শুকানী বাণৰ মহিমা – প্ৰান্তৰ ভাগবতী
” চাৰ । মোৰ মানুহজনীক কোনোবাই শুকানী বাণ মাৰিলে । দেখিছেনে কেনেকৈ শুকাই খীণাই গৈছে । “– কান্দো কান্দো কৈ কথাষাৰ কৈ বিকুল মজিয়াত বহি পৰিল । শ্ৰীমতী আৰু মই ইটোৱে সিটোৰ ফালে চালো। বিকুল আমাৰ অফিচৰ চকীদাৰ । মই কৰ্মথলী ত থকা ঘৰটোৰ কাষতে সি পৰিয়াল সহ থাকে । মোৰ পৰিয়াল মোৰ লগত নাথাকে । মাজে সময়ে ছোৱালীৰ স্কুল বন্ধ থাকিলে মোৰ লগত থাকেহি ।মই অকলে থাকো বাবে পুৱা গধূলি সি আহি অলপ লাচনি পাচনি কৰি দিয়েহি । চেহেৰাটো সাইলাখ বৈদূৰ্য্য বৰুৱা দেৱৰ সৃষ্ট ” চেন্টু দা ” । লেঙপেঙীয়া দেহা , দীঘল দীঘল ভৰি, পেন্ট চোলা চিলাই পিন্ধিব লাগে । এনেয়ে কাম কাজত যঠেষ্ট ভাল, কিন্তু সন্ধিয়া হলেই বিপদ লাগে । মই সন্ধিয়া বজাৰ কৰি আনি ভাতমুঠি বনাওতে সি লগতে ইটো সিটো কাম কৰি দিয়ে । তাক ৰাতিৰ ভাত সাজ মোৰ লগতে সদায়ে খাবলৈ কও যদিও তাৰ পিছদিনা ৰাতিপুৱা হে খোৱা হয়। কাৰন এপাকত সি অকনমান আহো বুলি কৈ সদায়ে অকনমান গিলি “ডিস্ক ডেন্সাৰ ” হৈ আহে । এজেগাত ঠিয় হৈ থাকিব ই নোৱাৰে। লগতে টেটুফালি চিঞৰি চিঞৰি যিহে গান আৰু মৌসনা অসমীয়া শব্দবোৰ । সেয়েহে অফিচৰ মানুহ বোৰে তাৰ নাম বিকুল কৰিলে। গতিকে মোৰ ইয়াত ভাত খোৱা নহয় গৈ । পিছদিনা পুৱা হে সি ভাত সাজ খাই । মোক সহায় কৰি দিয়াৰ বিনিময়ত মইও কিবা কিবি দিও। এওলোকেও তাক ভাল পাই। আৰু ইয়ালৈ আহিলে কিবা কিবি দিয়ে । সি কেতিয়াবা কয় ” তাক হেনো লগৰ বোৰে হিংসা কৰে । তাক বোলে কয় ” তই চাৰৰ ‘ চামোচা ‘ ।”
সকলো ঠিকেই চলি আছিল ।
এতিয়া আহো আচল কথালৈ । ছোৱালীৰ গৰমৰ বন্ধত এওঁলোক ইয়াত আছিলহি । সেইদিনা সন্ধিয়া মই আৰু শ্ৰীমতী ডাইনিং টেবুলত বহি কথা পাতি আছো হঠাতে সি আহি কলেহি কথাটো ।
শ্ৰীমতী য়ে কলে কি ফাল্টু কথা কৈছে । কিবা বেমাৰ হৈছে চাগৈ । ভালকৈ ডাক্তৰৰ ওচৰত দেখুওৱা । কিন্তু সি কলে ” বহুত দেখুওৱা হল । খালি টনিক দিয়ে।
চাৰ। যোৱাকালি যে মই চুটি লৈছিলো অমুক ঠাইত বেজৰ ওচৰত দেখাই আহিলো । বেজেহে কলে আচল কথাটো ।” তাইক হেনো কোনোবাই শুকানী বাণ মাৰিলে । সেয়ে খোৱা বোৱা ঠিকেই আছে কিন্তু খীনাই গৈছে ।”” চাৰ মোক টকা পাচশ দিয়ক মানুহ জনীক লৈ শুকানী বাণ কটিব যাম। বেজৰ ওচৰলৈ ।””
মনতে ভাবিলো বহুত বাণৰ নাম শুনিছো ” অগ্নি বাণ ; বৰুণ বাণ ; পশুপাত বাণ ; ইন্দ্ৰ বাণ ইত্যাদি । কিন্তু শুকানী বাণ । ওহো মই আগতে কেতিয়াও শুনা নাই । মহাভাৰত চিৰিয়েলত অৰ্জুনে মৰা অগ্নি বাণ কৰ্ণই বৰুণ বাণ মাৰি কাটি যোৱা দেখিছিলো। কিন্তু শুকানী বাণ মাৰে যে সেইকথা আগতে শুনি পোৱা নাছিলো।
