শূন্যত প্ৰতিশোধ (২) (প্রদ্যুৎ জ্যোতি শইকীয়া)

ছায়ফিক ধাৰাবাহিক উপন্যাস

শূন্যত প্ৰতিশোধ

–      প্রদ্যুৎ জ্যোতি শইকীয়া


নিউয়ৰ্ক চহৰ, আমেৰিকাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ |তাতেই আইতাকৰ তত্বাৱধানত একলা দুকলাকৈ বাঢ়ি ৰবাৰ্টচন দোলাকাষৰীয়াই ১৬ বছৰত ভৰি দিলে |সমাপ্ত কৰিলে স্কুলীয়া শিক্ষাও |নিজৰ পচন্দ ইচ্ছাৰ বাবেই হওক বা দেউতাকৰ তেজৰ বাবেই হওক ৰবাৰ্টচনে এৰোস্পে’চ ইঞ্জিনিয়াৰিঙত নাম ভৰ্তিৰ বাবে আবেদন কৰিলে |মাক জুলিয়াই তাৰ সিদ্ধান্তত সন্মতি দিলেও পৰামৰ্শও আগবঢ়ালে শৰীৰতত্ব বিভাগৰ নৈশ শাখাত নামভৰ্তিৰ বাবে |অনিচ্ছা সত্বেও দুটা গধুৰ বোজা নিজৰ কান্ধত ল’বলৈ ৰাজী হ’ল সি |আবেদন অনুসাৰে নাম ভৰ্তিৰ বাবে সন্মতি পালে এৰোস্পে’চ ইঞ্জিনিয়াৰিঙত |কাৰণ ৰবাৰ্টচনৰ আই.কিউ আছিল সকলোতকৈ আগত |প্ৰশ্ন সোধা মানুহজন আৰু ৰব’টকেইটাই ৰবাৰ্টচনৰ বাপেকৰ নাম শুনি অকণমান দেৰি তভক মাৰি ৰৈছিল |এৰোস্পে’চ পাঠ্যক্ৰমৰ নিয়ম মতে শিক্ষাগত অৰ্হতাতকৈ আই.কিউ বেছি হ’লে নামভৰ্তিৰ সুযোগ আগতে দিয়া হয় |সেয়ে সি চিট পালে |এৰোস্পে’চত বেছি গুৰুত্ব দিয়াৰ বাবে শৰীৰতত্বৰ একেবাৰে শেষৰ, মানে ৰাতি ১২টাৰ পাছৰ শ্ৰেণীতহে ভৰ্তিৰ অনুমতি পালে ৰবাৰ্টচনে |ভালেই পালে ১৬ বছৰীয়া ৰবাৰ্টচনে |কাৰণ মাজৰাতি এলক’হল(বিয়েৰ) খাই ক্লাছ কৰাৰ মজাই বেলেগ |

