শ্বাহেনশ্বাহ — কৃষ্ণা দেৱী চৌধুৰী
ওৰ্কা ধৰা, চানা ধৰা, চোক্ৰা ধৰা, সোপাধৰাবিলাক সাধাৰণতে নতুনকৈ কল-ঘৰ, দলং আদিৰ কাম আৰম্ভ কৰাৰ সময়ত চতিয়া, চাৰিআলি, বিহালি, গহপুৰৰ ওচৰে পাজৰে থকা চাহ বাগানবোৰত ৰাতি পিয়াপি দি ফুৰে। আশীৰ দশকৰ শেষৰ ফাললৈকে দুৰ্গা পূজাৰ পৰা আৰম্ভ কৰি বৰ-দিনলৈকে এই বাগানবোৰত ইহঁতবোৰৰ আবিৰ্ভাৱৰ ভয়ত বুত্না, মাংৰা, টিটলি আদি ১০-১২বছৰীয়া ল’ৰাবোৰ “ফিৰি চিন্মা” বা বাগান শ্ব’ আৰু লগতে “ঝান্দি মুন্দা” আদি উপভোগৰ পৰা “যুগ-যুগ ধৰি” বঞ্চিত হৈ আহিছিল।
সেইসময়ত দেউতা কৰ্মসূত্ৰে লখিমপুৰত আছিল যদিও প্ৰতি শণিবাৰে ঘৰলৈ আহিছিল। সেইদিনা আছিল ফেব্ৰুৱাৰী মাহৰ শেষৰ পিনৰ শণিবাৰ এটা। অলপ অলপ ঠাণ্ডা আছিল। চাকৰিৰ কৰ্তব্য তথা দায়িত্ব অনুসৰি সেইদিনাও কেইবাখনো সমিতি পৰিদৰ্শন কৰি সন্ধিয়া দেউতা হাৰমতী ষ্টেছনত ঘৰ অভিমুখে ৰেলত উঠিছিল। ৰেলত উঠাৰ আগতে তেখেতে হাৰমতী হাটত দুটা জাপি কিনিছিল আগন্তুক খেতিৰ বতৰত প্ৰয়োজন হব বুলি।
ৰেলখন বিশ্বনাথ চাৰিআলি ষ্টেছন পায় মানে নিশা প্ৰায় বাৰ বাজিছিল। সেইসময়ত টিভিৰ প্ৰচলন হোৱা নাছিল। ঘৰে ঘৰে বিজুলী চাকিৰ ব্যৱস্থাও নাছিল আৰু থাকিলেও বিজুলীৰ সৰবৰাহ বহু বেছি অনিয়মীয়া আছিল বাবে গাঁৱৰ মানুহে সন্ধিয়া সোনকালে ভাত খাই শুই যোৱাই নিয়ম আছিল। দেউতা আহি পোৱালৈকে গাঁওখন শুই নিঃপালি দিছিল।
ৰেলৰ পৰা নামি ষ্টেছনৰ পৰা মূল ৰাস্তাৰে নাহি দেউতাই গাঁৱৰ ভিতৰৰ চমু ৰাস্তাৰে ঘৰলৈ পোনালে । হাৰমতীত কিনা জাপি দুটা হাতত লৈ আনিবলৈ অসুবিধা পোৱাত মূৰত পিন্ধিয়েই ল’লে। দেউতা আহি ঘৰৰ ওচৰৰ কেঁকুৰিটো পোৱাৰ সময়তে গাঁৱৰ মানুহ এজনে মাজ ৰাতিৰ প্ৰকৃতিৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাবলৈ বাহিৰলৈ আহি ৰাস্তাৰ কিনাৰত ধুতি কোঁচাই বহিছিলহে। টোপনিৰ জালতে পাতলীয়া জোনাক আৰু কুঁৱলীৰ মাজেৰে ৰাস্তাত ছ্যুট-বুট পিন্ধা, মূৰত প্ৰকাণ্ড টুপী পিন্ধা মানুহৰ দৰে কিবা এটা অকস্মাতে আহি সমুখতে ওলোৱা দেখি ভয় খাই “কোন ঔ” বুলি সুধিলে। দেউতায়ো জানো কি ভাবি আছিল, স্বতঃস্ফূৰ্তভাবে মুখেৰে ওলাই গ’ল “শ্বাহেনশ্বাহ”। মানুহজনে “আই ঔ মৰিলো ঔ” বুলি ধুতি কোঁচাই লগে লগে ঘৰত সোমাই দুৱাৰ মাৰিলে।
