ত্ৰয়োদশ বৰ্ষ, চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৫ শক, নবেম্বৰ, ২০২৩

শেৱালি ফুলৰ দৰে ( মৌচুমী বৰি )

শেৱালি ফুলৰ দৰে কিছুমান স্মৃতি শুই থাকে সৰা পাতৰ দলিচাত

অনিচ্ছাকৃত গাম্ভীৰ্যৰে জগোৱা নহয় সেই স্মৃতি অথবা ইচ্ছাকৃতভাৱেও জাগি নুঠে সেই নিদ্ৰাৰত স্মৃতিময় ফুল

অথচ কপাহ-কোমল যেন

চুই দিলেই লাজুকীলতাৰ দৰে জাপখাই যোৱা

স্মৃতিভৰপক কাতৰতাত দুচকু সেমেকি উঠা

কোনো এক নিনাও কবিৰ হৃদয়ৰ পেৰাত জাপখাই থকা এমুঠি কবিতাযেন সেই স্মৃতি! !

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!