শীত –গায়ত্ৰী খাৰঘৰীয়া
:“পুহ সোমাবই দুদিনতে এইবাৰ জাৰ কিছু পৰিব বুজিছ আইমানু৷ আঘোনতে ঠাণ্ডা পাইছো৷ যোৱাবছৰ ইমান পোৱা নাছিলো৷
: “আগতে কিমান ঠাণ্ডা আছিল আইতা?” মাকৰ শ্বাল দুখনেৰে মেখেলা চাদৰ পিন্ধি ওৰণি বাৰণি লৈ আইতাকৰ ওচৰত থপককৈ বহি আইমানুৱে সোধে৷
: “আইওও, গোটেইজনীচোন গাভৰু ছোৱালী৷ হু, তামোলখনো পকতিয়াই ল’৷ আগতে বৰ জাৰ আছিল অ’৷ আমি কেঁথা চিলাইছিলো৷ ঘৰবোৰ কেঁচা আছিল যে… কি বতাহ সোমাই ও৷ কেঁথাবোৰো চেঁচা হৈ থাকে৷ পিছে গাভৰু আছিলো যে সেয়ে সেই জাৰ গাতে গৈছিল৷ তাতে কতখন কাম…৷ পুহমহীয়াও গাত গৰম কাপোৰ ল’বলৈ সময় নেপাইছিলো৷ কাপোৰো সিমান নাছিল৷ বোলে আছে কাপোৰ আছে জাৰ, নাই কাপোৰ নাই জাৰ৷”
আইতাকৰ কথা “মেখেলা চাদৰ”পিন্ধা আইমানুৱে শুনি থাকে৷ মাজে সময়ে চাদৰখনৰ ওৰণি টানে৷ বাহিৰত বৰষুণ তেতিয়া৷
মাক পাকঘৰত৷ চেঁচা পানী চুই চুই শিল যেন হোৱা হাত দুখন জুইত সেকি সেকি মাকেও পাকঘৰৰপৰা শুনি থাকে আইতাক-নাতিনীয়েকৰ কথা৷
: “ককা, জুই ফুঁৱাও গৈ বলক৷ ” আইমানু এইবাৰ ককাকৰ ওচৰত৷ কাহি কাহি ককাক উঠি আহে৷
তেকাৰী এখনত মাকে জুই ধৰি দিলে৷
বৰমাকৰ ঘৰত কাঠৰ কাম চলি আছে৷ কাঠৰ চুচ এসোপা আইমানুৱে দিনতে আনি থৈছে জুই ধৰিবলৈ৷
জুইকুৰা জ্বলি উঠিল দপদপকৈ৷ আইতাক, আইমানু, ককাক এইবাৰ জুইৰ কাষত৷ চকীত বহা ককাকে জুইৰ ওপৰেৰে ভৰিটো পাৰ কৰিলে৷
আইমানুৱে চিঞৰিলে, “ককা জুইত ভৰি দিছে যে, পুৰিব৷”
:“নোপোৰে৷ আমাৰ ছাল টান হ’ল এতিয়া৷ চা হাত দিলেও নোপোৰে জুইত৷ তই আকৌ নিদিবি৷ কোমল ছাল পুৰিব৷”
আইমানুৱে ভাবিবলৈ ধৰিলে তাই ডাঙৰ কেতিয়া হ’ব, জুইৰ মাজেৰে হাত-ভৰি নিব পৰাকৈ৷
আইমানুৰ মাক তেতিয়াও পাকঘৰৰ কামত৷ ঠাণ্ডাত শিল হোৱা হাত দুখন সেকিবলৈ এইবাৰ জুহালৰ জুইকুৰাও নুমাল৷
আইমানুৰ কমলা পাগলীলৈ মনত পৰিল৷
: “আইতা, কমলা বাইৰ কাপোৰ আছেনে নাই! গৰম কাপোৰ? আজি দিনত অকল চাদৰ এখন লৈ শুদা ভৰিৰে এইফালে আহিছিল৷”
:“ ক’ত গৰম কাপোৰ পাব তাই৷ ফঁটা কাপোৰ এগালৰ মাজতে সোমাই থাকিব৷” আইতাকে জুই খোঁচৰিলে৷
সিদিনা আইমানুৱে জুমি চাইছিল কমলাৰ কোঠাটো৷ বেৰখন ভঙা৷ তলত ডাঙৰ ফাঁক৷ বাঁহৰ চাং এখনত ফঁটা ছিটা এদম কাপোৰ৷ তাত গৰম কাপোৰ নাছিল৷ সেইখনত কমলা শোৱে৷
আইমানুৱে একো নক’লে৷ দপদপকৈ জ্বলা জুইকুৰাৰ ওচৰলৈ মিউ কুচি মুচি হৈ আহিল৷ মিউৰ গাত হাত ফুৰাই আইমানুৱে টোপনিয়াবলৈ লাগিল৷
আইতাকে মাকক চিঞৰিলে৷
মাকে আহি আইমানুক কোলাত তুলি ল’লে৷
মাকৰ হাত দুখন চেঁচা…শিল৷
—-