শেহতীয়া এটা কবিতা: কোকৰাঝাৰ চহৰৰ পৰা (বিচিত্র বৰদলৈ)

এই চহৰ খনেই ভাল
সন্ধিয়াটো বুলিলেই সান্ধ্য-আইন
ঘড়ীৰ পৰা খুলি থৈ সময়
ওঁঠত ওলোমাই লব পাৰি গান।
এই চহৰ খনেই ভাল
সন্ধিয়াটো বুলিলেই সান্ধ্য-আইন
অলস আবেলি এটাত দি বিলাসী বাগৰ
টেলিফোনিক চিঠিৰে লব পাৰি
অভিমানি প্ৰেয়সীৰ নিৰলস মনৰ খবৰ।
এই চহৰ খনেই ভাল
ব্যস্ততাৰ মৰুভূমিত যেন সময়ৰ সেউজীয়া মৰূদ্যান।
সময়ৰ আকাল পৃথিৱীত যেন দো খাই পৰা আঘোণীয়া পথাৰ।
স্মৃতিৰ আকাশ ইয়াতেই ফৰকাল
মহানগৰীক যন্ত্ৰণাতকৈ সান্ধ্য আইনেই ভাল…
 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!