শ্বিলং-চহৰা, মাউলিননং-ডাউকি-তামাবিল… মেঘালয়ৰ পাহাৰে-পানীয়ে তিনিটা সুখময় দিন (আব্দুছ চাজিদ)

৷৷ এক ৷৷

‘বিশ্ব পৰ্যটন দিৱস’টো আহিলেই মোৰো যেন কিবা পাখিহে গজি উঠে! জীৱন-জীৱিকাৰ পিঞ্জৰাবদ্ধতাৰ পৰা মুক্তি বিচাৰি চঞ্চল হৈ পৰা মনটোৱে ক’লৈ যাওঁ কি চাওঁ কৰি থাকে৷ এইবাৰ উক্ত দিনটোত সেয়ে ঠিক কৰিলোঁ মেঘৰ মাজলৈ যোৱা হওঁক বুলি৷ লক্ষ্য বান্ধি ল’লোঁ আমাৰ চুবুৰীয়া ‘মেঘৰ দেশ’ মেঘালয়৷ ৰাজধানী শ্বিলঙলৈ আগতে বিভিন্ন সংক্রান্তত কেইবাবাৰো যোৱা হৈছে, ফুৰা হৈছে৷ কিন্তু তাৰ পৰা কিয় নাজানো, আৰু আগ বাঢ়িব পৰা নাই৷ গতিকে এইবাৰ দৰ্শনস্থলী হিচাপে নিৰ্দিষ্ট কৰি ল’লোঁ মাউলিননং, ডাউকি, তামাবিল ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত৷ তদুপৰি চহৰা৷
সেই উদ্দেশ্য আগত ৰাখি ১অক্টোবৰ ২০১৪, বুধবাৰৰ পুৱাই ঘৰ এৰিলোঁ৷ লগত পত্নী আৰু আমাৰ ওচৰৰে দৈমাৰী৷ ভ্ৰমণ-সংগী বিচাৰি উত্ৰাৱল হৈ থকা দহেশ্বৰ দৈমাৰী আৰু সেই ইচ্ছাত সাৰ-পানী যোগোৱা মই, দৰাচলতে আমি দুজনেহে পৰিকল্পনাটো এদিন গোপনে যুগুতাইছিলোঁ৷ শেষ মুহূৰ্তত আমাৰ এওঁ গম পাই গ’ল আৰু ‘বমি নকৰোঁ’ বুলি তিনি সইত খালত দলত স্থান দিলোঁ৷ ইয়াৰোপৰি উল্লেখ কৰিলে বোলে সৰু থাকোঁতে তেওঁ হেনো শ্বিলঙতেই খোজ কাঢ়িবলৈ শিকিছিল!
প্ৰথমে নাগালেণ্ড এক্সপ্ৰেছ ৰেলেৰে জাগীৰোডলৈ৷ তাৰ পৰা বাছেৰে যোৰাবাট৷ যোৰাবাটত দুপৰীয়াৰ সাজ খাই টাটা চুম’ৰে অৱশিষ্ট ৮০কিল’মিটাৰ৷ নংপোত অলপ সময় জিৰাই ইষ্ট খাচী হিলচৰ বক্ষত অৱস্থিত শৈল চহৰ শ্বিলং সোমালোঁ৷ পুলিচ বজাৰ এলেকাৰ জি.এছ. ৰ’ডত থকা হোটেল ল’টাচত উঠাৰ আগতেই, টেক্সিৰে গৈ থকা অৱস্থাতে এজাক দবা-পিটা বৰষুণে স্বাগতম জনালে ‘প্ৰাচ্যৰ স্কটলেণ্ড’লৈ৷ প্ৰচণ্ড ট্ৰেফিক জামে জগোৱা বিড়ম্বনা আৰু বৰষুণজাকে হঠাতে নমাই অনা ঠাণ্ডা৷ হ’লেও তেনে এক অভাবনীয় আদৰণিত আৰম্ভণিতেই মনটো ভৰি পৰিল৷ যাত্ৰা সফল হোৱাৰ ইংগিত পাই গ’লোঁ৷
মেঘালয়ত চলি থকা কয়লাখনিসমূহ বন্ধ কৰিবলৈ অলপতে NGT (National Green Tribunal)এ জাৰি কৰা জাননী প্ৰত্যাহাৰৰ দাবীত MIPRL (Meghalaya Indigenous People’s Rights and Livelihood)এ চলাই থকা অৰ্থনৈতিক অৱৰোধ হিংসাত্মক হৈ উঠাৰ ফলত ২৪ছেম্বেৰত পূব জয়ন্তীয়া পাহাৰ জিলাৰ মুখহেপ গাঁৱত পুলিচৰ গুলীত দুজন নিৰীহ লোকে প্ৰাণ হেৰুৱাইছিল৷ তাৰ লগতে জোৱাইৰ শিল্লিয়াংৰাজিৰ বেংকাৰ পাছা নামৰ ছাত্ৰ এজনক অচিনাক্ত দুৰ্বৃত্তই কৰ্ণাটকৰ ধাৰৱুডত নৃশংসভাৱে কৰা হত্যাৰ প্ৰতিবাদত HNLC (Hynniewtrep National Liberation Council) নামৰ উগ্ৰপন্থী সংগঠন এটাই ১অক্টোবৰৰ সন্ধিয়া ৬বজাৰ পৰা ২অক্টোবৰৰ সন্ধিয়া ৬বজালৈ ২৪ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছে৷ খবৰটো হঠাতে শুনিবলৈ পোৱাত মনটো সেমেকি উঠিল৷ পিছে ‘বন্ধ প্ৰদেশ’ৰ স্থায়ী বাসিন্দা হোৱাৰ সুবাদত(!) পুঞ্জীভূত দীৰ্ঘদিনীয়া অভিজ্ঞতাৰে নিজকে নিজে প্ৰবোধ দিলোঁ… যি হয় দেখা যাব বুলি৷ তাকে লৈ অযথা কালক্ষয় কৰাৰ বিপৰীতে টেক্সিচালক বীৰেন্দ্ৰ সিঙৰ লগত কথা খাটাং কৰিলোঁ যে কাইলৈ আমি ৰাওনা হ’ম পোনতে মাউলিননঙলৈ, আৰু তাৰ পৰা ওলাই ডাউকি হৈ তামাবিল ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত চাম৷
বন্ধৰ প্ৰসংগটো আৰু এখোপ পিছলৈ দলিয়াই সপোন-চহৰ শ্বিলঙৰ গধূলিবেলাটোৰ মজা লওঁ বুলি ওলালোঁ৷ ইফালে-সিফালে তহল দিয়াৰ উপৰি ‘এৱেৰনেছ কনচাৰ্ট’ উপভোগ কৰিবলৈ পালোঁ৷ সদাব্যস্ত পুলিচ বজাৰৰ চ’ক তেতিয়া লোকে-লোকাৰণ্য৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডিজীৰ ‘স্বচ্ছ ভাৰত অভিযান’ৰ সৈতে সংগতি ৰাখি ষ্টেজত চলি আছে সংগীতৰ এক সুদীৰ্ঘ অনুষ্ঠান৷ সমৱেত শ্ৰোতাক গীত-বাদ্যৰে মন্ত্ৰমুগ্ধ কৰি ৰাখিছে অপৰিচিত অনেকজন শিল্পীয়ে৷ বহু সময় ধৰি আমি তাৰ সোৱাদ ল’লোঁ৷ তল-ওপৰকৈ ঘূৰি-ফুৰি মানুহৰ মাজত কটালোঁ৷ ১০টা বছৰৰ বিৰতিত চকুৰ আগলৈ অহা পাহাৰৰ ৰাণীৰ ৰেহ-ৰূপ চালোঁ৷ লগতে খাচী কংহঁতক৷ অকল্পনীয় পৰিৱৰ্তন লক্ষ্য কৰিলোঁ৷
১৯৬৪চনৰ আগলৈ শ্বিলং এখন সৰু গাঁও আছিল৷ কিম্বদন্তিৰ মতে বিচি এলেকাৰ গাঁও এখনত কুমাৰী মাতৃৰ গৰ্ভত জন্মা চাইলং নামৰ সুদৰ্শন পুত্ৰ সন্তানটি, যাক পিছলৈ স্থানীয় দেৱতা হিচাপে মানি অহা হৈছে, তেওঁৰ পৰাই শ্বিলং নামটোৰ উৎপত্তি৷ আমি এল.পি. স্কুলৰ প্ৰথম মানত থাকোঁতে ভূগোল-সাধাৰণজ্ঞান শ্ৰেণীত ভাৰতৰ ৰাজ্য আৰু ৰাজধানীৰ নাম মুখস্থ কৰোঁতে অসম-শ্বিলং বুলি মৰা চিঞৰ আজিও কাণত বাজে৷ সেই সময়তে ই ইষ্ট খাচী হিলচৰ জিলা সদৰ আৰু মেঘালয়ৰ ৰাজধানী হৈ পৰে৷ ব্ৰিটিছৰ অধীনৰ পৰা দেশে স্বাধীনতা লাভ কৰাৰ সময়ত খাচী-জয়ন্তীয়া পাহাৰ জিলা আৰু গাৰো পাহাৰ জিলা হিচাপে অসম প্ৰদেশৰ অন্তৰ্ভুক্ত আছিল মেঘালয় অঞ্চলটো৷ ১৯৭০চনত এই দুই অঞ্চল একত্ৰিত হৈ কেন্দ্ৰীয়শাসিত অঞ্চলৰ মৰ্যাদা লাভ কৰে৷ ১৯৭২চনৰ ২১জানুৱাৰীত মেঘালয়ক পূৰ্ণাংগ ৰাজ্য ঘোষণা কৰা হয়৷ মাতৃতান্ত্ৰিক ব্যৱস্থা প্ৰচলনৰ হেতু ইয়াৰ অধিবাসীসকলে মাতৃ পৰিচয় সূত্ৰে সামাজিক, পাৰিবাৰিক স্বীকৃতি অৰ্জন কৰি আহিছে৷ মাকৰ মৃত্যুৰ পিছত সম্পত্তিৰ গৰাকী হয় কনিষ্ঠা কন্যা৷ এয়া মেঘালয়ৰ পৰম্পৰা, মেঘালয়ৰ বিশেষত্ব৷
খুব কম ভূমিহে কৃষিৰ উপযোগী যদিও ৰাজ্যখনৰ অৰ্থনীতি মূলতঃ কৃষি নিৰ্ভৰশীল৷ লগতে পৰ্যটন৷ পৰ্যটনৰ ক্ষেত্ৰত ৰাজ্যখনে চকুত লগাকৈ বিকাশ সাধিছে৷ সময়ৰ লগে লগে গঢ়ি উঠিছে অনেক পৰ্যটক আকৰ্ষক কেন্দ্ৰ৷ খৰস্ৰোতা নদী, জলপ্ৰপাত আৰু পৰ্বতময় ৰাজ্যখনৰ দক্ষিণ আৰু পশ্চিম দিশত আছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ৷ ৪৪নং ৰাষ্ট্ৰীয় ঘাইপথে দেশখনৰ ভূখণ্ডৰসৈতে সংযোগ ঘটাইছে৷ ঘৰত গুগুল আৰ্থৰ চেটেলাইট ভিউত আগতীয়াকৈ সেয়া চাই নিজকে প্ৰস্তুত কৰি লৈছোঁ৷ সেই পথেৰেই আমি ধাৱমান হ’ম কাইলৈ পুৱাতে৷

