শুকান ভোট জলকীয়া কৰাৰ ঘৰুৱা পদ্ধতি- অসীম শইকীয়া
অসমত হোৱা ভোট জলকীয়াৰ চাহিদা দেশে -বিদেশে এতিয়াও বহুত৷ এতিয়া হয়তো এক কেজি শুকান ভোট জলকীয়াৰ দাম চাৰিহাজাৰ টকাৰো অধিক হব৷ তিনিবিধ শুকান ভোট জলকীয়া পোৱা যায়, machine dry, smoke dry, sun dry. মেচিনত শুকুৱাৰ বাহিৰে স্মক ড্ৰাই আৰু চান ড্ৰাই কৰোতে পকা ভোট জলকীয়াৰ ৰঙা ৰঙটো ৰখোৱাটো বহুত কঠিন হয়৷ স্মক ড্ৰাই জলকীয়াবোৰ প্ৰায় ক’লা পৰে আৰু চান ড্ৰাইবোৰ শেঁতা পৰি যোৱা যেন দেখি৷ পূৰঠ পকা জলকীয়াৰ ৰঙটো যদি প্ৰাকৃতিকভাৱে শুকুৱাই ৰাখিব পাৰি, তেন্তে ৰ’দত শুকুওৱা জলকীয়াৰো সমান চাহিদা থাকিব বুলি ভাবিব পাৰি৷
মই অতীজতে এটা সময়ত মুম্বাইৰ দুজনমান এজেণ্টৰ যোগেদি যথেষ্ট পৰিমাণৰ শুকান ভোটজলকীয়া বিদেশলৈ পঠিয়াইছিলোঁ৷ তাৰে ৬০% মই নিজা পদ্ধতিৰে ঘৰতে শুকান কৰা জলকীয়া আছিল৷ কাৰণ মেচিন ড্ৰাই জলকীয়া পাবলৈ টান হয় আৰু ডিমাপুৰ যোৰহাটৰ যি কেইটা কোম্পানীয়ে কৰে বুক হৈ থাকে৷ উপায় নাপায় ঘৰতে শুকান কৰি লওঁ৷
পদ্ধতিটো সম্পূৰ্ণ ৰ’দত কৰা বুলি ক’লে ভুল হব৷ আচলতে ছাঁতে শুকোৱা হয়৷ ইয়াৰ আগতে যি পদ্ধতিতে নুশুকাও লাগিলে পকা জলকীয়াটোৰ ৰঙ মদৰুৱা হৈ পৰিছিল৷
পদ্ধতিটো মতে, পাঁচফুটমান ওখ এটা ড্ৰাম লব লাগে, দুয়োফালে খোলা৷ ড্ৰামটো খাপ খোৱাকৈ এটা চৌকা সাজি লৈ ড্ৰামটো চৌকাটোত খাপ খুৱাকৈ দিব লাগে৷ এতিয়া বাঁহৰ ডাঙৰ চালনী এখন ড্ৰামটোৰ ওপৰত থৈ, এবাৰত তিনি কিলোমান জলকীয়া চালনী খনত দিব লাগে৷ চৌকাটোত শুকান কাঠ খৰিৰ জুই দিব লাগে৷ বাঁহৰ জুইৰে নহব৷ ড্ৰামটোৰ লগতে ওপৰত থকা চালনীখনো গৰম হব এতিয়া৷ জলকীয়াখিনি এবাৰ দুবাৰ লৰাই দিব লাগে৷ পাঁচমিনিটৰ পাছত দেখি যাব যে জলকীয়াবোৰ ৰঙৰ উজ্জ্বলতা বাঢ়িছে আৰু জলকীয়াবোৰৰ ভিতৰত থকা পানী বোৰো বাষ্পীভূত হব ধৰিছে, তেতিয়াই নমাই থব লাগে৷ এনেকৈ এবাৰত দুই তিনিকিলো জলকীয়া কিছু পৰিমাণে তাপ দি নমাই থব লাগে৷ এই পদ্ধতিত জলকীয়াৰ ওপৰত লাগি থকা যিকোনো ভেঁকুৰ জাতীয় পদাৰ্থ আঁতৰি যায় আৰু সহজে জলকীয়াবোৰ বেয়া নহয়৷
এতিয়া এটুকুৰা মুকলি ৰ’দ ঘাই ঠাইত দুটা খলপা কৰি দুখন পুৰণি এলুমিনিয়াম টিঙ পাৰি ল’ব লাগে৷ ধৰা হ’ল এখন টিখ চাৰিফুট মান ওখত থলে মাটিৰ পৰা আৰু আনখন চাৰি ফুট সাত ইঞ্চিত সিখনৰ ওপত থোৱা হ’ল৷ যাতে দুয়োখনৰ মাজেৰে বতাহ চলাচল কৰিব পাৰে৷
এতিয়া তলৰ টিঙখনত জুইৰ তাপত দিয়া জলকীয়াখিনি আনি মেলি দিব লাগে, আৰু ওপৰৰ টিঙখনৰে ঢাকি দিব লাগে৷ পাৰিলে তলৰ টিঙখনত থকা জলকীয়াবোৰ এখন কপাহী বগা কাপোৰৰে ঢাকি দিব লাগে৷ মনত ৰাখিব লাগে যে একেবাৰে নতুন টিনপাত দি কামটো কৰিব নোৱাৰি৷ কাৰণ নতুন টিঙবোৰে সূৰ্যৰ পোহৰ বেছি প্ৰতিফলিত কৰে৷ জলকীয়াবোৰৰ ৰঙ উৰি যাব পাৰে৷
এতিয়া দুয়োখনৰ টিঙৰ সাত আঠ ইঞ্চিৰ ব্যৱধানত থকা জলকীয়াবোৰৰ মাজেদি তাপৰ সঞ্চালন হ’ব, কাৰণ সূৰ্যৰ পোহৰত ওপৰৰ টিঙখন গৰম হৈ উঠিব আৰু তলৰ টিঙখনলৈ তাপৰ পৰিবহণ হৈ তলৰ টিঙখনো গৰম হৈ উঠিব৷ আনপিনে দুয়োখন টিঙৰ মাজেদি বতাহৰ চালচলনো সুবিধাজনকভাৱে হৈ থাকিব৷
ভাল ৰ’দ দিলে দুদিনতে জলকীয়াবোৰ শুকাই যায়৷ জ্বলা বা গুণাগুণৰো বিশেষ পৰিৱৰ্তন নহয়৷ বৰঞ্চ পকা জলকীয়াতকৈ বেছি উজ্জ্বলহে হৈ পৰে ৰঙটো৷ ইচ্ছুক ব্যক্তিয়ে এই পদ্ধতিৰে শুকুৱাই চাব পাৰে৷
দাদা আপোনাৰ লগত কথা পাতিব পাৰিম নেকি জনাব নেকি