শ্বাপদ (মানৱেন্দ্ৰ কুমাৰ শৰ্মা)

‘এটেনশ্বন!’

হুৰহুৰাই বৰষুণজাক নামি আহিল আৰু সেই সময়তে দলপতিয়ে চিঞৰি উঠিল৷

পাহাৰীয়া ঠাইত বতৰৰ আগতীয়া অনুমান কৰা বৰ জটিল৷ ক্ষণিক আগলৈকে ফৰকাল হৈ থকা আকাশখন পিছ মুহূৰ্ততে কলীয়া ডাৱৰে আৱৰি ধৰে৷

মাটিত পেট পেলাই অনাদিয়ে নিজৰ অৱস্থান চাই ল’লে৷ বৰষুণ সংপৃক্ত এনে ঠাইত অলপ অন্যমনস্ক হ’লেই বিপদ৷ হাতখন প্ৰসাৰিত কৰি পোৱা দূৰত্বতে সুগভীৰ খাদ এটা৷ তাত পিছলি পৰিলে হাড়-মূৰ বিচাৰি পোৱাও সম্ভৱ নহ’ব৷ মহ-ডাঁহ বা গছৰ ওপৰৰ পৰা থলথল কৰে সৰি পৰা জোকৰ কথা বাদেই, অতৰ্কিতে বনৰীয়া জন্তু আহিও গাৰ ওপৰত জঁপিয়াই পৰিব পাৰে৷ সি সতৰ্ক হৈ উঠিল৷

সি আগলৈ চালে; পিছে নাই, তাৰ চকুত তেনে একো নপৰিল৷ বৰষুণে সমুখৰ সকলো আচ্ছাদিত কৰি তুলিছে; দূৰ দিগন্তলৈ যেন এডাল অকোৱা-পকোৱা সাপ হৈ কেৱল বাটটোহে পৰি আছে৷ সি কাণ উণাই শুনিব খুজিলে, বৰষুণৰ শব্দৰ লগতে সেই শব্দও ভাঁহি আহি তাৰ কাণত পৰা যেন লাগিল!

সি উচপিচাই উঠিল৷ চুড়ান্ত মুহূৰ্তটো যিমানে কাষ চাপি আহিছে তাৰ অস্থিৰতাও সিমানে বাঢ়িছে৷ অথচ এনে এটা মুহূৰ্তৰ বাবেই তাৰ ক’ত দিনৰ অন্তহীন প্ৰতীক্ষা! অকল প্ৰতীক্ষাইনে? নহয়, তাৰ লগতে এক দীৰ্ঘ পৰিক্ৰমাৰ প্ৰস্তুতিও৷

সুখৰ ঘৰখন থান-বান কৰা সেই দিনটোৰ পৰাই তাৰ এই প্ৰস্তুতি! তাৰ আৱেগ-অনুভূতিবোৰো যেন সিদিনাই জড় হৈ পৰিল৷ মাক-দেউতাকৰ মুখলৈও তেতিয়াৰ পৰা সি ভালদৰে চাব পৰা নাই৷ আৰু ভনীয়েক! উস্‌, তাইৰ কথা মনত পৰিলে আজিও তাৰ তেজ উথলি উঠে৷ তাইৰ মৰম আৰু মান-অভিমান ভৰা আব্দাৰবোৰ মনত পৰিলে অনাদিৰ দেহ-মন ভমক্‌ কৰি জ্বলি উঠে, সকলো ঢাঁহি-মুহি নিশেষ কৰি নিব যেন লাগে!