মই কলো ” তোমাক পাচশ নেলাগে এহেজাৰ টকা দিম তুমি ডাক্তৰৰওচৰলৈ লৈ যোৱা। ” সি হব বুলি গলগৈ ।
পিছৰ কেইদিনমান অফিচৰ কামত ব্যস্ত থকা কাৰণে কথাটো পাহৰি আছিলো । কেইদিনমান পিছত সি আহি হাহি এটা মাৰি কলে ” চাৰ । সিদিনা বেজৰ ওচৰলৈ শুকানী বাণ কাটিব গলো নহয়। আৰু দুবাৰ কাটিব লাগিব । মানুহ জনী অলপ ভাল পাইছেই। অকনমান চেহেৰাটো ভাল হৈছে । “”
মই একো নকলো । সন্ধিয়া শ্ৰীমতীক ধেমালিতে সুধিলো —
“” হেৰা । তোমাকো বিয়াৰ আগতে কোনোবাই ‘শুকানী বাণ ‘ মাৰিছিল নেকি হে । ইমান খীন মীন আছিলা যে ।’ শ্ৰীমতীয়ে কথাটো শুনি হাঁহি হাঁহি কলে ” অকল মোকেই নহয় বহুতকে মাৰিছিল চাগৈ ।” তাৰপাছত শ্ৰীমতীয়ে হাঁহি হাঁহি তেওঁৰ বৌয়েক, মামীয়েক, মাহী, লগৰ বোৰৰ আগত শুকানী বাণৰ কথাটো কলে। যিসকল আগতে ধুনীয়া লাহী খীন মীন আছিল । তাৰ পাছতেই ধুনীয়া ধুনীয়া যুবতী বা মহিলালৈ সঘনাই অহা বহুতো ” ফ্ৰেণ্ড ৰিকুৱেষ্ট ” ৰ দৰেই মোলৈ ও ৰিকুৱেষ্ট আহিব ধৰিলে । মামী মাহী পেহী বৌ এওঁৰ লগৰ সকলোৰে এটাই ৰিকুৱেষ্ট — তেওঁলোক বহুত শকত হৈ গৈছে গতিকে যেনেতেনে সেই বেজটোক কৈ তেওঁলোককো ” শুকানী বাণ ” ডাল মৰাই দিব লাগে । “”
উপায় নাপাই বিকুলক মাতি সুধিলো –” তোমাৰ সেই বেজটো কত থাকে হে । মোৰো কাৰোবাক শুকানী বাণ মৰাব লাগে ।”” সি কলে “” চাৰ । এইজন বেজে শুকানী বাণ কাটিব হে জানে, মাৰিব নেজানে নহয় ।”” মনতে ভাবিলো আও । একেবাৰে অভিমন্যু টাইপ বেজ দেখোন । অভিমন্যু ই চক্ৰ বেহুত সোমাব জানে কিন্তু ওলাব নজনাৰ দৰে এইজন বেজেও দেখোন ” শুকানী বাণ “কাটিব হে জানে কিন্তু মাৰিব নেজানে ।
সেয়ে তাক সুধিলো — ” তেতিয়া হলে কেনেকৈ জানিবা তোমাৰ মানুহ জনীক কোনে শুকানী বাণ মাৰিলে? ?
সি হাহি এটা মাৰি কলে –” তিনি নম্বৰ বাৰ বেজে বাণ কটাৰ পিছতে ওলাই পৰিব কোনে শুকানী বাণ মাৰিছিল “। মই সুধিলো –” তোমাৰ কেইবাৰ হল বাণ কটা ??”
সি কলে যে বাণ কেবল শনিবাৰে হে কাটিব পাৰি । অহা শনিবাৰে তিনিবাৰ হব আৰু তেতিয়াই গম পোৱা যাব কোনে শুকানী বাণ মাৰিলে ।”
এতিয়া অধীৰ আগ্ৰহেৰে বাট চাই আছো অহা শনিবাৰলৈ । বেজৰ নাম আৰু ঠিকনা গম পাম।।
আপোলোকৰো কোনোবা বেছি শকত আৱত হৈছে নেকি? শুকানী বাণ মৰাই পুনৰ সেই লাহী লচপচী জনী হব মন গৈছে যদি মোক কব । এড্ৰেছ দিব পাৰিম । শুকানী বাণৰ প্ৰকোপত যদি বেছি শুকাই খীণাই যায় তেনেহলেও কোনো চিন্তা নাই । শুকানী বাণ কটিব জনা জনৰ ঠিকনা মোৰ ওচৰত ইতিমধ্যে আছেই! !!!
☆ ★ ☆