শীতৰ মাদকতা :পিকনিক (মল্লিকা কলিতা)
চনটো ২০০৪, জানুৱাৰী মাহৰ প্ৰথমটো দেওবাৰ। নুমলীগড় টাউনশ্চিপৰ পৰা কেইটামান পৰিয়াল ব্যক্তিগত বাহনেৰে কাজিৰঙাৰ বাগৰী ৰেঞ্জ অভিমুখে যাত্ৰা কৰিলে, উদ্দেশ্য প্ৰকৃতিৰ উমাল সান্নিধ্যত লগেভাগে এসাজ খোৱা, নিজক যান্ত্ৰিকতাৰ পৰা সাময়িকভাৱে সকাহ দিয়া। এখন গাড়ীত দুটাকৈ পৰিয়াল, কণ-কণ শিশুও আছে। গৈ পোৱালৈ পিকনিক স্পট্ আন আন পাৰ্টিৰ দখলত অৰ্ধেক অংশ আৱদ্ধ হৈছিল। পুৰুষ সকলে বস্তু বাহানি থান-থিত লগাই মানে আমি প্ৰকৃতিৰ বিনন্দীয়া ৰূপত মন্ত্ৰ মুগ্ধ হৈ পৰোঁ ; পান কৰাত লাগো সেই ৰূপ। সন্মুখত কাৰ্বি পাহাৰ থিয় হৈ আছে, চাৰিওফালে সেউজীয়াৰ সমাহাৰ পিন্ধি। পাতলীয়া জনবসতি। আমি গৈ পোৱাৰ অলপ আগেয়ে যেন ধান দাই- অতাঁইছে, বিশাল পথাৰবোৰত ধানৰ অৱশিষ্ট অংশবোৰ নিয়ঁৰকণাই সেমেকাই ৰাখিছে। এটি পাহাৰীয়া জুৰি বৈ গৈছে কাষেৰে, যেন কোনো নিপুণ শিল্পীৰ কেনভাচত শোভাবৰ্দ্ধন কৰা এখন তৈল চিত্ৰৰ ৰূপ লৈছে। ৰাতিপুৱাৰ জলপান গ্ৰহণ কৰোঁতে দুপৰীয়া বাৰ বাজি গৈছিল, অৱশ্যে পিকনিক মানেই অনিয়ম। নিয়ম ভঙাৰ নিয়ম। কিছু উচ্চস্বৰত গান–বাজনা, কোনো কোনো পিকনিক আয়োজনকাৰীৰ। নিজৰ উপস্থিতি সাব্যস্ত কৰাৰ প্ৰয়াস। কোনোজনে আকৌ নিজৰাত গা ধুইছে। ঠাণ্ডাখনত ৰাতিপুৱা শুই উঠাটোৱে কষ্টকৰ, গা-পা ধুই পিকনিকলৈ অহা কিমান দূৰূহ সেইজনাই হে জানিছে।
ঠাণ্ডাৰ দিনত আকৌ সৰুপানী চুবলৈও বৰকৈ লাগে, মহিলাখিনি অদূৰৰ কোনো কাৰ্বি লোকৰ ঘৰলৈ ঢাপলি মেলিছে। পিকনিক আদিলৈ গ’লে পৰাপক্ষত পানী, চাহ খাই ওলাবই নালাগে; বিশেষকৈ মহিলাখিনিয়ে। দুই এগৰাকীয়ে মৃদু ধমকি খাইছে, মানুহঘৰ অতিষ্ঠ হৈ পৰিছিল মহিলাৰ সমদলত। দুই এজোপা লমালমে লাগি থকা বগৰী গছে জিভাৰ পানী পেলাবলৈ বাধ্য নকৰাকৈ থকা নাই ; ভাত নোহোৱালৈ কিছু কিছুৱে বগৰীৰ জুতি আদি লৈ সময় কটোৱাটোৱেই উত্তম বুলি বুজিছে। তেনেতে এজন দায়িত্ববান পিতৃয়ে ঘৰৰ পৰা তৈয়াৰ কৰি অনা চুজি শিশু পুত্ৰক নিজৰা, গছ-লতিকা দেখুৱাই (নে ফুচুলাই!) খোৱাবলৈ যত্ন কৰা দৃশ্য আমি উপভোগ কৰি মুগ্ধ হ’লোঁ।