এতিয়া তাৰ প্ৰায়েই অনুভৱ হয়, সি যেন ভাগ্যদেৱীৰ কুটিল হাতোৰাত বন্দী এজন মাথো সামান্য সৈনিকহে৷ যিমান চেষ্টা কৰিলেও সেই বিধিলিপি খণ্ডোৱাৰ সাধ্য আৰু তাৰ নাই! আজিও তেওঁৰ বিধানমতেহে সি বাট বুলিছে৷ অথচ এদিন এনে কথা তাৰ কল্পনাতীত আছিল৷ পঢ়া-পাতিতো সি বেয়া নাছিল! মাক-দেউতাকৰ কত উজাগৰী নিশাৰ সপোন-ল’ৰা ডাক্তৰ হ’ব নে ইঞ্জিনিয়াৰ হ’ব? -ডাক্তৰ হোৱাই ভাল! তাৰ অন্তৰে পিছে সেইটো মানি নললে৷ খাবলৈ অনা পাৰযোৰো তাৰ বাবে দেউতাকে ঘৰতে মাৰিব পৰা নাছিল৷ তেজ দেখিলেও তাৰ মূৰ ঘূৰায়৷ তেনে এজনে শৱ ব্যৱচ্ছেদৰ দৰে কাম কৰিব পাৰিবনে? নোৱাৰে, নিশ্চয় নোৱাৰে৷ সেয়েহে মেডিকেল পঢ়াৰ বাবে নিৰ্বাচিত হৈও শেষত সি ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ হ’ল৷ মাক দেউতাকৰ ইচ্ছাক অগ্ৰাধিকাৰ দিব যাওঁতে সাহিত্যক মূল বিষয় হিচাপে লৈ পঢ়া তাৰ ইচ্ছাটো ক’ৰবাত নিঃপালি দিলে৷

পিছে জগতখন যি হিচাপে ঘূৰিছিল, সেই মতে তাল মিলোৱাৰ পাঠ অনাদিয়ে ঘৰখনৰ পৰা নাপালে৷ চাকৰিৰ বজাৰত চাৰ্টিফিকেটৰ লগতে গাঁঠি দিব পৰাকৈ তাৰ ধনো নাছিল, আৰু ধন থাকিলেও মন নাছিল৷ দেউতাকৰ লগৰ সহকৰ্মী বহুতে ঘিউৰে উদৰ পুৰোৱাৰ সময়ত সিহঁতে পৰম সন্তোষেৰে নিমখ ভাত খাইছিল৷ দেউতাকৰ কথা আছিল-ইহঁত দুটাই মোৰ সম্পত্তি৷ ইহঁত মানুহ হ’লেই হ’ল!

দেউতাকে এদিন মানুহ কৰিব খোজা সেই অনাদিয়ে এতিয়া বিপদসংকুল পৰিৱেশত এনেদৰে খাপ পিটি আছে৷ বৰষুণৰ পানী সোমাই ইতিমধ্যে তাৰ জোতাৰ ভিতৰখন চপ্‌চপীয়া কৰি পেলাইছে৷ মাজে মাজে বৈ অহা এছাতি চেঁচা বতাহে তাৰ গাত কঁপনি উঠাইছে৷ প্ৰশিক্ষণৰ সময়ত বতৰৰ এনে নিষ্ঠুৰতাৰ স’তে মোকাবিলা কৰাৰ পাঠ লোৱা আছে যদিও আজি সি কিছু অসহজ বোধ কৰিলে৷ পিছে এতিয়া আৰু নিজৰ সুবিধালৈ ভবাৰ একো অৱকাশ নাই৷ জিঘাংসা পূৰ কৰাৰ সেই সময়হে সমাগত!

