানুহক অশ্লীলতাৰ মাজলৈ ঠেলি দিব কি প্ৰক্ৰিয়াৰে তাক জন্ম দিছিল তাৰে আলম লৈ, আৰু প্ৰতিবাদ কৰিলে আৰম্ভ হয় চৰ ভুকু মাৰপিটৰ এক দুৰ্বাদল কাজিয়া৷ পুতেকে কেৱল ভাল সময়লৈ অপেক্ষা কৰি ৰয়৷
শীতৰ বৰষুণজাকৰ বাবেই ফুটপাথত বাস কৰা মাতৃগৰাকী ঢাপলি মেলে নাতিদূৰৰ ৰেল ষ্টেচনলৈ, সমগ্ৰ মমতাৰে সন্তানটোক বুকুত সাৱটি ধৰি মুখ মেলি খাবলৈ অহা জাৰৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰে৷ আৰু নিজে থকথককৈ কঁপি থাকে, তালৈ কিন্তু তেওঁৰ ভ্ৰূক্ষেপ নাই, কাৰণ তেওঁ যে মাতৃ৷
শীতৰ বৰষুণজাক চাই থকা হোটেলৰ কণমানি ‘পোৱালি’টোৱে ভাবি থাকে ঘৰত বেমাৰ হৈ থকা মাকৰ কথা৷ দিনান্তত তাৰ ভাগৰ খাদ্যখিনি সি মাকলৈ বান্ধি খালি পেটেৰে ঘৰলৈ উভতে বৰষুণজাক কমাৰ অপেক্ষাত৷
শীতৰ বৰষুণজাকে পৃথিৱী গুঞ্জৰিত কৰিলে কোনোবা কবিয়ে প্ৰেয়সীৰ উষ্ম আলিংগনৰ কল্পনা কৰি কবিতাৰ সৃষ্টি কৰে৷ কিন্তু এই ছবিবোৰ একো একোটা ৰূঢ় বাস্তৱৰ কবিতা, যিয়ে নিহালিৰ উমত ডুব গৈ থকা আমাৰ কল্পনা জগতক হয়তো কোনোদিনেই স্পৰ্শ নকৰে৷
*************
সুন্দৰ হৈছে