৷৷ দুই ৷৷

পৰিষ্কাৰ-পৰিচ্ছন্নতাই ঈশ্বৰপৰায়ণতা৷ পৰিষ্কাৰ-পৰিচ্ছন্নতাই জীৱ-জগতৰ লগতে সকলোৰে মংগল সাধে আৰু দেখুৱাই দিয়ে শান্তিৰ বাট৷ ভাৰতীয় দৰ্শনৰ অন্যতম মহামূল্যৱান কথা এইষাৰ৷ জাতিৰ পিতা মহাত্মা গান্ধীয়ে বিয়াল্লিশৰ আন্দোলনৰ সময়ত উপলব্ধি কৰিছিল যে পৰিষ্কাৰ-পৰিচ্ছন্নতা-অনাময় ব্যৱস্থা স্বাধীনতাতকৈ কম গুৰুত্বপূৰ্ণ নহয়৷ গান্ধীজীৰ ডেৰশ বছৰীয়া জন্ম-জয়ন্তীত যাতে দেশক পৰিষ্কাৰ কৰি বিশ্বৰ আগত এক আদৰ্শ দাঙি ধৰিব পাৰি এতিয়া তাৰে আন্তৰিকতাপূৰ্ণ প্ৰয়াস আৰম্ভ কৰিছে ভাৰতবৰ্ষৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ আগন্তুক পাঁচ বছৰত, অৰ্থাৎ, ২০১৯চনৰ অক্টোবৰ মাহৰ ভিতৰত ভাৰতক পৰিষ্কাৰ কৰাৰ লক্ষ্য আৰু আশাৰে দেশজুৰি হাতত লোৱা হৈছে ‘পৰিষ্কাৰ ভাৰত অভিযান’৷ গান্ধীজীৰ জন্মদিন ২অক্টোবৰৰ দিনাই শুভাৰম্ভ ২লাখ কোটি টকা ব্যয়সাপেক্ষ দেশৰ সৰ্ববৃহৎ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু অনাময় অভিযানৰ৷ এনেহেন অভিলাষী, বিশাল আৰু নিতান্তই প্ৰয়োজনীয় কৰ্মযজ্ঞত হাত উজান দিয়াটো আমাৰো কৰ্তব্য৷
আজি ২অক্টোবৰ ২০১৪৷ ‘স্বচ্ছ ভাৰত অভিযান’ৰ সেই বিশেষ দিনটো আজিয়েই৷ আৰু এই বিশেষ দিনটোতে আমি ওলাইছোঁ এচিয়াৰ ভিতৰতে পৰিষ্কাৰ বুলি স্বীকৃতিপ্ৰাপ্ত এখন সৰু অথচ আকৰ্ষণীয় খাচী গাঁৱলৈ, শ্বিলঙৰ পৰা ৯০কিল’মিটাৰ যাৰ দূৰত্ব৷ সঁচাই, কি আচৰিত এক সংযোগ! ভাবিয়ে মনটো উৎফুল্লিত হৈ পৰিল৷ এই সংযোগ পিছে সম্পূৰ্ণ কাকতালীয়৷ পূৰ্ব-পৰিকল্পিত মুঠেই নহয়৷
আগসন্ধ্যা কথা পাতি থোৱা মতে ড্ৰাইভাৰ বীৰেন্দ্ৰসিং সময়মতে হাজিৰ হ’লহি জি.এছ. ৰ’ডত অৱস্থিত হোটেল ল’টাচৰ সন্মুখত৷ তেওঁৰ গাড়ীখনৰ কণ্ডিছন ভাল নহয় বুলি আন এখন গাড়ী ড্ৰাইভাৰসহ আনিছে৷ ভ্ৰাতৃসম চালকজনলৈ আমাক হস্তান্তৰ কৰাৰ লগতে আশ্বাস বাক্য দুআষাৰ শুনাই তেওঁ গ’লগৈ৷ সময় নষ্ট নকৰি আমিও যাত্ৰাৰম্ভ কৰি দিলোঁ৷ মন কৰিলোঁ, সদাশব্দময় চহৰখন আজি কিন্তু তেনেই নিস্তব্ধ৷ ২৪ঘণ্টীয়া বন্ধৰ প্ৰভাৱত গাড়ী-মটৰ ওলোৱা নাই, দোকান-পোহাৰৰ জাপ বন্ধ৷ আনকি তেল ভৰাবলৈ ৰিফিলিং ষ্টেছন এটাও খোলা নাই৷ পুৱা আয়োজিত সমূহীয়া দৌৰত ভাগ লোৱাসকলৰ বাদে মানুহ-দুনুহ আনদিনাৰ দৰে নাই৷ তেনে পৰিৱেশকে সন্মুখৰ আইনাৰে চাই চাই আগুৱাই গৈ আছে অজয় কুমাৰৰ ক’লা-হালধীয়া মেঘালয় টেক্সি ML05H1331৷ চিন্তা-দুশ্চিন্তা নথকাকৈ নাছিল যদিও ততোধিক আছিল সাহস৷ পৰ্যটক হ’বলৈ হ’লে সাহস যেনেকৈ অপৰিহাৰ্য ঠিক তেনেকৈ পৰ্যটকক কঢ়িয়াবলৈ হ’লেও সাহসৰে দৰকাৰ৷ আমাৰ মাজত তাল-মিল খাই পৰা তেনে সংমিশ্ৰিত সাহসক সাৰথি কৰিয়েই আমি আগ বাঢ়ি যাব ধৰিলোঁ, সন্মুখত কি আছে সেই অনুসন্ধিৎসা লৈ৷