অথচ দেউতাকে বিচৰা ধৰণে সিও এদিন মানুহ হোৱাৰেই সপোন দেখিছিল৷ চৰকাৰী চাকৰিৰ সেই তিক্ততাৰ পিছত মানুহ হোৱা পৰ্যায়ৰ আন এটা অধ্যায় সম্পূৰ্ণ কৰিবলৈ সি ওলাইছিল প্ৰায় অসূৰ্যস্পৰ্শা পাহাৰৰ সেই নিষ্কলুষ জনজাতিৰ মাজলৈ আধৰুৱা প্ৰজেক্ট এটা সম্পূৰ্ণ কৰাৰ দায়িত্ব লৈ৷ আগৰ তত্ত্বাবধায়ক জনে জীৱনৰ বহু উপাদান তাত সমৃদ্ধ নহয় বুলি আধাতে কাম এৰি গৈছিল৷ তেতিয়ালৈ তাতকৈ বহু কম নম্বৰ পোৱা কেইবাজনেও সাংবিধানিক সুৰক্ষা-কবচ বা দীঘল হাতৰ আলম লৈ তাৰ সমুখেৰে বিলাসী গাড়ীৰ ধোঁৱা উৰুৱাই চেঁকুৰিব পৰা হৈছিল৷ সিহঁতক তেনে ৰূপত দেখি তাৰ উদাস চাৱনিৰ সমানে মনটোও ভাগৰুৱা হৈছিল৷ ৰাজনৈতিক নেতাৰ সুবিধাবাদী চৰিত্ৰ আৰু তেওঁলোকে গঢ় দিয়া এনে কিছু প্ৰণালীয়ে তাৰ মনটো বিদ্ৰোহী কৰি তুলিছিল৷ সি কি কুলত জন্মিলে সেইটোও কি তাৰ ভুল? সি যদি সঁচাকৈ উপযুক্ত নহয় সেইটো বেলেগ কথা; কিন্তু সিহঁতে গঢ় দিয়া পদ্ধতিয়ে মূল্যহীন কৰা কিছুমানকে লৈ বাহিৰৰ জগতখনে যে মহাকাশত বিচৰণৰ সপোন দেখিছে, সেইয়া কি সিহঁতৰ চকুত নপৰে? সকলোতে কেবল ৰাজনৈতিক সুবিধাবাদৰ অংক, কেৱল উদৰ পুৰাই খাবলৈহে লাগে! দেশ ৰসাতলে যায় যাওক, তাত সিহঁতৰ কি আহে যায়? আমি পিছ পৰি নাথাকিমনে? পিছ পৰি থকাৰেই যোগ্য আমি৷ তাৰ তেজ উথলি উঠে৷

তেজ উথলি উঠা তেনে সময়তে দেউতাকেও কৈ আছিল, ‘ইয়াৰ পৰিস্থিতি বৰ সুবিধাজনক নহয়; দেশ উদ্ধাৰ হোৱালৈ আমাৰেই অস্তিত্ব থাকে নে নাথাকে সন্দেহ৷ বাহিৰলৈ ওলাই যা, নহ’লে সিহঁতক বিচাৰি নাপাই ইহঁতে তহঁতক কি কৰে ঠিক নাই৷’ তেতিয়ালৈ তাৰ চিনাকি কেইজনমান জীৱনলৈ ঘূণীয়া হৈছিল৷ দুজনমানৰ সম্ভেদেই নোলাল৷ অথচ ইয়াৰে ভিতৰৰ কেইজনমানৰ দেশ উদ্ধাৰৰ সৈতে একো সম্পৰ্ক নাছিল৷ পৰিস্থিতিৰ বাবে অনাদিৰ দেউতাকৰ মনত ভয় সোমোৱাতো স্বাভাৱিক কথা৷

পৰিস্থিতিয়ে ক্ৰমশ: চেপি-চেপি তাক চূচুৰ্মৈ কৰিব খোজা সেই সময়তে সি খবৰটো পালে৷ সি স্বস্তিৰে দীঘলকৈ উশাহটো টানিলে- তাত চাকৰি কৰাও হ’ব আৰু আজৰি সময়ত সঠিক পোহৰ নেদেখা মানুহখিনিক সি কিছু পোহৰ দেখুওৱাৰ চেষ্টাও চলাব পাৰিব!

এদিন জীৱন গঢ়াৰ সপোন লৈ পাহাৰ পোৱা সি আজিও পৰি আছে পাহাৰৰে এচুকত! পিছে সময়ৰ ছলনাত লক্ষ্য আৰু উদ্দেশ্যত কি যে বৈপৰীত্য! কথাবোৰ ভাবি তাৰ নিজৰে অসহজ লাগিল৷

