শুকুনা পিঠা (অৰুণিমা শৰ্মা)

 

 

 

 

 

 

 

 

অসমীয়া ৰাইজৰ বাবে এই পিঠা বিধ অচিনাকি নহয়। নাৰিকল বা তিলৰ ভেৰ মাজ ভাগত ভৰাই এই পিঠাবিধ

খোলাত দি সেকি তৈয়াৰ কৰা হয়।

 

১.প্ৰথমতে দুই কেজি বৰা ধানৰ চাউল চাৰি ঘণ্টামান সময় তিয়াই ৰাখক।

২.পিছত চাউলখিনি খৰাহীত ঢালি পানী নোহোৱা কৰি ল’ব।

৩.তিলখিনি ভালদৰে ধুই ৰ’দত শুকাই ল’ব। তিলৰ বাকলিখিনি সামান্য গুচাই ল’ব। তিলখিনি আগতে তেল নিদিয়াকৈ ভাজি ল’ব। তিলৰ অনুপাতে গুৰখিনি দিব।

৪. চাউলখিনি গুৰি কৰি পানী নথকা পাত্ৰত হাতেৰে আঠা নভঙা কৈ হেঁচি থব।

৫.জুই কমকৈ দিব, যাতে পুৰি নাযায়।

৬.প্ৰায় ১০ মিনিটত চাৰিখন পিঠা সাজিব পাৰিব।

তাৰ পিছত গৰমে গৰমে পৰিবেশন কৰক আৰু অসমীয়া ভোগালী বিহুৰ সোৱাদ লওক।

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!