অলপ পিছতেই এজন মাউতে হাতী এটা লৈ হাজিৰ হ’ল, ধন ঘটাৰ উদ্দেশ্যৰে। কিছু অত্যুৎসাহী লোকে হাতীৰ পিঠিত উঠি নিজৰ চখ পূৰালে। আমাৰ মাজৰ ফুকনদাইও শিশু কন্যাসহ এপাক মাৰিলে।
তৃপ্তিৰে মুকলি আকাশৰ তলত বহি প্ৰকৃতিৰ ৰূপ সুধা পান কৰি এসাঁজ খাবলৈ বহি দৃষ্টিগোচৰ হ’ল এজনে মুখত জ্বলন্ত চিগাৰেটসহ মাংস বিলাই আছে, ইমানেই আসক্তি! কোনো ভ্ৰূক্ষেপ নাইকীয়া, কাৰোবাৰ পাতত জ্বলন্ত চিগাৰেটৰ ছাই পৰিব পাৰে বুলি। সম্পূৰ্ণ বেপৰোৱা, নিৰুদ্বিগ্ন! সেয়াও চাগে পিকনিকৰে মাদকতা!
পশ্চিমৰ আকাশত ৰান্ধনী বেলি ডুব যাওঁ কৰিছে, ইংগিত আহিছে ঘৰমুখী হোৱাৰ, আকৌ যান্ত্ৰিকতাৰ কোলাহলত নিবিষ্ট হোৱাৰ। ক’ৰবাত কিবা এটা হৈছে। ফুকনদাৰ বৌৰ খং উঠিছে, নিজ গৃহস্থৰ প্ৰতি, ভোৰভোৰাইছে অহৰহ। বুজিবলৈ অলপ পৰ লাগিল আমাক, দাদাই অথনি হাতীৰ ছৱাৰী কৰোঁতে গাড়ীৰ চাবিকোচা হেৰালে। সকলোৱে বিচাৰ খোচাৰ কৰিলে, পিছে চাবি চলাথ কৰি সকলো নিৰাশ হ’ল। প্ৰায়খিনি পিকনিক পাৰ্টি আমাক ‘বাই বাই’ দি নিড়মুখী হ’ল। আমি ৰৈ থাকিলোঁ হতাশাৰে। শেষত সিদ্ধান্ত হ’ল ফুকনদা এখন গাড়ীৰে যাব টাউনশ্চিপলৈ ঘৰত থকা আনটো চাবি বাইকেৰে লৈ আনিবলৈ, আৰু বাকীবোৰে দিব বোন্দাপৰ। লাহে লাহে এন্ধাৰ নামি আহিছে, লগে লগে শীত। প্ৰায়খিনি শিশু শুই পৰিছে মাকবিলাকৰ কোঁচত, দিনটো খেলি ভাগৰত লালকাল। দুই এজনে কাষৰতে থকা খেৰৰ দ’মৰ পৰা খেৰ আনি জুই একুৰা জ্বলাইছে। হাত-ভৰি সেকি, কথাৰ মহলা মাৰি, হামিয়াই- হিকটিয়াই সময় কটাবলৈ দুৰ্ব্বাৰ প্ৰয়াস, প্ৰায় তিনি ঘন্টা ধৰি ওপৰৰ পৰা নিয়ঁৰৰ টোপাল আশীৰ্বাদৰূপে গ্ৰহণ কৰি। মহিলাখিনিয়ে মুখ ফুটাই নক’লেও ধৰিব পাৰি কিমান ধৰফৰাইছে এই ঠাণ্ডা খনত শিশুহঁতৰ অৱস্থাবোৰ দেখি। দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত ফুকনদাৰ বাইকৰ পোহৰ আৰু শব্দ কাণত পৰিল, আমাৰো মুখবোৰ পোহৰ হৈ পৰিল।