কনভয়ৰ শব্দ ক্ৰমশ: স্পষ্ট হৈ আহিল৷ অনাদিয়ে পুনৰ এবাৰ নিজৰ অৱস্থান চাই ল’লে৷ পৰিৱেশটো চাই সিহঁতৰ স্থিতি নিখুঁতেই বুলিব পাৰি৷ পাহাৰৰ চূড়া এটাই সমুখৰ পৰা সিহঁতক আঁৰ কৰি ৰাখিছে৷ সেই চূড়া আৰু মূল পথৰ মাজত বিয়পি আছে সুগভীৰ খাদ৷ পিছফালৰ পৰা বন্য শ্বাপদ যিকোনো মুহূৰ্ততে জঁপিয়াই পৰাৰ ভয় আছে যদিও তেনে সম্ভাৱনাৰ মোকাবিলা কৰিবলৈ এই অভিযানৰ দুজনমান সহযোগী নিৰ্দিষ্ট ঠাইত খাপ পিটি আছে, দলপতিয়ে সকলো তদাৰক কৰিয়ে আছে৷ চকুৰে মণিব পৰা দূৰত্বতে দলংখন৷ তাৰ হাতত থকা ৰিমোটৰ এটা সংকেততে দলঙৰ ওপৰত উঠা কনভয়ৰ গাড়ী ছেদেলি-ভেদেলি হৈ পৰিব৷ তাৰ পিছতো দৰকাৰ হ’লে সেইফালে লক্ষ্য কৰি আগ্নেয়াস্ত্ৰ সাজু কৰি ৰখা আছে৷

হঠাৎ কিছু দূৰৈৰ গছ এডালৰ আঁৰত ছাঁয়া এটা যেন লৰচৰ কৰি উঠিল! কোন? তাৰ ভনীয়েক! অনাদিৰ তেনেকুৱাই লাগিল৷ সি শিয়ঁৰি উঠিল! তাই ইয়ালৈ কিদৰে আহিল! অনাদিৰ দুচকু সেমেকি উঠিল৷ চাকৰিলৈ প্ৰথমবাৰ ওলাওঁতে তাৰ হাতত তাইৰ এখন দীঘলীয়া তালিকা, সিও প্ৰথম দৰমহা পাইয়ে সেই তালিকা লৈ বজাৰ পাইছিল৷ পাহাৰীয়া ঠাইৰ সৰু বজাৰ, তালিকাৰ লগত মিল থকা দুই-এপদ বস্তুহে আছে৷ তাইৰ কিবা কামত আহিব যেন ভাবটো অহাত তালিকাত নথকা বহু বস্তুও সি টোপোলাত ভৰাইছিল৷ ’এইবাৰ ঘৰলৈ যাওঁতে এই তালিকা পূৰ কৰিহে টোপোলাটো তাইৰ হাতত তুলি দিম’-সি ভাবিছিল৷

পিছে দুৰ্ভাগ্য যাৰ জীৱন-ৰথৰ সাৰথি সেই ৰথে সুচল পথ চিনি পাবনে? খবৰটো পাই তাৰ উশাহ স্থবিৰ হৈ পৰিছিল৷ সি গৈ ঘৰ পোৱালৈ তাৰ মৰমৰ ভনীয়েক চোতালত কাঠ এডোখৰ হৈহে পৰি আছিল৷ শেষবাৰৰ বাবে চাবলৈ তাইৰ মুখৰ বগা কাপোৰখন আঁতৰাই দিওঁতে সি পুনৰ এবাৰ উচপ খাই উঠিছিল৷ কুঠাৰেৰে ঘপিয়ালেও নিশ্চয় কাঠ এডোখৰ তেনেদৰে ছিৰা-ছিৰ নহয়! কোনোবাই হেনো খবৰ দিছিল, সি চাকৰিলৈ নহয়, দেশ উদ্ধাৰৰ বাবে জংঘললৈহে গ’ল৷ তাক বিচাৰি নাপাই সিহঁতে ভনীয়েকৰ শৰীৰতে তাৰ সন্ধান চলালে৷ এপদ-এপদকৈ হেঁপাহেৰে পূৰ কৰা সেই টোপোলাটো তাইৰ চিতাত উঠাই দিওঁতে তাৰ হাতখন থৰ্‌থৰ কৰে কঁপিছিল৷ একো বিচাৰ নহ’ল৷ আৰু সুবিচাৰ হোৱাহেঁতেনো সি ভনীয়েকক ঘূৰাই নাপায়? ৰাষ্ট্ৰীয় অখণ্ডতা ৰক্ষাৰ নামত এইবোৰ বোলে তুচ্ছ কথা৷ খাল সিচোঁতে দুই/এটা শিঙিয়ে বিন্ধেই!