শ্বিলং পাৰ হৈ প্ৰায় ২০কিল’মিটাৰ যোৱাত হাইৱেৰ দাঁতিত এটা তেল ডিপো আধা খোলাৰ দৰে দেখা গ’ল৷ গাড়ীৰ খাদ্য ফুল টেংকি পেট্ৰ’ল হৈ গ’ল যেনিবা৷ এইবাৰ যাত্ৰীৰ খাদ্যৰ সন্ধান৷ কাৰণ ৰাতিপুৱা একো খাই অহা নাই আমি৷ খোলা হোটেললৈ দৃষ্টি ৰাখি অকাই-পকাই মাৰুতি ৮০০ দৌৰি থাকিল৷
Umtyngarত ৰাস্তাটো দুভাগ হ’ল৷ সোঁফালে চহৰা অৰ্থাৎ চেৰাপুঞ্জীলৈ৷ দলং পাৰ হৈ বাওঁহাতে উঠি কিছু বাট অতিক্রম কৰাৰ পিছত এঠাইত খাচীয়া হোটেল খোলা পোৱা গ’ল৷ তেতিয়ালৈ ৩০কিল’মিটাৰ মানেই আহিলোঁ৷ তাতে ৰঙা চাহ, ৰুটি, বিস্কুতেৰে পেট ভৰাই ল’লোঁ৷ ‘কৱাই’ চোবালোঁ৷ তাৰ পিছত আকৌ সোমাই পৰিলোঁ সেউজ পাহাৰ আৰু উপত্যকাই অকৃপণভাৱে বিলাই থকা অবৰ্ণনীয় সৌন্দৰ্যৰ মাজত৷ মাজে মাজে শুভ্ৰ জলপ্ৰপাত একোটা৷ ভিউ পইণ্ট একোটা৷ ৰৈ ৰৈ প্ৰাকৃতিক দৃশ্য চালোঁ৷ সমুদ্ৰপৃষ্ঠৰ পৰা গড় হিচাপে উচ্চতা প্ৰায় ৫,০০০ফুট যদিও ৰাস্তা কিন্তু ভাল৷
Pongtungৰ পৰা এন.এইচ.৪০ৰ সোঁহাতে ঠেক, হাবিতলীয়া পকা ৰাস্তা এটা সোমাই গৈছে৷ এই বাটেৰে প্ৰায় ১৮কিল’মিটাৰ নিলগত আছে আমাৰ গন্তব্যস্থল৷ দেশজুৰি আজি পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু অনাময় অভিযান চলাই থকাৰ সময়তে আমি উপস্থিত হ’ম ডিচক’ভাৰ ইণ্ডিয়া মেগাজিনে এতিয়াৰ পৰা ১১বছৰ পূৰ্বেই ‘Cleanest Village in Asia’ বুলি ঘোষণা কৰা মাউলিননং নামৰ গাঁওখনত আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা তথা অনাময়ৰ শিক্ষা ল’ম ইয়াত বসতি কৰি থকা সহজ-সৰল খাচী মানুহখিনিৰ পৰা৷ তেওঁলোকে হাতে-কামে যি কৰি দেখুৱাইছে সহৃদয়ে তাকো চেলুট এটা দিম৷

৷৷ তিনি ৷৷

Khasis are traditionally clean. পৰম্পৰাগতভাৱেই চাফা তেওঁলোক৷ লক্ষ্য কৰিছোঁ, ধকধকীয়াকৈ কাপোৰ ধোৱা আৰু চিকচিকীয়াকৈ বাচন-বৰ্তন ধোৱা… অন্ততঃ এই দুটা বিষয়ত খাচীয়াক চেৰ পেলোৱাটো নিঃসন্দেহে সহজসাধ্য নহ’ব৷ ঘৰ চাফা কৰাতো তেওঁলোক ওস্তাদ৷ গৈ থকা অৱস্থাত গাড়ীৰ পৰাই নিজ চকুৰে সেয়া কতবাৰ দেখি আছোঁ৷ পানীৰ অভাৱ নোহোৱাটোকেই ইয়াৰ কাৰণ বুলি মনে মনে ভাবিছোঁ৷
তেনে চাফ-চিকুণতাৰে অন্য নাম মাউলিননং৷ মেঘালয়ৰ পূব খাচী পাৰ্বত্য জিলাৰ Pynurslaব্লকৰ অন্তৰ্গত এখন সৰু গাঁও৷ ৰাজধানী চহৰ শ্বিলঙৰ পৰা ৪০ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে কিল’মিটাৰ হিচাপত দূৰত্ব প্ৰায় ৯০৷ Pongtungত ডাউকিলৈ যোৱা মূল পথটো এৰি সোঁহাতে সোমাই আহিলেই এই বিতোপন ঠাই, স্থানীয় অধিবাসীসকলে যাৰ নাম দিছে ‘God’s own garden’৷
