শৈশৱৰ ভাওনাৰ ডোখৰীয়া স্মৃতি আৰু বৰ্তমানৰ কিছু অনুভৱ– অঞ্জুমণি শইকীয়া
শৈশৱৰ পৰাই ভাওনা মই বৰ ভালপাওঁ। ভাওনাত নচা সূত্ৰ, গায়ন-বায়ন, ভাৱৰীয়াৰ প্ৰৱেশ আৰু প্ৰস্থানৰ খোজ, ছন্দ থকা বচন মোৰ বৰ প্ৰিয়। মই যেতিয়া সৰু আছিলো আমাৰ ঘৰৰ ওচৰত থকা গেৰেজ এটাত প্ৰতি বছৰে বিশ্বকৰ্মা পূজাত ভাওনা পাতিছিল। সেই ভাওনাত নাৰীৰ চৰিত্ৰ আমাৰ ঘৰৰ ওচৰৰ ছোৱালীবোৰে কৰিছিল। মোৰ নিজৰ বাইদেৱেও ভাওনাত অভিনয় কৰিছিল। বিশ্বকৰ্মা পূজালৈ এমাহ থকাৰ আগৰে পৰা আখৰা আৰম্ভ হৈছিল। দিনত যিহেতু গেৰেজৰ কাম চলিছিল, গতিকে আখৰা গধূলি আৰম্ভ হৈছিল। সেইকেইদিন মই বেলি থাকোঁতেই পঢ়া আৰম্ভ কৰিছিলো। সন্ধিয়া হোৱাৰ লগেলগে কাণখন থিয় হৈছিল খোলৰ শব্দ শুনিবলৈ। পঢ়া খতি কৰি আখৰালৈ যাবলৈ ঘৰত নিদিছিল। আখৰা চাবলৈ যোৱাৰ হেঁপাহত সেইকেইদিন মই সোনকালে পঢ়াত বহিছিলো। সেইখিনি সময়ত মই ভাওনা চাইছিলোঁ যদিও ভাওনাৰ সম্পূৰ্ণ নীতিনিয়মৰ বিষয়ে অজ্ঞ আছিলোঁ।
লকডাউন ঘোষণাৰ কেইমাহমান আগত আমাৰ ঘৰৰ ওচৰত ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। মোৰ সৰু ল’ৰাটোৰ পৰীক্ষা হৈ আছিল বাবে কেৱল মই শেষৰখন ভাওনাহে চাবলৈ পাইছিলো। সেই ভাওনাখনত মই আগতে নেদেখা আৰু নজনা বহুখিনি নীতিনিয়ম দেখি যথেষ্ট অভিভূত হৈছিলো আৰু বৰ্তমানৰ আধুনিকতাৰ পৰশ থকা বিভিন্ন কাৰীকৰী কৌশল সমূহ দেখিও যথেষ্ট ভাল পাইছিলো। গায়নবায়নৰ আগত জোঁৰ লৈ যোৱা নিয়মটো দেখি ভাল লাগিছিল। সূত্ৰই নচা হাতৰ মুদ্ৰা, গীত, ভাৱৰীয়াৰ প্ৰৱেশৰ খোজ আৰু বচন শৈলী যথেষ্ট উন্নতমানৰ আছিল। ভাওনাখন চাই মই ইমানেই অভিভূত হৈছিলো যে মোৰ চাৰিওফালে থকা বিশাল মানুহৰ উপস্থিতিও সেই সময়ত অনুভৱ কৰা নাছিলো। উল্লেখযোগ্য যে যিসময়ত উইলিয়াম শ্বেক্সপীয়েৰৰ নাটক ইংলেণ্ডত প্ৰদৰ্শিত হৈছিল, তাৰো বহু দশক আগতেই গুৰুজনাই “চিহ্নযাত্ৰা” ভাওনাৰ জৰিয়তে অসমীয়া নাট্যব্যৱস্থাৰ যিডাল গুৰিবঠা ধৰিছিল সিয়েই আমাৰ সমগ্ৰ অসমীয়া জাতিৰ উৎকৃষ্ট কলা-সংস্কৃতিৰ ঐতিহ্য সমগ্ৰ বিশ্বৰ আগত উদঙাই দেখুৱাইছিল। গুৰুজনালৈ পুনৰবাৰ শ্ৰদ্ধাত মূৰ দোঁখাই গৈছিল। গৌৰৱ কৰিছিলো অসমত জন্ম লোৱাৰ বাবে, গৌৰৱ কৰিছিলো হাড়েহিমজুৱে অসমীয়া হোৱা বাবে। গুৰুজনাৰ সৃষ্টি সদায় অটুট থাকক তাৰেই কামনা কৰোঁ।