শিঙেয়ে বিন্ধে! সিহঁতৰ ব্ৰহ্মতালুত খোঁটটো দিয়াৰ পিছতো কয় শিঙিয়ে বিন্ধে! ৰাষ্ট্ৰনিয়ন্ত্ৰকৰ পদলেহনকাৰীৰ কথাই তাৰ তেজ পুনৰ এবাৰ উতলাই তোলে৷ তাৰমানে সিহঁতৰ ভেটা ৰখীয়া ইমানদিন কি উদহে আছিল? তাৰ মাজতে লুকাই আছে কিছু বিষধৰ সৰ্পও যি কেৱল দংশনৰ সুযোগহে বিচাৰি থাকে৷ অনাদিৰ এনে লাগিল বন্দুক এটা লৈ এই বিষাক্ত সৰ্পক এফালৰ পৰা গুলীয়াই গুলীয়াই তাৰ চৈধ্য-গোষ্ঠী বিনাশ কৰিব পাৰিলেহে যেন তাৰ অন্তৰৰ সেই দাৱানল কিছু শাত পৰিব৷ তাৰ অন্তৰত সেই হলাহল তীব্ৰ হৈ বিয়পিল৷

অনাদিৰ দুচকুৰে লোটক নিগৰিল৷ বহু কথাই তাৰ মন তোলপাৰ লগালে, হয়তো সি দুৰ্বল হৈও পৰিল৷ যেন চিনেমাৰ ৰিলৰ দৰে স্বয়ংক্ৰিয়ভাবে এফালৰ পৰা সেইবোৰ তাৰ সমুখত ঘূৰি আছে আৰু নিৰ্বাক, অসহায় দৰ্শক হৈ সি কেৱল চাই আছে!

আৰু নীৰা! সি সঠিক নাজানে এই স্মৃতিক আচলতে কি নাম দিয়া যায়! ভনীয়েকেই নীৰাৰ কথা কৈ কৈ তাকো কিছু ৰঙীণ কৰি তুলিছিল৷ নীৰাক তাৰ কোনোদিনে একোৱেই কোৱা নহ’ল; অথচ সেই দুৰ্দিনৰ সময়ত তাই তাৰ ছাঁ হৈয়ে অহৰহ ঘূৰি ফুৰিলে! শেষবাৰ সি ঘৰৰ পৰা আহোতে বাৰান্দাৰ ৰেলিঙত ধৰি তাই তাৰ ফালে একেথৰে চাই আছিল৷ তাইলৈ এবাৰ ঘূৰি চোৱাৰ তাৰো খুব মন আছিল; পিছে সি ভয় খালে; পৰিস্থিতিয়ে তাক অস্তমিত বেলি হ’বলৈহে প্ৰৰোচিত কৰি আছে, তাই যদি তাৰ চকুত উদিত সূৰ্যটো দেখে! তাইৰ চকুৰ সেই আকুলতাই তাক এতিয়াও সোঁৱৰাই, তাই নিশ্চয় সততে তাৰ বাবে তেনেকৈয়ে বাট চায়!

মাক-দেউতাকৰ মুখ দুখনো তাৰ সমুখত ভাঁহি উঠিল৷ মাক-দেউতাকে বাৰু এতিয়া তাৰ সঠিক খবৰ পায়নে? সিওঁ বহুদিন তেখেতসকলৰ খবৰ পোৱা নাই৷ চকুৰ আগতে ছোৱালীজনীক নেফানেফ কৰা দেখি অকালতে দুয়ো নুব্জ্য হৈ পৰিল৷ সৰু-সুৰা ধুমুহাই বিশেষ টলাব নোৱাৰা গছ দুডাল সেই ধুমুহাই একেবাৰে উঘালি থৈ গ’ল৷ তেতিয়াৰ পৰা দেউতাকৰ পেঞ্চনৰ টকাকেইটা দুয়োৰে ঔষধৰ নামতে লগা হ’ল৷ এতিয়া বা দুয়ো কেনেকৈ চলিছে? এই অভিযান শেষ হোৱাৰ পিছতে যেনে-তেনে এবাৰ ঘৰলৈ যাব লাগিব, দুয়োকে ডাক্তৰৰ ওচৰলৈ নি ভালকৈ দেখুৱাব লাগিব-ভাবিলে অনাদিয়ে৷ সি যে জীৱন-ঘড়ী বেলেগ দিশে ঘূৰালে তেখেতসকলে কিজানি সেই খবৰো সঠিককৈ নাপায়৷ আদৰ্শত অবিচল থাকি সততে নৈতিকতা আৰু মানুহ হোৱাৰ পাঠ দিয়া দেউতাকে ইমানৰ পিছত তাক বাৰু সহজভাবে ল’বনে? তাক ক্ষমা কৰি দিবনে? নে সি সঁচাকৈ ভুল কৰিব ওলাইছে? প্ৰতিশোধৰ নিচাই তাক অবিবেচক আৰু উন্মাদ কৰা নাইতো?