মাউলিননঙত পদাৰ্পণ কৰাৰ আগতে আমি পোনে পোনে ইয়াৰ পৰা ২কিল’মিটাৰ সিফালৰ ৰিৱাই গাঁওখনত সোমাই গ’লোঁ৷ উদ্দেশ্য… বহুতৰে মুখত শুনা, বহুতৰে লেখাত পঢ়া আৰু আলোক-চিত্ৰই মনত অপাৰ কৌতূহল জন্মোৱা প্ৰায় ৩০০বছৰৰো অধিক পুৰণি জীৱন্ত শিপাৰ সেঁতুখন নিজ চকুৰে চোৱাৰ উপৰি নিজ হাতেৰে চুই তাৰ ওপৰেৰে খোজ কাঢ়ি পাৰ হোৱাৰ অভিজ্ঞতা আহৰণ কৰা৷ তাকে সাৰোগত কৰি চালক অজয় কুমাৰে মাৰুতিখন যথাস্থানত ৰখাই দিলে৷
কাঁড় চিন অনুসৰণ কৰি পকী পদপথেৰে আমি আগ বাঢ়িলোঁ৷ পৰিষ্কাৰ-পৰিচ্ছন্ন, নিৰিবিলি এক পৰিৱেশ৷ মনটো ভাল লাগি গ’ল৷ যাওঁতেই দেখা পালোঁ, পেলনীয়া বস্তু থ’বলৈ ডাষ্টবিন হিচাপে নিৰ্দিষ্ট দূৰত্বৰ মূৰে মূৰে স্থাপন কৰা হৈছে বাঁহ-বেতেৰে হস্তনিৰ্মিত একোটাহঁত খাং৷ শিল পাৰি তৈয়াৰ কৰা খটখটিৰে ক্রমান্বয়ে তললৈ নামিবলৈ ধৰিলোঁ৷ মুঠতে প্ৰায় ১০ কি ১২মিনিট৷ তেনেকুৱাতে বাঁওদিশে ঝৰ্ণাৰ ওপৰত দৃশ্যমান হ’ল প্ৰখ্যাত ৰুট ব্ৰীজখন৷ দুপাৰৰ দুজোপা ওখ-ডাঙৰ ৰবৰ গছৰ প্ৰাকৃতিক অস্থানিক মূলেৰেই সৃষ্টি হৈছে ওলোমা দলংখন৷ তলেৰে কলকলাই বৈ আছে ৰিৱাই৷ মেঘালয়ৰ পাহাৰীয়া জান-জুৰিবিলাকৰ ওপৰত অঞ্চলবিশেষে এনেকুৱা সেঁতু আৰু নথকা নহয়৷ দুখলপীয়াও আনকি আছে৷ তৎসত্ত্বেও এইখনে ভ্ৰমণকাৰীৰ দীৰ্ঘদিনীয়া ইচ্ছা-আকাংক্ষা নিৰসন কৰি আহিছে৷
Dorbar Shnong Nohwetৰ ফলকখন পঢ়ি অঁতাই সেঁতুৰ ওপৰেৰে ধীৰে ধীৰে খোজ বঢ়ালোঁ৷ খৰস্ৰোতা নৈত নামি বেছ কিছুপৰ পানী খেলিলোঁ৷ ডাউন ষ্ট্ৰিমত স্থানীয় ল’ৰা-ছোৱালী কেইটামানে মাছ ধৰি আছিল৷ দৰবাৰৰ নিয়ম অনুসৰি গছৰ শিপা বা গা-গছৰ ক্ষতিসাধন, জুই ধৰা, মাদক দ্ৰব্যৰ ব্যৱহাৰ আৰু যি কোনো লাভজনক কাৰবাৰ ইয়াত কৰাটো অন্যায়৷ গাঁৱৰ আইনমতে তেনে কাৰ্য দণ্ডযোগ্য৷
ফুটপাথৰ দাঁতিত কিছু দূৰে দূৰে মিনাৰেল ৱাটাৰ, ক’ল্ড ড্ৰিংকচ, চিপচ, আনাৰস, কলকে ধৰি আন আন সামগ্ৰীৰ দোকান কিছুমান৷ চাহ-ভাতৰ হোটেলো আছে৷ দৰ্শনকাৰীৰ সুবিধাৰ্থে যথেষ্টসংখ্যক প্ৰস্ৰাৱগাৰ, শৌচাগাৰ স্থাপন কৰা হৈছে৷ সেইসমূহ অতি চাফা৷ পানীৰ ব্যৱস্থাও সুন্দৰ৷ ন্যূনতম মূল্য পাঁচ টকাৰ বিনিময়ত যিকোনো মানুহেই প্ৰয়োজনত সেইবোৰ ব্যৱহাৰ কৰাত কোনো বাধা নাই৷ খাচী যুৱতী ফিচ্ছিৰ লগত কথা পাতি গম পালোঁ যে তেওঁলোকেই সেইবোৰ চোৱা-চিতা কৰে, নিতৌ পৰিষ্কাৰ কৰি ৰাখে৷
গছ-গছনিৰে পৰিৱেষ্টিত ঠাইখিনিয়ে স্বাভাৱিকতে মন মুহিলে৷ ১৯৬৪চনতে প্ৰতিষ্ঠা লভা এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ো চকুত পৰিল৷ এঘৰত এজন ডেকাই খাচী গান বজাই আছিল৷ সেয়াও অলপপৰ শুনি হৃদয় ফুলাই ল’লোঁ৷ ৰুট ব্ৰীজে বিখ্যাত কৰা ৰিৱাই ভিলেজত ভালেমান সময় কটাই আমি নাতিদূৰৰ মাউলিননঙলৈ পোনালোঁ৷

৷৷চাৰি৷৷
