শৈশৱে ৰিঙিয়াই – সংগীতা ৰাজখোৱা

এটা সময়ত আমাৰ ঘৰখনত অভাৱ বোলা একো বস্তুয়ে নাছিল৷ কাৰণ সকলো ঘৰতে আছিল৷ অভাৱ মানে কিনিবলগীয়া হৈছিল কেৱল নিমখ আৰু কেৰাচিন তেল৷ দীঘলীয়া পদূলিটোৰ পৰা ঘৰৰ চোতাললৈকে দুয়োকাষে দুখন জেউৰা৷ দুয়োকাষে লানি লানি তামোলৰ গছ৷ তাৰ মাজে মাজে গোলাপ, তগৰ আৰু পাতফুলৰ গছ৷ সমানে সমানে দুয়োটা কাষতে দুজোপা একেছীয়া, দুজোপা কৃষ্ণচূড়া, দুজোপা স্থলপদ্ম, ৰাধাচূড়া আদি গছ৷ পদূলিৰ পৰা সোমাই আহিয়েই সোঁহাতে ভঁৰাল আৰু বাওঁহাতে গোহালিটো৷ প্ৰায় তিনিপুৰা মাটিৰ বাৰীখনৰ চাৰিওফালে দুতৰপিয়া জেউৰা৷ ঢাপত শিমলু, আম, নিম, ঔটেঙা, জলফাই, কঁঠাল আদি অনেক গছ৷ মূল ঘৰৰ পিছফালে শাক পাচলি, মৰাপাট, আদা, হালধি আদিৰ খেতি৷ আগফালে পদূলিৰ পৰা দুয়োকাষে প্ৰায় এবিঘা কৈ দুবিঘা মাটিত আলু৷ আলুৰ মাজে মাজে ৰঙালাও গুটি দিয়া থাকে৷ এই সকলোবোৰৰ গুৰিতেই মোৰ ককাৰ হাত দুখন৷ ৮টা হালোৱা, এহাল ম’হ আৰু ৭ হাল গৰুয়ে কৰা ৩৯ পুৰা মাটিৰ খেতিৰ ভঁৰাল, ৩২জনী খিৰতী গাই, এগোহালি গৰু, মুঠৰ ওপৰত অভাৱৰ ’অ’টোও নাইকিয়া এখন ঘৰ৷ ইফালে চাপৰিত কৰা, মাটিমাহ, মগু, মটৰ, তিল, সৰিয়হৰ দমবোৰৰ কথা নক’লোৱেইবা৷

সেইবোৰ এৰিলোঁ৷ এতিয়া আহো আমাৰ আপদীয়া ঘটনাটোলৈ৷ আমাৰ ঘৰৰ ল’ৰা-ছোৱালী তিনিটা৷ দাদা দুজন আৰু মই৷ ডাঙৰজন মোতকৈ ৮ বছৰ আৰু সৰুজন ৪ বছৰ ডাঙৰ৷ বছৰৰ ব্যৱধানত স্বাভাৱিকতে সৰুজনৰ লগত মোৰ বন্ধুত্ব বেছি৷ কোনোবাদিনা এটাৰ জ্বৰ হ’লে আনটোও স্কুল নাযাওঁ৷

তেনে এটা দিনৰ কথা৷ মোৰ অলপ জ্বৰ হোৱা বাবে দুয়োটা স্কুললৈ যোৱা নাই৷ মা-দেউতা দুয়ো শিক্ষক৷ ডাঙৰ দাদা আৰু মা-দেউতাও স্কুললৈ গ’ল৷ ককাৰ বাহিৰে ঘৰৰ বাকীবোৰ নিজ নিজ কামত ওলাই গৈছিল৷ গাটো অলপ ভাল পোৱাত আমি দুয়ো মাৰ্বল খেলাৰ কথা ভাবিলোঁ৷ খেলিবলৈ লৈছিলোঁ হে মাত্ৰ, ঠিক তেনেতে ককাই ক’লে — “ মই শিবিৰৰ পৰা আহোঁগৈ, তহঁত দুটাই আলুৱনি দুডৰালৈ মন কৰি থাকিবি৷ সৌ চুকটোত হেঙাৰখন (ককাই জেউৰাখনক হেঙাৰ বুলি কয়) অলপ ভাঙিল৷ গৰু সোমাব নোৱাৰে যদিও মন কৰিবি৷” ককা গ’ল৷ আমিও মাৰ্বল খেলাত মচগুল৷ এবাৰ চকুত পৰিল প্ৰকাণ্ড গৰু এজনী সোমাই আলু দুখলি খাই আছে৷ ককাইচোন কৈছিল হেঙাৰখনৰ ফুটাটো সৰু; আমি চিন্তাত পৰিলোঁ ’গৰুজনী সোমাল কেনেকৈ!’দুয়োটাই বিজুলী সঞ্চাৰে গৰু জনীৰ ফালে চোঁচা ল’লোঁ, লগে লগে তাই আমাতকৈ তিনি গুণ বেগেৰে একে জাপে ঢাপৰ নৰ্দমা পাৰ হৈ দৌৰ মাৰিলে৷ ৰক্ষা পৰিলোঁ, কমচেকম ককাই আহি নেদেখিলে৷ আমি আকৌ মাৰ্বলত লাগিলোঁহি৷ এপাকত আকৌ চকু পৰিল গৰু জনীয়ে আহি আকৌ আন দুখলি শেষ কৰিলে৷ কি হ’ব এতিয়া? ককাই যদি আহিয়েই চেক কৰেহি? এইবাৰ কথা পাতিলোঁ আগৰ বাৰ অলপ ওচৰতে খেদিলোঁ, এইবাৰ অলপ দূৰলৈকে খেদি থৈ আহিম৷ কথা মতেই কাম, দৌৰি দৌৰি প্ৰায় আধা কি.মি. মান দূৰত গৰুজনী থৈ আহিলোঁ৷ ফোঁপাই – জোপাই আহি আকৌ মাৰ্বলত ধৰিলোঁ৷ কিন্তু বিধিৰ বিপাক্, তাই আহি আকৌ চাৰি খলি মান খাই পেলালে৷ এইবাৰ শেষ৷ ৰাতিলৈ যে আমাৰ বিচাৰ বহিব খাটাং৷ মা- দেউতা স্কুলৰ পৰা আহিলেই আমাৰ বিচাৰ কৰিব৷ ভয়ৰ কোবত দাদাৰ লগত আলোচনা কৰিলোঁ, ’ৰাতিৰ বিচাৰতটো মাৰটো খামেই, গতিকে এইকো এসেকা দিব লাগিব৷ দাদাই কি (? )বুলি সোধাৰ লগে লগেই মই ক’লো- এইক যেনে তেনে ধৰি বান্ধি লৈ পিটন দিব লাগিব আৰু ককা অহাৰ আগতেই এৰি দিব লাগিব৷ কিন্তু সমস্যাটো হ’ল- ইমান ডাঙৰ গৰুজনী ধৰিম কেনেকৈ? আমি খেদি গ’লেই তাইচোন তিনিগুণ জোৰেৰে দৌৰ মাৰে৷ দাদায়ে গোহালিৰ পৰা এডাল ৰচী আৰু এডাল এচাৰি আনিলে৷ মোক ক’লে- “তই এই এচাৰিডাল লৈ ফুটাটোৰ মুখত ৰৈ থাকিবি৷ তাইক পাৰ হ’বলৈ নিদিবি৷ মই যেনেতেনে ধৰিমেই৷ যদি তোৰ ফালে যায় তই দুই হাতেৰে জোৰে জোৰে কানি মুনি দায় নাই’বুলি দুই ফালে মাৰি থাকিবি৷”

