ত্ৰয়োদশ বৰ্ষ, চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৫ শক, নবেম্বৰ, ২০২৩

শেষ প্ৰহৰৰ কবিতা…(নিবেদিতা‬ হাজৰিকা)

শেষ হ’ব ধৰিছে পুৰাতন নিচা,

ৰংবোৰ ক্ৰমশঃ মদৰুৱা হৈ হৈ

নিৰবে বাঢ়িছে চেতনাত

ছাইৰঙী শিপা!
অবুজন বতাহজাক-

নাপাতিবি আৰু সোঁৱৰণি আৱেশ

বিষন্ন ব’হাগৰ বুকুত,

নোৱাৰ আনি দিব তয়ো

বৰদৈচিলাৰ উত্তাল সপোন।
সপোন –

আকাশে গুণগুণকৈ গাইছে

শেষ প্ৰহৰৰ গান

উপচি পৰক চোতালত তোৰ

বকুল ফুলৰ সুখৰ সুবাস!
অভিমানী বৰষুণ –

নাগাবি আৰু হেঁপাহৰ প্ৰিয় ঋতুৰ গান

নুখুলিবি সাঁথৰৰ ভাঙনি

দুখৰ এভাগ বিচাৰিলে দিবি

সুখবোৰ সযতনে ৰাখি!
*********************

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!