সঁচাই ‘ঈশ্বৰৰ আপোন বাগিচা’ এইখন৷ ‘পৰিষ্কাৰ-পৰিচ্ছন্নতাই ঈশ্বৰ পৰায়ণতা’ কথাষাৰৰ যথাৰ্থতা ইয়াত উপলব্ধি কৰিব পাৰি৷ খালী চকুৰে যিমান দূৰলৈ দেখা পাইছোঁ ক’তো অপৰিষ্কাৰ, অলাগতিয়াল বুলিবলৈ কুটা এগছ পৰি থকা নাই৷ গাঁওবাসী পৰম্পৰাগতভাৱে নিকা আৰু চিজিল৷ তাকে মূলমন্ত্ৰ হিচাপেলৈ ৯৫ঘৰ সহজ-সৰল খাচী জনজাতীয় মানুহে এটা শান্ত-সমাহিত আৰু সুশৃংখল পৰিৱেশত নিজৰ গাঁওখনক অনন্য ৰূপত গঢ়ি তুলিছে৷ লগতেই ক’-টুৰিজমৰ বাবে লায়ক আৰু সুবিখ্যাত কৰি পেলাইছে প্ৰকৃতিৰ আপডাল কৰি৷ দূৰৰ পৰাই মনটো কিবা সতেজ লাগি গ’ল৷
২০০৩চনত ডিচক’ভাৰ ইণ্ডিয়া মেগাজিনৰ দ্বাৰা ‘Cleanest Village in Asia’ হিচাপে স্বীকৃতি লভাৰ পিছত ২০০৫চনত ‘Cleanest Village in India’ বুলিও পৰিগণিত হৈছিল মাউলিননং৷ বি.বি.চি.ৰ জৰিয়তে বহল প্ৰচাৰ লাভ কৰাৰ ফলত গাঁওখন বিশ্ববাসীৰ কাৰণে উৎসুকতাৰ থলী হৈ পৰিল৷ আৰু তেনেই চুবুৰীয়া হৈও ইয়াত পদাৰ্পণ কৰাৰ মাহেন্দ্ৰ-ক্ষণটি আমাৰ ভাগ্যত উপস্থিত হ’লহি মাত্ৰ সৌ-সিদিনাহে, গান্ধী জয়ন্তীৰ দিনা৷ তৎসত্ত্বেও নিজকে নিজে এই বুলি প্ৰবোধ দিব পাৰিলোঁ যে মোদীজীৰ ‘পৰিষ্কাৰ ভাৰত অভিযান’ৰ শুভাৰম্ভ ঘটিবৰ দিনাই এইপৰিষ্কাৰ ভূ-ভাগৰ দৰ্শন তথা স্পৰ্শ আমি লভিছোঁ৷ সেউজীয়া গছ-গছনি, ফুলি থকা ফুল, অৰ্কিড, বোৱঁতী পানীৰ ধাৰ, পৰিষ্কাৰ অনাময়, সৰু-বৰ নৈ-নিজৰা, জলপ্ৰপাতে পাহাৰীয়া গাঁওখনক পৰিণত কৰিছে এক ‘যাদুকৰী সৰগ’ত৷
পাৰ্কিং এৰিয়াৰ দিশে গাড়ীখন আগুৱাই যোৱাৰ বহু আগতেই চকুৰ সন্মুখলৈ অহা দৃশ্যসমূহে বাকৰুদ্ধ কৰি পেলালে৷ ইমান চাফা! কেনিও ক’তো আৱৰ্জনা অকণমান নাই৷ আমাৰ হ’লে চিপচৰ পেকেটেই চাবা নে শিখৰ-ৰজনীগন্ধাৰ পেকেটেই নাচাবা! গাঁওখনত সোমাই গৈ থাকোঁতে এনে লাগিল, আমি যাম বুলি খবৰ পাই কোনোবাই যেন ৰাস্তা, পদপথ, ফুলনি, চোতাল, গীৰ্জা, আবাস আদি চিকুণ কৰি থৈছে নেকি! আকৌ ভাবিলোঁ, আজি ‘স্বচ্ছ ভাৰত অভিযান’ৰ আৰম্ভণি, সেইগতিকে ৰাতিপুৱাই পৰিষ্কাৰ কৰা হ’ল চাগৈ! পিছে নহয়, মাউলিননংবাসীৰ এই প্ৰক্ৰিয়া আজি নহয়, কোনকাহানিবাতে সূচনা হোৱা৷ পৰিষ্কৰণৰ অভ্যাস তেওঁলোকৰ সিৰা-উপসিৰাত প্ৰৱাহিত৷ কোনোবাই ইয়াক ধেমালিতে ‘মাউলিননংবেমাৰ’ (!) বুলিবও পাৰে৷ গতিকে গাঁওখনৰ এনেৰূপ-মাধুৰী এদিনীয়া বা মুহূৰ্তৰ কথা নহয়৷ বছৰ বছৰ ধৰি ধাৰাবাহিকভাৱে তেওঁলোকে চাফ-চিকুণতা বৰ্তাই আহিছে আৰু ভাৰতবাসীলৈ, বিশ্ববাসীলৈ এই বাৰ্তাকে বিলাই আহিছে যে Cleanliness is Godliness৷ ‘ভাৰত লেতেৰা’ বুলি বিশ্বসভাত থকা আমাৰ দেশখনৰ বদনামটো আঁতৰ কৰিবলৈ এই গাঁওখনৰ পৰা শিক্ষা ল’লেই যথেষ্ট হ’ব৷ আনকথাত ক’বলৈ হ’লে… সময়ৰ পাকচক্রত সমগ্ৰ ভাৰতবৰ্ষই আজি ‘Mawlynnong disease’টোকে স্বেচ্ছাই আদৰণি জনোৱা নাই জানো?