কথা মতেই কাম, মই চকু কেইটা মুদি, ‘কানি মুনি দায় নাই’ গায়েই আছোঁ দাদাই খেদিয়েই আছে৷ মুঠতে গোটেই আলুৱনিডৰা খটম৷ গৰুজনীয়ে গোটেইখন মহতিয়াই পেলালে৷ সুদীৰ্ঘ ১৫ মিনিটৰ সেই যুদ্ধৰ অন্তত তাইক কৰায়ত্ত কৰা হোৱাৰ পাছত পিটন পৰ্ব আৰম্ভ হ’ল৷ কিন্তু ঘৰত আগতেই নিৰ্দেশ যে গৰু বান্ধি পিটিব নাপায়৷ গতিকে ককা অহাৰ আগতেই সেই পৰ্ব সামৰিব লাগিব৷ মই দৌৰি পদূলিৰ পৰা ককা আহিছে নেকি চাই আহিলোঁ৷ দেখা পালোঁ ককা লাহে লাহে আহি আছে৷ গতিকে লৰালৰিকৈ প্ৰথমে মই দুচাত দি ক’লো- “ৰাতিলৈ আমাক খুৱাবি, এতিয়া তই খা৷ “দাদাই দিলে দুচাত৷ মই ক’লো “এচাৰি ডাল ঘূৰাই ল, তেতিয়াহে পাব মজাটো৷ “দাদাই ঘূৰাই লৈ এচাত মাৰিলে৷ মই হাত চাপৰি বজাই জঁপিয়াই আছোঁ৷ হঠাত দাদাই মোলৈ চাই দৌৰি আহিল৷ কি হ’ল একো টলকিবই নোৱাৰিলোঁ৷ সি গৰুজনী খুলি, মোক হাতত ধৰি একপ্ৰকাৰ চোঁচৰাই নিয়া দি নি ক’লে “তোৰ চোলাটোত গোটেই তেজ!” তাৰ মুখত ভয়ৰ চিন৷

আচলতে এচাৰি ডালৰ গুৰি ফালে আছিল এডাল বাঁহৰ চোঁচ৷ সেইডালে ওভতাই মাৰিব খুজোঁতেই মই পিছফালে থকাজনীৰ গাল খনত লাগি ওপৰে ওপৰে এচেৰেকা লৈ গ’ল৷ দাদাই গোন্ধোৱা বন সানি সানি মুখখন ডাঠ কৰি পেলাইছে৷ তেজ নৰয় হে নৰয়৷ বহু চেষ্টাৰ অন্তত তেজ ৰ’ল৷ সন্ধিয়া চুচুক-চামাককৈ ঘৰ সোমালোঁ৷ গোন্ধোৱা বনৰ গোন্ধ চাৰিও ফালে আমোল-মোলাই গৈছিল৷ ককাৰ সন্দেহৰ চকু দাদাৰ ওপৰত পৰাত তাক ধৰি পিটন লগালে৷ মই ফেঁকুৰি ফেঁকুৰি কান্দি দেউতাৰ কোচত উঠিলো৷ বাঁহৰ চোঁচডালে ইমান পাতলকৈ কাটিছিল যে মায়ে নতুন ব্লেড এখন গৰম পানীত ধুই আনি সেইচটা কাটি দিছিল৷

পিছদিনাৰ কথা, আলুৱনিডৰা দেখি ককাৰ মূৰ্ছা যোৱা অবস্থা৷ (শিক্ষা পাইছিলোঁ সেইদিনা, ‘বেয়া কামৰ ফল লগে লগেই পায়।’)

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!