একবিংশ শতিকাৰ শেষ বস্তু বুলি ক’বলৈ সেই পদহে আছিল ২১০৩ চনত, মানে বিয়েৰ |তাকো উচ্চ দাম দি কিনিব লাগে এলক’হল ডিটেকটৰ ৰব’ট কেইটাৰ পৰা অগোচৰে |সি ইমান মদ বা নিচাৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰা নাছিল আগতে |কিন্তু মাকে বাপেকৰ আদৰৰ সম্পত্তি বুলি তাৰ লগত দি পঠিওৱা ট্ৰাংকটোৰ ভিতৰত আৱিষ্কাৰ কৰিছিল একেবাৰে পকা অসমীয়া সাঁজৰ গুটি কেইটামান | লগত কিবা কিবি লিখা আছিল যদিও বুজি পোৱা নাছিল সি |ইণ্ডিয়ান ডিপাৰ্টমেণ্টৰ আছাম শাখাৰ স্যাৰ্চত বিচাৰি বিচাৰি শেষত পাইছিল সি গুটি কেইটাৰ অৰ্থ আৰু লগতে সাঁজ তৈয়াৰ কৰাৰ পৌৰাণিক ৰেচিপি |পিছে চাউলৰ ঠাই কেপচুলে লোৱাৰ সময়ত দুৰ্বাৰ বাসনা সত্বেও সাঁজ তৈয়াৰ কৰাৰ আশা পৰিত্যাগ কৰিছিল ৰবাৰ্টচনে |পিছে সৌভাগ্য আহিছিল অজানিতে |ৰব’টৰ স্পে’চ-দৌৰত তাৰ ৰব’টে প্ৰথম স্থান লাভ কৰাত সি লাভ কৰিছিল এমুঠি জীৱন্ত খাঁটি অসমীয়া বৰা ধান |দেউতাকৰ ডেকা কালৰ ডায়েৰীখনত উল্লেখ থকা মতে সি এটা ধানৰ কঠীয়া সিঁচিছিল তাৰ নিজৰ লেব’ৰেটৰীত এখন ট্ৰেত |পৰীক্ষামূলক ভাৱে |সকলো উপাদান পোৱাৰ পাছত লহপহকৈ বাঢ়িছিল এজোপা ধান গছ |লাগিছিল প্ৰায় ২৫০ গ্ৰাম ওজনৰ ধান |আইতাকৰ অগোচৰে, ঘৰৰ ভিতৰতে |আকৌ এবাৰ ডাঙৰকৈ খেতি কৰিলে সি, প্ৰায় ১০ ফুট মান ঠাইত |এইবাৰ বেছি পালে |বহুত কষ্টৰ বিনিময়্ত চাউলৰ ৰূপ দিছিল সি ধানখিনিক, খেৰ আৰু নৰা সোপা আইতাকৰ অগোচৰে ৱে’ষ্ট ডিছপ’জেললৈ পঠাওঁতে কিমান কষ্ট হৈছিল সি হে জানে |দেউতাকৰ ডায়েৰীত থকা ৰেচিপিৰ চমু আভাস আৰু ইণ্ডিয়ান ডিপাৰ্টমেণ্টৰ পৰা অনা ডকুমেণ্টৰ সহায়ত সি তৈয়াৰ কৰিছিল খাঁটি অসমীয়া সাঁজ |পিছে জাতত আহোম আইতাকে গোন্ধটোৰ কাৰণে ধৰাই পেলাইছিল তাক |ৰক্ষা পৰিল তাৰ বিশ্বাসী ৰব’টটোৰ কাৰণেহে |সাঁজ থোৱাৰ চাৰি নম্বৰ দিনাই সি উত্‍সাহত ডাঙি চাইছিল |গোন্ধটো চাৰি কোঠালীৰ ঘৰটোত বিয়পি পৰিছিল |পিছে থাউকতে ৰব’টটোৱে সুগন্ধি চটিয়াই দিয়াতহে….|আইতাকেতো চিঞৰ মাৰিছিলেই “কি গোন্ধাইছে অ’ বোপাই” |পিছে সাঁজ পকাৰ দিনা আইতাকক কেনেকৈ আঁতৰাব সেইটো ভাবিহে অশান্তিত পৰিল ৰবাৰ্টচন |চিন্তা কৰিলেই বুদ্ধি ওলায় |লগৰে জিমি বৰাৰ দেউতাক বৰ অতিথিপৰায়ণ হেনো |চন্দ্ৰৰ ফুৱেল ডিপাৰ্টমেণ্টত কাম কৰে |বছেৰেকীয়া ছুটীত ঘৰলৈ আহিছে |জিমিক কৈ বাপেকৰ হতুৱাই ৰাতি ১১ বজাৰ পাছত নিমন্ত্ৰণ দিয়ালে আইতাকক |আইতাকেও ভালে্‍ই পালে, বহুত দিন অসমীয়া মানুহ লগ পোৱা নাছিল |ৰাতি ১০.