শৈশৱৰ ভাত-ধেমালি খেলবোৰ: মৌচুমী বৰি

নাটকৰ জীৱন আৰু জীৱনৰ নাটক বিশেষ

শৈশৱৰ ভাত-ধেমালি খেলবোৰ

মৌচুমী বৰি

স্মৃতিৰ সফুঁৰা খুলি হাতত কলম লৈ বহিছোঁ; জীৱন নামৰ কিতাপখনৰ শৈশৱৰ পৃষ্ঠাবোৰ যেন এখন এখনকৈলুটিয়াইছোঁ- সোণালী শৈশৱৰ স্মৃতিবোৰে আহি অগা-দেৱা কৰিছেহি… আমি খেলা-ধূলা কৰিবলৈ সমনীয়া এজাক মানেই আছিলো—লুকা-ভাকু, এচ-প্ৰেছ, আইৰে আমাৰ তগৰ, আবদাব, কবাদি আদি খেলৰ পৰা ধৰি অমৰা, শিলিখা, বগৰী গছৰ তলে তলে ঘুৰি-ফুৰালৈকে…ক’ত কি যে নকৰিছিলোঁ আমি… …প্ৰাথমিক স্কুলত পঢা দিনবোৰত পাঠ্যপুথিৰ “শিলৰ চোলা” কাহিনীটোৰ আলম লৈ “নাটক নাটক” খেলিছিলোঁ। মই ৰজাৰ ভাও লৈছিলোঁ; আমাৰ নাটক নাটক খেলৰ দর্শক আছিল মা-দেউতা, দাদা, বাইদেউ…. আৰু অভিনয় কৰি দাদাৰ পৰা পোৱা ২ টকাৰে আমাৰ নাটক কৰা পার্টিটোৱে কেচা চানা কিনি খাইছিলোঁ। তেনেকোৱা দিনবোৰতে আমি “শকুনিৰ প্ৰতিশোধ” নাটকখন কৰাৰ পৰিকল্পনা কৰিছিলো যদিও কৰা নহ’ল। আমাৰ সেই ভাত-ধেমালী খেলা দিনবোৰত আমি “ঘৰ ঘৰ” খেলিছিলোঁ; আমি সমনীয়া বোৰে দুঘৰ হৈ ইঘৰে সিঘৰক চাহ-ভাত খাবলৈ মাতিছিলোঁ। মা-দেউতাহঁতে যিদৰে আলহীক আদৰ-সাদৰ কৰি বহুৱাই, খোৱা পৰিৱেশন কৰে তথা কথা-বতৰা পাতে সেইবোৰকে আমাৰ ভাত-ধেমালীটো অভিনয় হৈছিল। কেতিয়াবা যদি দোকানী হৈছিলোঁ, কেতিয়াবা হৈছিলোঁ মন্দিৰৰ পূজাৰী; পূজাৰীৰ ৰূপত আমি সংস্কৃতৰ এই কবিতাফাঁকি মন্ত্ৰ ৰূপে ব্যবহাৰ কৰিছিলোঁ-“বিকচতি কমলং,বিলচতি চলিলং,পবনে বহতি চলিলং,দিচি দিচি ধাৱতি,নৃত্যতি কূজতি,খগকোল মতিচয লোলম…..”

কেতিয়াবা নার্চৰ অভিনয়, কেতিয়াবা ডাক্তৰ, কেতিয়াবা বাচৰ কনডাক্তৰ……
কেতিয়াবা খেলিছিলোঁ “স্কুল স্কুল”—সমনীয়া খিনিৰ আধাভাগে ছাত্ৰ-ছাত্ৰীৰ ভাও লৈছিল আৰু দুগৰাকীমানে শিক্ষকৰ ভাও লৈছিল। কঠাল পাতবোৰকে বহী কৰি তাত সৰু মিহি মাৰিৰে (কলম) ধুনীয়াকৈ লানি লানি ফুট ফুট কৰি আখৰ লিখা হৈছিল;”পৰীক্ষা পৰীক্ষা” পাতি নম্বৰ দিয়া হৈছিল।
“মন্ত্ৰী মন্ত্ৰী” খেলত আমি নিজৰ হাতখনকে মুঠি মাৰি মাইক্ৰফ’ন বনাই নেতাৰ দৰে ভাষণ দিয়া দিয়ি কৰিছিলোঁ।কি কি খেল যে নেখেলিছিলোঁ!! “দৰা-কইনা”, বিহু বিহু”, “ঈদ ঈদ” খেল ইত্যাদি ইত্যাদি…আজিকালি দেখো মোৰ আঢৈ বছৰীয়া কণমানি দুজনীয়ে আমাৰে অভিনয় কৰে। আমি দুইজনীকে কেনেকৈ ভাত খুৱাওঁ, কান্দিলে কেনেকৈ নিচুকাওঁ তাৰে অবিকল অভিনয় যেতিয়া তাহাঁতৰ পুতলাবোৰৰ লগত কৰে নাহাঁহি নোৱাৰোঁ ।দুইজনীয়ে পুতলাবোৰক গা-ধুৱাই দিয়ে, চেম্পু কৰি দিয়ে, কান্দিলে নিচুকাই, পানী খুৱাই দিয়ে,ভা ত খুৱাই দিয়ে আৰু আমি কোৱা কথাবোৰকে আধাফুটা মাতেৰে সংলাপ দিয়ে।শৈশৱৰ খেল-ধেমালীবোৰত যে অসচেতনভাৱে নাটকৰ প্রতিচ্ছবি আছিল সেইকথা এতিয়াহে অনুভৱ কৰিছোঁ…

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!