সেইবাৰ ঘৰৰ পৰা আহোতেই সি মন বান্ধি ওলাইছিল৷ ’দাদা’ দুজন মানক সি পাহাৰলৈ অহাৰ পিছত সঘনে লগ পাই আছিলেই৷ তেওঁলোকে কথাটো তাক আগতে দুবাৰমান কৈছিলো৷ সেই পন্থাৰ প্ৰতি আন্তৰিক আগ্ৰহ আৰু নিষ্ঠাৰ অভাৱত সিহে প্ৰলোভিত হোৱা নাছিল৷ সেইবাৰ ঘৰৰ পৰা অহাৰ পিছত সিও ম্যানমাৰৰ গভীৰ অৰণ্যত সোমাল৷

পিছে কিছু কথাই তাৰ সেই উদ্যম তেনেদৰে সজীৱ কৰি ৰাখিব নোৱাৰিলে৷ পৰ্বত দূৰৈৰ পৰাহে দেখাত ভাল, ওচৰ চাপিলেই খলা-বমা পৰিষ্কাৰ হৈ উঠে৷ দুজনমান মহাশয়ৰ লক্ষ্য আৰু উদ্দেশ্যৰ প্ৰতি তাৰ ধাৰণা অভ্ৰান্ত হ’লেও বেছিভাগৰে লক্ষ্য আৰু উদ্দেশ্য তাৰ বাবে সাঁথৰ আছিল৷ নিজকে বিশ্লেষণ কৰিও সি দেখিছিল, তাৰ নিজৰো তেনে একো মহৎ লক্ষ্য আৰু উদ্দেশ্য নাছিল৷ দখলদাৰী বাহিনী নিপাত কৰা জিঘাংসাটোৰ বাহিৰে তেওঁলোকৰ লগত অইন ক্ষেত্ৰত তাৰ বিশেষ মিলো নাছিল৷ দিন যোৱাৰ লগে লগে তাৰ মনত এই চিন্তাবোৰে লেটা হৈ বাহ সাজিলেও ভৰিখন সেই পৰিসীমাৰ ভিতৰলৈ নিজে আগবঢ়াই দিয়াৰ পিছত তাৰপৰা সি পিছুৱাই অহাৰ বা তাৰ বিবেকক প্ৰশ্ৰয় দি তাত থকাৰ একো অৱকাশ নাছিল৷ ওপৰৰ পৰা অহা নিৰ্দেশ পালনেই অনাদিহঁতৰ একমাত্ৰ ধৰ্ম আৰু কৰ্ম হৈ পৰিল৷

প্ৰশিক্ষণৰ সমাপ্তিত এনে এটা অভিযানত ভাগ ল’বলৈ পাই পিছে অনাদিৰ ভালেই লাগিল৷ প্ৰথম ঢাপতে বাঞ্ছিত আকাংক্ষা পূৰণৰ তেনে সম্ভাৱনাই তাক উত্তেজিত কৰি তুলিলে৷ পাহাৰৰ মাজে মাজে বাট কাটি অভিযানৰ বাবে সুচল যেন লগা সেই ঠাইত অস্থায়ী কেম্প সজা, ওপৰৰ পৰা অভিযানৰ বাবে সাজু হোৱাৰ সংকেত অহালৈ বাট চাই ৰোৱা, সময়ত দলঙৰ তলত বিস্ফোৰক সাজু কৰা-আটাইকেইটা ঢাপ অনাদিৰ বাবে বেছ ৰোমাঞ্চকৰেই আছিল৷