৩০ত ইঞ্জিনিয়াৰিঙৰ ক্লাচৰ পৰা আহি আইতাকক আগবঢ়াই থৈ আহি দেৰি নকৰিলে ৰবাৰ্টচনে |দেউতাকে লিখা মতে দেৱতালৈ এভাগ আগবঢ়াই বাকী খিনি গলাধঃকৰণ কৰিলে ৰবাৰ্টচনে |আহোমৰ  পোৱালি কাৰণে সোপাকে খালে সি |লগতে দেৱতাৰ ভাগটো‍ও |মাকে ফোন কৰিলে ধৰা পৰিব কাৰণে ঘৰৰ লাইন কাটি শৰীৰতত্ব বিভাগৰ ক্লাচলৈ ওলাই গ’ল ঢলংপলঙকৈ ৰবাৰ্টচন |লগৰ কোৰিয়ান ল’ৰাটোৱে ফ্লাইং কাইটখন ড্ৰাইভ কৰিলে বুলিহে |সি চলোৱা হ’লে কেইটা এয়াৰ ট্ৰেফিক্ টাৱাৰ ভাঙিলেহেঁতেন সিহে জানে |শৰীৰতত্বৰ ক্লাচত গোটেই পেটতো ওকট-পাকট লাগি থাকিল তাৰ |ভাগ্য ভাল এলক’হল ডিটেক্তৰ ৰব’ট কেইটা নাই আৰু তাৰ পাৰ্ফিউমটো‍ও বেচ উগ্ৰ |কোনেও ধৰিব পৰা নাই |কোনোবা নতুনকৈ অসমৰ পৰা অহা ছোৱালী এজনীৰ লগত চিনাকিও কৰি দিলে জিমিয়ে |নাম নিশি |পুৰণি নাম |পিছে ৰবাৰ্টচন সেইবোৰলৈ মন দিব পৰা অৱস্থাত নাই |কাৰণটো সি হে গম পাইছে |নতুন ছোৱালীজনীক সি চাৰিজনীমান দেখিছে |ক্লাচ শেষ হ’ল |পয়মালটো হ’ল সেইখিনিতেই |জিমিয়ে ক’লে, “নিশি তোমাৰ লাইনতে থাকে | এপাৰ্টমেণ্টত ড্ৰপ কৰি দিবা” |সি মনে মনে ভয়েই খালে |অকলে ড্ৰাইভ কৰিব পাৰিবনে নাই সেইটো সন্দেহ আছে |তাতে আকৌ ছোৱালী এজনীক লৈ যাব লাগে |না বুলিও ক’ব নোৱাৰি |কাৰণ জিমি তাৰ ভাল বন্ধু |যি হয় হ’ব বুলি উঠাই ল’লে তাইক |পিছে নিশিয়ে উঠি তাক কঁকালত ধৰিয়েই ক’লে “সাঁজ খাইছা তুমি” |কেনেকৈ গম পালে এই জনীয়ে |ৰবাৰ্টচনে মনে মনে ভাবিলে |পিছে তাৰ সকলো চিন্তা উল্টা-পুল্টা হ’ল অলপ দেৰি এয়াৰ ড্ৰাইভ কৰাৰ পাচতেই |খোলা বতাহ লাগি নিচা বেচি হ’ল তাৰ |তাৰ পাছত বমি কৰি দিলে |তাৰ পাছত তাৰ আৰু মনত নাই |হুঁচ হেৰুৱালে সি |সোঁ সোঁৱাই তললৈ নামি যোৱাহে দেখিছিল তাৰ ফ্লাইং কাইট্ খন |এবাৰ মাজতে কোনোবাই তাক সাৱটি কাইটৰ হেন্দেল ধৰা যেন পালে সি |নিশিৰ কথা সি পাহৰিয়েই গ’ল |ৰাতিপুৱা সাৰ পাই দেখে সি এখন বগা চাদৰৰ বিছনাত |ইফালে ফ্ৰে’ছনেছৰ কাৰণে নিশিয়ে কিবা কিবি কেপচুল আৰু দৰকাৰী বস্তু সংৰক্ষকটোৰ পৰা উলিয়াই আছে |গাটো ভাঙিবলৈ গৈ উদং দেহা দেখি চক খাই গ’ল সি |তাৰ ফ্লাইং কাইটৰ প্ৰটেক্তৰ চুটযোৰ ক’ত গ’ল |পাছ্ৱৰ্ড নোহোৱাকৈ কোনেও খুলিব নোৱাৰে সেইযোৰ |আৰু চুটৰ ভিতৰত পিন্ধা কাপোৰ খিনি ওলমি আছে নিশিৰ আলনাত |নিশিয়ে ইতিমধ্যে ফ্ৰেছ্ হোৱা কেপচুল এটা তালৈ আগবঢ়াই দিছিল |তাই তাৰ চক খোৱা চকু দেখি প্ৰশ্ন কেইটা নোসোধাকৈয়ে গম পালে |কৈ গ’ল কালিৰ ঘটনা |