প্ৰৱেশ পথত খাচী যুৱক দুজন ৰৈ আছিল৷ গাড়ীৰ বাবদ প্ৰৱেশ মাচুল হিচাপে টকা পঞ্চাশটা ল’লে৷ পাৰ্কিং এৰিয়াত গাড়ীখন ৰখোৱা হ’ল৷ নামিয়ে পোনতে চাইনব’ৰ্ড পঢ়াত ধৰিলোঁ৷ অচিনাকি ঠাইত পৰ্যটকৰ বাবে এইটো এটা প্ৰধান কৰ্তব্য৷ মন কৰিবলগীয়া কথাবিলাকৰ বিষয়ে আগ ধৰি অৱগত হৈ লোৱাটো ভাল৷ তেতিয়া বিপদৰ অকণো ভয় নাথাকে৷ সেইকণ সতৰ্কতা অৱলম্বন নকৰা হেতুকে বহুতৰে বহু সময়ত লটিঘটি হয়৷ ল’কেচন মেপ দেখিলে তাকো অধ্যয়ন কৰি কোনফালে কি আছে নিজেই সহজে বুজি ল’ব পাৰি৷
ফলক পঢ়ি গম পালোঁ যে পাৰ্কিং এলেকাকে ধৰি ক’তো কেনিও লেতেৰা বস্তু পেলোৱা নিষেধ৷ ভ্ৰমণকাৰী দৰ্শনাৰ্থীয়ে নিজৰ লগত অনা প্লাষ্টিকৰ বটল, চিপচৰপেকেট, পে’পাৰ প্লেট-কাপ ইত্যাদি বহা ঠাইত এৰি নথৈ বা ডাষ্টবিনলৈ নিক্ষেপন কৰি সেইবোৰ নিজৰ লগতে ৰাখি নিজৰ ঠাইলৈ ওভোতাই নিব আৰু পথৰ দাঁতিতো য’তে-ত’তে দলিয়াই নেপেলাব ৷ফলৰ বাকলি, বিস্কুতৰ পেকেট বা চকলেট-মৰ্টনৰ সৰু বাকলি, চিউৱিংগাম আদি সমূহপেলনীয়া থ’বৰ বাবে দিয়া বাস্কেটত পেলাব পাৰিব৷ মদ্যপান কৰা বা অন্যধৰণে নিচাসক্তলোকক অঞ্চলটোত ভ্ৰমিবলৈ দিয়া নহ’ব৷ অবাইচ শব্দ আৰু ৰুক্ষ ব্যৱহাৰো সহ্য কৰা নহ’ব৷ ফুল ছিঙা আৰু গছ-গছনি ধ্বংস কৰাটো নিষেধ৷ বিচাৰত দোষী ব্যক্তিক গাঁও কৰ্তৃপক্ষই উচিত শাস্তি বা জৰিমনা বিহিব আৰু প্ৰয়োজন হ’লে পুলিচলৈ হস্তান্তৰিত কৰিব৷ দলবান্ধি অহা একোটা দলৰ সদস্যসকলৰ চাল-চলনৰ ক্ষেত্ৰত দলনেতাজন দায়বদ্ধ থাকিব৷ ফলকখনে যেন মাউলিননংবাসীৰ স্বাভিমানৰ কথাকে উজলাই তুলিছে৷ ভাল লাগিল শৃংখলাবদ্ধতাৰ এই দৰকাৰী কথাখিনি৷
ওলাই আহি এজন ডেকাৰ লগত কথা পাতিলোঁ৷ সম্ভাষণ জনাই সুধিলোঁ, ‘আপোনালোকৰ গাঁওখন চোৱা কামটো এতিয়া কোন ফালেৰে আৰম্ভ কৰিম, ক’ত শেষ কৰিম?’ হাঁহি মাৰি আঙুলি টোঁৱাই তেওঁ বতাই দিলে৷ আৰু সেইমতেই অগ্ৰসৰ হ’লোঁ৷

৷৷পাঁচ৷৷
মাউলননঙৰ পকী ফুটপাথেৰে ধীৰ খোজেৰে ইফালে-সিফালে চাই চাই আগুৱাইছোঁ আমি তিনিও৷ তিনিও অৰ্থাৎ পত্নী, দৈমাৰী আৰু মই৷ ঘৰ দেখিছোঁ, ফুলনি দেখিছোঁ, কাম কৰি থকা গঞা দেখিছোঁ৷ গেলা-পঁচা জাবৰ-জোঁথৰৰ দ’ম হ’লে সমূলি দেখা নাই৷ দুৰ্গন্ধও নাই৷ ফু মাৰি ভাত খাব পৰা এলেকা বুলি যাক ক’ব পাৰি৷ ক’তো কোনো হাই-উৰুমিও শুনা নাই৷ শৃংখলাবদ্ধতা মন কৰিলোঁ৷ যি বস্তু য’ত থাকিব লাগে ত’ত আছে৷ খেলি-মেলি, সিঁচৰতি নাই৷ একাংশ লোকৰ এনে অভ্যাস বা স্বভাৱ আনৰ বাবেও নিশ্চয়কৈ অনুকৰণীয়৷ মানুহ সৰুৰে পৰাই পৰিপাটি বা চিজিল হোৱা কথাটো ময়ো পচন্দ কৰোঁ৷ গতিকে খুব একাত্মতা অনুভৱ কৰিলোঁ৷
