শুভকামনাৰ পথ ( মালবিকা বৰা )

Subha Kamonar Path_Malobika Bora

শুভকামনাৰ পথবোৰ মুক্ত হ’লে

সেই পথবোৰে লৈ আহে

কিছুমান সেউজীয়া পোহৰ

আনুষ্ঠানিক আত্মীয়তাৰে নবন্ধাকৈও

ফৰকাল হৈ থাকে বুকুৰ নগৰ

শুভকামনাৰ অদৃশ্য পথত

শিলৰ ভেটাবোৰ সকলোৱে নিদিয়ে

সেয়ে ইজনৰ পৰা সিজনলৈ

নিজে নিজে গঢ়ি উঠে সাঁকো

জীৱনৰ নিখূঁত মঞ্চত

যেতিয়া চৰিত্ৰাভিনয় চলি থাকে

নাটকৰ সাময়িক বিৰতিত

আমি নিজক বান্ধি ৰাখিব নোৱাৰোঁ

চলমান ছবিবোৰ সুঁৱৰি

আমি ইজনে সিজনক আঁকোৱালি ধৰোঁ

শুভকামনাৰ পথ খুলি থ’লে

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!