শেৱালি দূবৰি—উৎপলা বৰুৱা

           প্ৰেমিক নিয়ৰ যেতিয়া
            পৃথিৱীলৈ আহে নামি
            আকুল আলিংগনেৰে
             জীপাল হয় শেৱালি,
        দূবৰিও নাথাকে হাত সাৱটি।

         প্ৰেম---নিয়ৰ শেৱালিৰ
            প্ৰেম---নিয়ৰ দূবৰিৰ

      তুলাচনীত হৃদয়ৰ অৰিয়া-অৰি
           প্ৰেমৰ ভৰৰ তাৰতম্যতেই
                নিৰূপিত স্বীকৃতি।

         শ্ৰেষ্ঠত্বৰ দাবীত হৃদয় নিৰুপায়
            কোনে দিব নিৰপেক্ষ বিচাৰ
                জিকা-হৰাৰ বাজীত
                 পাবনে প্ৰকৃত ন্যায়?

               উৎসৱময় ঋতুৰ উপহাৰ
                       শেৱালি
              নিয়ৰৰ ওৰণিৰে
              হৈ পৰে লাজুকী কুঁৱৰী
                       আৰু দূবৰি
              নিয়ৰ বিন্দুৰ মুকুতাৰে জিলিকা
                      নিমাতী সেউজী

              কাৰোবাৰ বুকুত বাজিব
                        প্ৰেমগীতি
               কাৰোবাৰ বুকুয়েদি ব’ব
                        বিষাদ বিননি।

                  প্ৰেমিক হৃদয় হাহাকাৰ
                  জীৱনদায়িনীক বিচাৰি
                   লবলৈ উশাহ এধানি
                   কাৰ যাদুদণ্ডৰ পৰশে
                       দিব বাৰু মুক্তি?
                 প্ৰেমত নিষিদ্ধতাৰ ফলক
                     জানো আঁৰিব পাৰি?
Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!