কনভয়ৰ গাড়ীৰ শব্দ ক্ৰমশ: স্পষ্টৰ পৰা স্পষ্টতৰ হ’ল৷

অনাদিয়ে মাটিত পৰি থাকিয়ে চকুত বাইন’কুলাৰ লগালে৷ সেইয়া যেন অকোৱা-পকোৱা সাপ এডালৰ পিঠিত উঠি কনভয়ৰ গাড়ী আগবাঢ়ি আহি আছে; মাজে মাজে পাহাৰৰ ভাঁজত অদেখা হৈ পৰিলেও ক্ষন্তেক পিছতেই পুনৰ দৃশ্যমান হৈ উঠে৷

অনাদিৰ কেনে লাগিল নিজেও ভালকৈ বুজিব নোৱাৰিলে৷ কিন্তু কনভয়ৰ গাড়ীৰ শব্দতকৈ তাৰ বুকুৰ ধপ্‌ধপনি তাৰ কাণত বেছি স্পষ্ট হৈ বাজিল৷ দলপতিয়ে সকলোকে সাজু হোৱাৰ নিৰ্দেশ দিলে৷ অনাদিয়ে ৰিমোটটো জোৰেৰে খামুচি ধৰিলে৷ তাৰ হাতৰ এটা টিপাত সেই কনভয় মুহূৰ্ততে ছেদেলি-ভেদেলি হৈ পৰাৰ সময় আহি পৰিল!

অনাদিয়ে বাইনকুলাৰটো থ’লে৷ এতিয়া চকুৰে মণিব পৰা সীমাৰ ভিতৰতে কনভয়, …এয়া কনভয়টো আগবাঢ়ি আহিছে…তাৰ সমুখত সকলো পৰিষ্কাৰ হৈ উঠিছে…একেদৰে তাৰ বুকুৰ ধপ্‌ধপনিও তাৰ কাণত স্পষ্ট হৈ বাজিছে… দলঙৰ ওপৰত এই আৰু কনভয় উঠেই, -সি সাজু হ’ল; তাৰ হাতৰ এটা মুহূৰ্তৰ হিচাপ-নিকাচতেই এতিয়া সমগ্ৰ অভিযানৰ সফলতা-বিফলতাৰ মান নিৰ্ভৰ কৰিছে…

দলঙত উঠাৰ আগমুহূৰ্তত কনভয়ৰ সমুখৰ গাড়ীখন ঘপহকৈ ৰৈ গ’ল৷ বাকী গাড়ীবোৰেও ৰে’লৰ ডবাৰ দৰে তাল মিলালে৷

অনাদিহঁত সকলোৱে উচ্‌পিচাই উঠিল-কি হ’ল?

সামৰিক পোছাক পৰিহিত কেইজনমান মানুহ গাড়ীৰ পৰা নামি আগলৈ দৌৰ দিলে৷ অনাদিহঁতে সঠিককৈ একো ধৰিব নোৱাৰিলে, আচলতে কি হ’ল! অনাদিয়ে বাইন’কুলাৰটো চকুত লগালে৷ সি দেখি আচৰিত হ’ল, ভালো লাগিল৷ গাড়ীৰ খুন্দাত আঘাতপ্ৰাপ্ত হৰিণা এটাৰ আপডালত মানুহ কেইজন ব্যস্ত! হৰিণাটো নিশ্চয় পাহাৰৰ পৰা নামি আহি অকস্মাতে গাড়ীৰ আগত পৰিল৷ এজনে ফাৰ্ষ্ট-এইড বক্সটোও গাড়ীৰ পৰা নমাই আনিলে৷ কাষৰে ক’ৰবাৰ পৰা উফৰি অহা গুলীয়ে যে তেওঁলোকৰ জীৱন বন্তি পলকতে নুমাব পাৰে তাৰ প্ৰতি এজনৰো ভ্ৰূক্ষেপ নাই! অথচ তেওঁলোকেও জানে যে বিপদসংকুল এই পথচোৱাত আগতে কেইবাজনো সতীৰ্থই প্ৰাণ হেৰুৱাইছে৷

