শেষপৃষ্ঠা — বৰ্ণালী ভৰালী বৈশ্য
অকণো কষ্ট নোপোৱাকৈ মই কাপোৰখন আঁতৰাই শোৱাৰ পৰা উঠি বহিলোঁ। মোৰ দেহৰ ভৰ অনুপাতে ওজন যেন বহু পৰিমাণে হ্ৰাস হৈ গৈছিল। সেইদিনা মই উশাহ-নিশাহ লওঁতে বুকুত পোৱা কষ্টটোও অনুভৱ হোৱা নাছিল। মোৰ হাতৰ আঙুলিৰ জড়তাবোৰো সেইদিনা একেবাৰেই নাছিল। মগজুক পৰিক্ৰমা কৰি অজস্ৰ আধা অঁকা ছবি দুচকুৰ আগেৰে যেন পাৰ হৈ গৈ আছিল।
‘মোৰ কলমটো? মোৰ কলমটো ক’ত?’ পাগলৰ দৰে কলমটো বিচাৰি মই হাবাথুৰি খাইছিলোঁ। দোষ মোৰেই আছিল। সৰুৰে পৰাই মই বহুত বিশৃংখল প্ৰকৃতিৰ আছিলোঁ। মই কিতাপৰ আলমাৰীটোৰ ফালে আগুৱাই গৈছিলোঁ। সকলো উলট-পালট কৰি চোৱাৰ পাছতো মই সেই ফাইলটো তাত বিচাৰি পোৱা নাছিলোঁ। নাই নহয়, সেই ফাইলটো তাত নাছিল। …সেই যে উপন্যাসখন কেতিয়াও সম্পূৰ্ণ নকৰোঁ বুলি কৈ বাকচত তলা মাৰি থৈ দিছিলো! মই খৰখেদাকৈ বাকচটো খুলি ফাইলটো উলিয়াই আনিছিলোঁ। ক’ব নোৱাৰাকৈয়ে দুটোপাল পানী ক’ৰবাৰ পৰা আহি ফাইলটোত পৰিছিল। মই মোৰ চকু দুটা খেপিয়াই চাই তাত কিন্তু কোনো আৰ্দ্ৰতা বিচাৰি পোৱা নাছিলোঁ।
মই ফাইলটো খুলি এমূৰৰ পৰা পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ। এটা তপত হুমুনিয়াহ বুকুৰে পাৰ হৈ গৈছিল। এৰা, সকলোৰে ভাওবোৰ ময়েই লিখিছিলোঁ আৰু মই যি লিখি গ’লোঁ তাৰ পিছে পিছে মোৰ জীৱন ৰথ চেঁকুৰি গৈ থাকিল। প্ৰতিটো চৰিত্ৰৰ সংলাপ, ঊত্থান-পতন, জন্ম-মৃত্যু মই লিখি গ’লোঁ আৰু বাস্তৱত সেয়াই হৈ থাকিল। কিমানৰ ভৱিষ্যত মই নিৰ্ণয় কৰিছিলোঁ। অথচ মই মোৰ ভৱিষ্যত লিখিব পৰা নাছিলোঁ।
সেইদিনা, মই কলমটো তুলি লৈছিলোঁ, লিখি গৈছিলোঁ মাথোঁ লিখি গৈছিলোঁ। আৰু মাত্ৰ শেষ অধ্যায়টো লিখা শেষ হোৱাৰ কিছু আগতেই মই বাহিৰত এটা কোলাহল শুনিবলৈ পাইছিলোঁ।
মই কাণ দুখন যিমান পাৰে সিমান সেই কোলাহলৰ পৰা আঁতৰাই লিখাখিনি সম্পূৰ্ণ কৰিবলৈ প্ৰাণে-পণে চেষ্টা কৰিছিলোঁ।
ধা …… মমমম ….
প্ৰচণ্ড জোৰত মোৰ ৰুমৰ দৰ্জাখন মোৰ কাষত আহি উফৰি পৰিছিল। মই চক্ খোৱাদি পিছলৈ ঘূৰি চাই দেখিছিলোঁ এজাক মানুহ মোৰ ৰুমলৈ দৌৰি অহাদি সোমাই আহিছিল আৰু মোৰ বিচনাত শুই থকা কাৰোবাক ধৰি লৈ কান্দিছিল।
মই সাৱধানে আগুৱাই গৈ আছিলোঁ আৰু যাৰ বাবে সকলোৱে কান্দি আছিল তেওঁক মই স্পষ্টকৈ দেখা পাইছিলোঁ।
হয়, সেয়া ময়েই আছিলোঁ। মোৰ মৃত্যু হৈছিল। কেনেকৈ? মই গম পোৱা নাছিলোঁ। কাৰণ মই সেই উপন্যাসখনত মোৰ মৃত্যু লিখিব খোজোঁতেই হয়তো মোৰ মৃত্যু হৈছিল।
মই ফাইলটোলৈ চাইছিলোঁ। তাত ডাঙৰ আখৰেৰে লিখা আছিল …..
‘ক’ত হেৰাল শেষপৃষ্ঠা??’
এখন উপন্যাস, য’ত মই লিখা শেষ পৃষ্ঠাকেইটা কেতিয়াও কোনেও বিচাৰি নাপাব।
মই অট্টহাস্য কৰিছিলোঁ। অথচ কোনেও মোৰ ফালে ঘূৰিও চোৱা নাছিল। সেইদিনা মই দৰ্জাৰে নহয়, খিড়িকীৰে ৰুমৰ পৰা বাহিৰলৈ ওলাই আহিছিলোঁ। মোৰ যাত্ৰা পথটো বৰ সুগম হৈ পৰিছিল।