শুভ নৱবৰ্ষ পৃথিৱী (পলাশ বৰা)
(পৃথিৱী, কাইলৈ খুলিবিনে নতুন খিড়িকী-/এবাৰ ক’, কেনেকৈনো জ্বলাব পাৰি তেজপিয়াৰ সাম্ৰাজ্য/নাঙঠ জনতাক ভেঙুচালি কৰি কেনেকৈ চপাব পাৰি ধন কোৰোণাৰে/ আৰু কিমানবাৰ পৰাজিত হ’ব লাগিব আন্না হাজাৰে/চৰিওফালে এতিয়া দেখোন ৰাজা-কালমাডীৰ জয়ধ্বনি।…)
চৌদিশে অন্যায়, অপসংস্কৃতি, দুৰ্নীতি, অপশাসনৰ ৰাজত্ব। নৱবৰ্ষই নতুন বেলিটোৱে পাৰিবনে আমাক এখন সুন্দৰ পৃথিৱী উপহাৰ দিবলৈ? সেই প্ৰশ্নকে আশা আৰু প্ৰত্যয়েৰে তুলি ধৰিছে কবি পলাশ বৰাই…
শুভ নৱবৰ্ষ পৃথিৱী
পলাশ বৰা
বগাই বগাই কেলেণ্ডাৰৰ তিনিশ পঁইষষ্ঠিটা কোঠালি
হেঁপাহৰ পৃথিৱী, কাইলৈ খুলিবি কোনখন খিড়িকী
অলপো ফাঁকি নিদিয়াকৈ কাইলৈ নিজৰ সৈতে হ’বিনে মুখামুখি
লুটিয়াই চাবিনে বিগত দিনৰ ক’লা-বগা দিনলিপি !
কাইলৈ কোনখন হাতেৰে বুটলি আনিবি ৰ’দ এমুঠি
স্বৰ্গীয় ৰঙেৰে উপচাই দিবিনে শিশুহঁতৰ চোতাল
কাইলৈৰপৰা মচি দিবিনে দৰিদ্ৰতা-ক্ষুধা-হতাশা
কিহেৰে সজাবি গৃহহীন মানুহৰ উৰুখা কপাল !!
কাইলৈ উদুলি-মুদুলি তোৰ সম্ভাৱনাৰ পদূলি
ক’চোন, কেতিয়াবা জীপাল হ’বনে কৃষকৰ ছনপৰা মাটি
কেনেকৈ সাৰি যায় এনামূল, হাৰি যায় গদাপাণি
ডিঙিত বানপানীৰ কলহ বান্ধি আত্মহত্যা কৰিবলৈ সাজু হয় প্ৰাণৰ মাজুলী
জি এছ ৰোডত কলংকিত হয় পংকিল গুৱাহাটী
অস্তিত্বৰ ৰাজনীতিত অস্তিত্ব হেৰাব নেকি বাগৰুম্বাৰ ধ্বনি !!
পৃথিৱী, কাইলৈ খুলিবিনে নতুন খিড়িকী-
এবাৰ ক’, কেনেকৈনো জ্বলাব পাৰি তেজপিয়াৰ সাম্ৰাজ্য
নাঙঠ জনতাক ভেঙুচালি কৰি কেনেকৈ চপাব পাৰি ধন কোৰোণাৰে
আৰু কিমানবাৰ পৰাজিত হ’ব লাগিব আন্না হাজাৰে
চৰিওফালে এতিয়া দেখোন ৰাজা-কালমাডীৰ জয়ধ্বনি।
মাথোঁ এবাৰ ক’-
কিমান ’দামিনী’ ধৰ্ষণেৰে ধৰ্ষিতা হ’ব আধুনিকা দিল্লী !
আফগানিস্তান, ইৰাক কেতিয়াবাই ইতিহাস হ’ল, পৃথিৱী
এতিয়া ইজিপ্ট-লিবিয়া-চিৰিয়া নাইবা উত্তৰ কোৰিয়া
কেনেকৈ ৰুধিবি আমেৰিকাৰ কুটিল ’চাল’
পাঁচশ বছৰীয়া ইতিহাসৰ ভেটিত থিয় হৈ
যি সলনি কৰিব খোজে তোৰেই ইতিহাস !!
অজস্ৰ সম্ভাৱনাৰে তোৰ পদূলি উদুলি-মুদুলি
কাইলৈ কোনখন খিড়িকী খুলি ৰ’দ মাতিবি, প্ৰাণৰ পৃথিৱী !!