শৈশৱ আৰু বৰ্তমানৰ ৰঙালী (দ্বীপেন শইকীয়া)

শৈশৱ আৰু বৰ্তমানৰ ৰঙালী

বিহু আহিলেই সোঁৱৰণীৰ বাটেদি দৌৰ মাৰোঁ মোৰ ল’ৰালিৰ দিন বোৰলৈ। তুলনা কৰোঁ তাহানিৰ ল’ৰালিৰ ৰং আৰু বৰ্তমানৰ যান্ত্ৰিকতা। চ’তৰ পহিলা দিনাৰ পৰাই আঙুলিৰ মূৰত হিচাপ আৰম্ভ কৰো, বিহুলৈ আৰু কিমান দিন। ব্যস্ততাই ভিৰ কৰেহি, হুঁচৰি গাব লাগিব। গতিকে ঢোল চোৱাব লাগিব, কোন কোন গাঁৱত এই বাৰ হুঁচৰি গোৱা হ’ব, এইবাৰ দলত কোন কোন থাকিব ইত্যাদি ইত্যাদি। আমি সৰুবোৰৰ গাত আহৰি নাই। এই আলোচনাবোৰ হৈছিল গৰু চৰাবলে যাওঁতে। তাৰ মাজতে মাখিয়তী বিচৰা কামটো আছেই।

সন্ধ্যা ঘৰ সোমাই দেউতা অহালে বাট চাওঁ আৰু চাইকেলৰ টিলিঙাটোৰ মাতটো শুনা মাত্ৰকে দৰজা খন খুলি চাইকেলৰ হেণ্ডেলত আৰি অনা বেগটোলৈ চাওঁ, কিজানি আজিয়ে দেউতাই বিহুৰ কাপোৰ আনিছে? দেউতাৰ অৱসাদেৰে ভৰা মুখখন খন্তেকৰ বাবে আমি পাহৰি যাওঁ। যিদিনা গৌতমৰ দোকানৰ কাপোৰ আহি আমাৰ হাতত পৰেহি, বিশেষকৈ মোৰ আনন্দৰ সীমা নোহোৱা হয়। পিছৰ দিনাৰ পৰা লগৰ বোৰক সেইয়া দেখুৱাওঁতে বিহু আহি পোৱালৈকে নতুন কাপোৰত মলি ধৰে গৈ।

আঙুলিৰ হিচাপৰ অন্ত পৰি বিহু আৰম্ভ হয়। ডাঙৰ বোৰৰ লগত গৰু গা-ধুৱাবলৈ যোৱা , গৰু চাট মৰা অভ্যাস তেতিয়াৰে পৰা ( আজিও সেই সোৱাদ এৰা নাই)। সেইদিনা বোকা খেলা পৰম্পৰা। ৰং- ধেমালি, হুঁচৰি গোৱা ইত্যাদি ব্যস্ততাত দিন কেইটা অন্ত পৰে। নামঘৰৰ ওচৰতে থকা জৰি গছ জোপাত বিহুৱান বান্ধি বিহু উৰুৱাই থৈ অহাৰ দিনা মনটো গধুৰ লাগে।

আৰু এনেকৈয়ে পাৰ কৰিলোঁ মোৰ সেই সোণালী শৈশৱ। আমি ব’হাগ বিহু বুলিলে কেৱল ৰং ধেমালিতে মগন আছিলোঁ, য’ত নাছিল কোনো কৃত্ৰিমতা। বৰ্তমান চাৰিওফালে আধুনিকতাই গ্ৰাস কৰাৰ পথত বিহু মাথো এটা অনুষ্ঠান হে। আন্তৰিকতাৰ অভাৱত বহুতেই ইয়াৰ স্বকীয়তা সলনি কৰি পেলালে। বিশ্বায়নৰ প্ৰভাৱত বিহুৰ বাণিজ্যিক কৰণ হ’ল। আমদানি কৃত বিহুৱান আৰু ভোগালি জলপানৰ প্ৰভাৱত বিহুৰ মাদকতাই সলনি হ’ল। কিছু কিছু অঞ্চলৰ পৰা গিৰিপ গিৰিপ ঢেঁকীৰ মাত নাইবা খিটিক-খিটিক তাঁত-শালৰ মাত দুষ্প্ৰাপ্য হ’ল। আজিৰ প্ৰজন্মই হুঁচৰি গাবলে লাজ কৰিবলে ল’লে। চুৰিয়া – গামোচা পিন্ধি বছেৰেকৰ বিহুত লোকৰ চোঁতাল গচকাতো সন্মান হানিকৰ বুলি অনুভৱ হ’বলে ধৰিলে। লগে লগে বিহুৰ আয়ুস তুতি আহিল। আজি মই অনুভৱ কৰো এনে দিন আহিব, যি দিনা ব’হাগ বিহু বুলি ক’লে গুৱাহাটী ৰ লতাশিলৰ দৰে কেইখনমান মঞ্চহে থাকিব।

সেয়েহে বিহু আহিলেই মোৰ শৈশৱৰ দিন বোৰলৈ মনত পৰে। পিছে বৰ্তমান ৰঙালী মোৰ শৈশৱৰ পৰা বহু দূৰত।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Bhaben Sarmah
8 years ago

মাত্র আনুষ্ঠানিকতা বিদ্যমান||

Copying is Prohibited!