ৰাতিৰ ঘটনাটো পিছদিনা ৰাতিপুৱা চৰ্বিত চৰ্বন হৈ গাঁৱৰ মানুহৰ মাজত জনাজনি হৈ গ’ল। ৰাতিপুৱা ১১ মান বজাত আমাৰ ঘৰত মাজে মাজে পিঠাগুড়ি, কৰাই গুড়ি আদি খুন্দাত সহায় কৰি দিয়া মলমা বাই আহিয়েই মাক খবৰটো দিলে “আইটি, শুনিছানে, গাঁৱত বোলে কিবা শ্বাহেনশ্বাহ ওলাইছে। কোনোবা কোনোবাই ৰাতি ৰাতি শ্বাহেনশ্বাহক গাঁৱত ঘূৰি ফুৰা দেখিছে। ল-ছালি দুটাক বেছি ঘূৰি ফুৰিবলৈ নিদিবা। অকলে পালে ধৰি লৈ যাব। ৰাইজখনে বৰ ভয় খাই আছে।” মলমা বায়ে গাঁৱত শুনা মতে শ্বাহেনশ্বাহ বোলাটো মস্ত ওখ (দেউতা মধ্যমীয়া উচ্চতাৰ আছিল) ছ্যুট-টাই পিন্ধা, মূৰ ডাঙৰ, মূৰত মস্ত টুপী পিন্ধা প্ৰকাণ্ড মানুহ এটা । বিভিন্নজনৰ মুখ বাগৰি কথাটোৱে এনে এটা স্পৰ্শকাতৰ পৰ্যায় পাইছিলগৈ যে আমাৰ ঘৰৰ মানুহে কথাটোৰ ভেদ ভাঙিবলৈ সাহ নকৰিলে। কথাটো অলপ দিন ওচৰৰ গাঁওবোৰত মানুহৰ আলোচনাৰ বিষয়বস্তু তথা সন্ত্ৰাসৰ কাৰণ হৈ চলি থাকিল। ইতিমধ্যে ওচৰৰ বৰপুখুৰী, পাভৈ আদি বাগানৰো দুই এঠাইত শ্বাহেনশ্বাহ ওলাল। লাহে লাহে খেতিৰ বতৰ আৰম্ভ হ’ল আৰু তাৰ পিছে পিছে বাৰিষা আৰম্ভ হোৱাত মানুহবোৰ খেতিৰ কামৰ লগতে চেপা, ঠুহা, বৰশী আদিত ব্যস্ত হৈ পৰাত শ্বাহেনশ্বাহৰ কথা তল পৰিল।
বাৰিষা গৈ খৰালি আৰম্ভ হ’ল। এইবাৰ চতিয়াৰ পৰা জিঞ্জিয়া মোনাবাৰীলৈকে এক বিস্তীৰ্ণ এলেকাৰ চাহবাগিছাবোৰত ব্যাপকভাৱে শ্বাহেনশ্বাহ ওলাল। আকৌ এবাৰ টিটলি, চাওনা, মাংৰা, লেদুৱাহঁত দুৰ্গা পূজা, লক্ষ্মী পূজা, কালী পূজাৰ মেলা আৰু “ফিৰি চিন্মা” উপভোগৰ পৰা বঞ্চিত হ’ল। তাৰ পিছৰ বছৰ দুই এঠাইত চুৰ্চুৰিয়াকৈ শ্বাহেনশ্বাহৰ আবিৰ্ভাৱৰ কথা শুনা গৈছিল যদিও আগৰ বছৰৰ দৰে ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰ নাপালে। আৰু এনেদৰে লাহে লাহে সেই অঞ্চলবোৰৰ পৰা শ্বাহেনশ্বাহ নাইকিয়া হ’ল। ইতিমধ্যে দেউতাই হাৰমতী বজাৰত কিনা জাপি দুটাৰ এটা আমাৰ প্ৰাক্তন হাতী মাউতে নি হেৰুৱালে আৰু আনটো ভাগি ছিগি নাইকিয়া হ’ল।
(আজি প্ৰায় পয়ত্ৰিশ বছৰৰ পাছত শ্বাহেনশ্বাহৰ ভেদ ভঙাৰ বাবে দেউতাৰ আত্মাই যাতে মোক বেয়া নাপায়। )