অনাদিৰ মনটো কেনেবা লাগিল৷ সি প্ৰশিক্ষণৰ সময়ছোৱাত দেখিছে, লগৰ কেইজনমানৰ উৎপাতত হৰিণাতো বাদেই, বনৰ বান্দৰেও নিস্তাৰ নাপায়৷ কথাবোৰ মনলৈ অহাত নাতিদূৰৰ সেই মানুহ কেইজনৰ প্ৰতি তাৰ অন্তৰত এটা বেলেগ মোহ সোমাল৷ তাৰ এনে লাগিল, বাৰীত বহুত সাপ থাকিলেও সকলোবোৰেই নিশ্চয় বিষাক্ত নহয়, প্ৰত্যেকডালে নোখোঁটেও৷ আমাৰ অজানিতে সেইবোৰে আচলতে আমাৰ উপকাৰ কৰিহে থাকে৷

হঠাতে হোৱা সেই ঘটনাটোৱে অনাদিৰ মনত এটা কথাই খেলা কৰিলে৷ তাৰ সেই জিঘাংসা পূৰ কৰা উন্মাদনাতকৈ অমানুহ হোৱা যাতনাৰ ভৰে সেই মুহূৰ্তত তাক বেছিকৈ ভাৰাক্ৰান্ত কৰিছে৷ এই মানুহকেইজনৰ প্ৰয়োজন আছে, এনেদৰে সকলো নিঃশেষ কৰিব নোৱাৰি! যেনেকৈয়ে নহওক মানুহ কেইজনক বচাবই লাগিব! এই কথাটোৱে তাৰ অন্তৰত তোলপাৰ লগালে৷

কিবা এটা কৰিবই লাগিব- সি ঠাৱৰ কৰিলে৷

এই আঁচনিৰ বাস্তৱ ৰূপ দিবলৈ এই মুহূৰ্তত তাৰ কৰণীয় এটাই আছে৷ লাগিলে ৰামে অনুষ্ঠিত কৰা ৰাৱণ-বধ যজ্ঞত ৰাৱণে কৰাৰ দৰে তাৰ এই যজ্ঞত সি নিজেই পুৰোহিতালি কৰিব৷ দেউতাকেও তাক সদায় সোঁৱৰাইছিল- “সততে যাতে মানুহ হৈ থাকিব পাৰ’ এই চেষ্টাহে সদায় কৰিবি৷’ কথাটো মনলৈ অহাৰ লগে লগে প্ৰাণত সি এটা নতুন বল পালে৷ সি সেই মুহূৰ্ততে ৰিমোটটো দূৰলৈ দলিয়াব খুজিলে৷

পিছফালে এটা সৰু শব্দ হ’ল৷ অনাদিৰ মুখেৰে আৰ্তস্বৰ ওলাল৷ সি পিছলৈ ঘূৰি চালে, দলপতিৰ হাতৰ উদ্যত আগ্নেয়াস্ত্ৰৰ পৰা ধোঁৱা ওলাই আছে৷ দলপতিৰ চকুত হিংস্ৰ শ্বাপদৰ দৃষ্টি৷

অনাদিৰ দৃষ্টি ক্ৰমশঃ ধূসৰ হৈ আহিল ৷ সমুখৰ সকলোবোৰেই অস্পষ্ট হৈ কেৱল ভনীয়েকৰ অৱয়বহে তাৰ আগত স্পষ্ট হৈ উঠিল ৷ তাৰ পিঠিৰ পৰা বুকুলৈ যেন কিবা এটা উজাই আহিছে ৷ তাৰ এখন হাতৰ মুঠি খোল খালে, প্ৰসাৰিত সেই হাত সংকুচিত হৈ আহি তাৰ বুকুত লাগিল ৷ গৰম গৰম কেঁচা তেজৰ ফোঁৱাৰাত তাৰ হাত ৰাঙলী হ’ল ৷ বৰষুণৰ পানীয়ে সেই কেঁচা তেজৰ চিন ধুই নিবলৈ ধৰিলে ৷

শৰীৰৰ শেষ শক্তিকণ ব্যয় কৰি সি নিজকে খাদটোৰ অটল গহ্বৰলৈ নিক্ষেপ কৰিলে ৷ তাৰ হাতত ৰিমোটটো তেতিয়াও আছিল ৷

☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!