শেলুৱৈ সপোন(-ঋতু চম্পক শৰ্মা)

শেলুৱৈ সপোন
————
জীয়াভৰলীয়েদি এদিন এটা
লহপহ হেঁপাহ উজাই..river
শিলঘৰীয়া এটাক
মেখেলাৰ সুতাৰে বান্ধোতে কি ক’লে জানা….
তোৰ বুকুতো হেনো
আছে বসন্তৰ চিকুন মাত
বৰষুণত তিতি তিতি গজিছে
কুমলীয়া কুহিপাত।
আস….
শিলৰ বুকুত গজি উঠে মোৰ
শেলুৱৈ সপোন।
( শোণিতপুৰ জিলাৰ মাজেৰে যোৱা জীয়াভৰলী নদীৰ শিল ঘৰীয়া মাছ আৰু মেখেলাৰ সূতাৰ পুৰণি কাহিনী এটা আছে)

********

(কবিৰ মতে ঋতু সাতটা, তাৰে এটা তুমি কিন্তু মোৰ মতে তোমাৰ মাজতেই আছে আটাইকেইটি ঋতু)
ঋতু
—–
১)    গ্রীষ্ম
ওচৰ চাপি  নাহিবা
তোমাৰ বুকুৰ উত্তাপত মই
মমৰ দৰে গলি যাও
২) বৰ্ষা
আকাশত কলীয়া মেঘ
মোৰ বুকুত ধুমুহা গাজনি
তোমাৰ চকুত বাৰিষাৰ বৰষুণ
৩)  শৰৎ
ওৰনিৰ আৰত শেৱালী চিকুন হাঁহি,
মোৰ মন আকাশত
শৰতৰ শুভ্রতা….
৪)  হেমন্ত
মোৰ আশাৰ সেউজীয়াত
তুমিয়েই ঢালিছিলা
হেমন্তৰ ৰং….
৫)  শীত
তোমাৰ অবান্তৰ খং
আৰু অভিমানত,
মোৰ হিয়াখন ঠেৰেঙা লাগে
জাৰত কপি উঠে
জীৱনৰ ৰসবোধ শুকাই আহে।
৬)  বসন্ত
তোমাৰ মাখিয়তি ফুলফুলা ওঁঠৰ হাঁহিত
কুলিয়ে মাতে, কেতেকী ফুলে,
মোৰ বুকুত বসন্তৰ
প্রথম জাক বৰষুণ নামে
আকৌ বহাগ আহে।

********

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!