শুভ নৱবৰ্ষ: দিগন্ত কুমাৰ ভট্টাচাৰ্য

(মাজে মাজে দেউতাই কাষৰ ৰুমৰ পৰা টিভিৰ ভ’লিউম কম কৰাৰ মৃদু ধমকি এটা দিয়ে। মায়ে আকৌ মাজে মাজে শুবলৈ যাব কয়। ১ তাৰিখে যদি পুৱা সোনকালে নুঠো, গোটেই বছৰটোত হেনো শুই উঠোতে পলম হ’ব। তাতে পুৱাই গৈ মনে মনে গ্ৰিটিংছ কাৰ্ড কেইখন কাষৰ কেইঘৰৰ দুৱাৰমুখত পেলাই থৈ অহাৰ কামটোও আছেই…….)

গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত ৰাতি ন’ বজাৰ পৰা আৰম্ভ হ’ব ‘স্বাগতম নৱবৰ্ষ’। এঘন্টাৰ অনুষ্ঠান। আঁত ধৰিব জনপ্ৰিয় অভিনেতা প্ৰাঞ্জল শইকীয়া আৰু অভিনেত্ৰী মৃদুলা বৰুৱাই। তাৰ আগতে কিন্তু ভাত খাই ল’ব লাগিব। দহ বজাৰপৰা বাৰ বজালৈ যে ডিডি-ৱানত আন প্ৰ’গ্ৰাম দিব। আজি কাষৰে ৰাতুদাদাহঁতৰ ঘৰত মুৰ্গী ৰান্ধিছে। তেওঁলোকে আমাৰ বাবেও দিম বুলি কৈছে। মায়ে সৰু মাছ ভাজিছে। তেল শেষ হ’ল। কাষৰে ডেকা জেঠাহঁতৰ ঘৰৰ পৰা দৌৰি গৈ একাপ তেল লৈ আহিলোঁ, পিছদিনা বজাৰৰপৰা আনিলে ঘূৰাই দিম বুলি। ক’ৰবাৰ পৰা বতাহত উৰি আহিছে গান-‘কবুতৰ যা যা’…’মেইনে প্যাৰ কিয়া’ৰ গান। এইখন চিনেমাৰ আটাইবোৰ গানেই ইমান ধুনীয়া! মাঘ বিহুৰ সময়ত এৰাতিৰ বাবে যেতিয়া ভিচিপি ভাড়াত আনিম, এইখনো আনিব লাগিব এইবাৰ। ‘কয়ামত চে কয়ামত তক’খনো বোলে আকৌ আনিব দাদাহঁতে।

……এমোকোৰা হাঁহিৰে টিভিৰ পৰ্দাত প্ৰাঞ্জল শইকীয়াৰ আৱিৰ্ভাৱ হ’ল। তেওঁ পিন্ধা চাৰ্টটো চাগে’ খুউব ধুনীয়া হ’ব। ভিন্নৰঙী। আমাৰ ব্লেক এণ্ড হোৱাইট টিভিটোত বগা, অলপ কম ক’লা, অলপ বেছি ক’লা এনেকৈহে দেখিছো তেওঁৰ চাৰ্টটোত অঁকা ফুলবোৰ। তেওঁ কাৰ্যসূচীসমূহৰ কথা ক’লে। মইনুল হক’ৰ মূকাভিনয়ো আছে। সেইটো মিছ কৰিব নোৱাৰি। অনুষ্ঠান চলি থাকিল। মাজে মাজে দেউতাই কাষৰ ৰুমৰ পৰা টিভিৰ ভ’লিউম কম কৰাৰ মৃদু ধমকি এটা দিয়ে। মায়ে আকৌ মাজে মাজে শুবলৈ যাব কয়। ১ তাৰিখে যদি ৰাতিপুৱা সোনকালে নুঠো, গোটেই বছৰটোত হেনো শুই উঠোতে পলম হ’ব। তাতে পুৱাই গৈ মনে মনে গ্ৰিটিংছ কাৰ্ড কেইখন কাষৰ কেইঘৰৰ দুৱাৰমুখত পেলাই থৈ অহাৰ কামটোও আছেই……..।

..কথাবোৰ ভাবি থাকোতেই বুকুখনত মৃদু কঁপনি এটিৰ অনুভৱ কৰিলোঁ। ছেহ, ম’বাইলটো যে কিয় ভাইব্ৰেচন মোড’ত ওপৰৰ পকেটত থওঁ! বহুতে বেয়া বুলি কয়। দেখিলোঁ লগৰ এজনৰ ফোন।
‘হেল্লো, ক’চোন…’

‘ঐ, স্কাই ৰেষ্ট’ত আহিছোঁ..পালোঁ পাঁচখন পাছ। পাৰ পাছ ছিক্স থাউজেণ্ড! ৱাইন-ডাইন যি মন যায়, নো এক্সট্ৰা চাৰ্জ! এঘন্টাৰ ভিতৰত আহি যা। ৰাতি দুই-তিনিটালৈ……।’
তাৰ পিছৰ কথাখিনি নুশুনিলোঁ, বিৰাট হুলস্থূল। হয়তো পাৰ্টি আৰম্ভ হ’লেই…কাষত ফুল ভ’লিউমত বাজিছে গান-‘তেৰা প্যাৰ প্যাৰ প্যাৰ হুকা বাৰ….’।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!