নিচা লাগি বমি কৰাৰ পাছত বেহুঁচ হৈছিল সি |তাৰ পাছত তললৈ নামি যোৱা ফ্লাইং কাইটখন চম্ভালিছিল নিশিয়ে |একেবাৰে মৰাৰ পৰা বাছিল সি, লগতে নিশিও |নিশিয়ে এখন হাতেৰে তাক ধৰিছিল আৰু এখন হাতেৰে কৰিছিল ড্ৰাইভ |পিছে বিপদে সহজে নেৰে |বমিত ওলোৱা এলক’হলৰ গোন্ধ পাই কুকুৰে খেদা দিলে এলক’হল ডিটেক্টৰ ৰব’ট পুলিচ কেইটাই |ইপিনে গোটেই ফ্লাইং চুট যোৰত বমি ভৰ্তি তাৰ |সেয়ে গোন্ধটোৰ পিছ লৈছে ৰব’ট কেইটাই |চুটযোৰ খুলিবলৈ গৈ পাছৱ’ৰ্ডৰ কাৰণে বিপদত পৰিল নিশি |পিছে ফ্লাইং কাইট্ খনৰ মিটাৰৰ ওচৰত এটা তাৰিখৰ সৈতে ৰবাৰ্টচনৰ বাপেকৰ ফ’টখন দেখি কিবা এটা চিন্তা কৰি সেই কেইটা যোগ কৰি পোৱা সংখ্যাটো মাৰি দিয়াত চুট যোৰ খোল খালে |সাফল্যৰ হাঁহি এটা মাৰি ওপৰৰ পৰাই ৱে’ষ্ট ডিছপ’জেল এটাৰ জলন্ত্ব শিখাৰ মাজলৈ দলিয়াই দিলে ৰবাৰ্টচনৰ চুটযোৰ |গোন্ধ শেষ হোৱাত ৰব’ট কেইটাইও খেদা বাদ দি ৰৈ গ’ল |যেনেতেনে ড্ৰাইভ কৰি নিজৰ এপাৰ্টমেণ্ট পালে তাই |বেহুঁচ ৰবাৰ্টচনক নিজৰ একমাত্ৰ বিছনাখনত শুৱাই কাপোৰ সোপা খুলি দিলে তাই |পিচে নিচাত থকা ৰবাৰ্টচনে তাইক হাতত ধৰি টানি নিজৰ বুকুৰ মাজতহে সুমুৱাই ল’লে |নিশিয়ে বাধা দিয়াৰ সুবিধাই নাপালে |ৰাতিপুৱা নিশিয়ে সাৰ পাই আগতীয়াকৈ উঠি গা-পা ধুই ব্ৰেকফাষ্ট কেপচুল উলিয়াব লওঁতেই ৰবাৰ্টচনে সাৰ পালে |

গোটেই কাহিনীটো কোৱাৰ পাছত নিশিয়ে হাঁহি এটা মাৰি ক’লে- “বুজিলা বন্ধু, কালি ৰাতি কি হৈছিল” |নিজৰ মূৰ্খামিত নিজেই লাজ পালে সি |কোনো ছোৱালীক পাত্তা নিদিয়া ৰবাৰ্টচনে জীৱনত প্ৰথমবাৰ ছোৱালীৰ ওচৰত লাজ পালে |আত্মসন্মানত আঘাত লাগিল তাৰ |একো কথাৰ অৱতাৰণা নকৰি কাপোৰ পিন্ধি যাবলৈ লওঁতেই পিছফালৰ পৰা বাঁওহাত খনত টানি ধৰিলে নিশিয়ে |আছাৰ মাৰি সি ওলাই গ’ল ফ্লাইং কাইটখন লৈ |চুট অবিহনে |আইতাক চাগৈ চিন্তিত হৈ আছে |মনতে ভাবিলে সি |        (ক্ৰমশ:….)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!