পথৰ দাঁতিত ঠায়ে ঠায়ে বহাৰ সুব্যৱস্থা আছে৷ গছৰ ফেৰেঙনি বা পুতি থোৱা তিনিটা খুঁটিৰ ওপৰত একোটা থলুৱা বাস্কেট ডাষ্টবিন৷ চাহ-ভাতৰ হোটেল, হ’মষ্টে’ৰ লগতে তামোল আৰু ফল-মূলৰ গছ কিছুমান চকুত পৰিল৷ তামোল আৰু ঝাড়ু এই অঞ্চলৰ প্ৰধান কৃষিজাত উৎপাদন বুলি ইতিমধ্যে পঢ়িবলৈ পাইছিলোঁ৷ আনহাতে শিক্ষাৰ ফালৰ পৰা মানুহবোৰ এশ শতাংশই সাক্ষৰ বুলিও শুনিছিলোঁ৷ পুৰুষ-মহিলা, ল’ৰা-ছোৱালী সকলোৱে কম-বেছি পৰিমাণে ইংৰাজী ভাষা ক’ব পাৰে৷ কথা পাতি সত্যতাৰ উমান পালোঁ৷ এঠাইত দেখা জল-বিতৰণৰ স্থানীয় টেকনিকটোৱেও মনোযোগ আকৰ্ষণ কৰিলে৷ ভিতৰুৱা ঠাই, বিশেষকৈ জনজাতি অধ্যুষিত অঞ্চললৈ গ’লে এনেকুৱা কিছুমান বিশেষত্বপূৰ্ণ কথা-কাণ্ড মই সদায় লক্ষ্য কৰোঁ৷ তেওঁলোকৰ সৃষ্টিশীলতা, উদ্ভাৱন কাৰ্য লুটিয়াই-বগৰাই চাওঁ৷ তেওঁলোকৰ সৈতে তেওঁলোকৰ শব্দ যি জানো দুই-এটা প্ৰয়োগ কৰি বাক্য-বিনিময়ৰ চেষ্টা কৰোঁ৷ দিয়া-লোৱাৰ উদাৰ-নৈতিক মানসিকতাই পৰস্পৰক ওচৰ চপাই নিয়ে৷
প্ৰৱেশ পথত গীৰ্জাৰ কাষত গছ এজোপাৰ ওপৰত বাঁহ-বেতেৰে সজা এটা ভৱন৷ নাম দিয়া হৈছে ‘ট্ৰিহাউচ’৷ উচ্চতা ৫৭ফুট৷ তলৰ পৰা ক্রমান্বয়ে উঠি গৈ থাকিলোঁ ওপৰলৈ৷ আগে আগে যোৱা ডেকাকেইজনমান অলপমান বগায়ে ঈশ্বৰৰ নাম উচ্চাৰণ কৰি কৰি ফিৰি আহিল৷ তেওঁলোকৰ অহেতুক ভয়টো দেখি মনে মনে হাঁহি উঠি গ’ল৷ জানিব বিচাৰিলোঁ, ক’ৰ পৰানো আহিছে? প্ৰাণৰ মমতাত মুখৰ পৰা কথাই নোলাল৷ ‘আমি কিচ্ছু বলতে পাৰচ্ছিনা’হে বুলিলে৷ বেচেৰাহঁতৰ অৱস্থা দেখি ততালিকে চাইড দি দিলোঁ৷ নিজে কিন্তু বগাবলৈ নেৰিলোঁ৷ বৃক্ষভৱনটো তলা মৰা অৱস্থাত পালোঁগৈ৷ ভিতৰত চাং আছে, পোহৰৰ ব্যৱস্থাও আছে৷ ফৰিংফুটা জোনাকী নিশা ইয়াত কটাবলৈ কি যে ভাল লাগিব চাগৈ! তাৰো ওপৰলৈ উঠি দূৰৈত বাংলাদেশৰ চিলেট অঞ্চলৰ সমতল ভূমি খালী চকুৱে মণিব পৰালৈকে পৰ্যবেক্ষণ কৰিলোঁ৷ নামি আহোঁতে কাষৰ ঘৰৰ পৰা অকণমানি এটা লৱৰি আগুৱাই আহিল৷ ক’লে, ‘ছাৰ, টুৱেণ্টি ৰুপীজ প্লিজ…’ তাৰ লগত সমনীয়াৰ দৰেই অলপ পৰ লেকচাৰ মাৰিলোঁ৷ ওচৰৰে স্কুলখনত ক্লাছ টুত পঢ়ে সি৷ ট্ৰিহাউচত উঠাৰ মূল্য বিচাৰিছে৷ দেউতাকে ওচৰতে কাম কৰি আছিল৷ আমাৰ ধেমালি দেখি তেৱোঁ হাঁহিলে৷ সময়কণ মজা লাগিল৷ নামটো সি কৈছিল যদিও মোৰহে ভালকৈ মনত নৰ’ল৷ প্ৰিন্সষ্ট’ন আছিল চাগৈ৷ নামটো শুনি প্ৰায় দুই দশকৰ আগৰ আমাৰ লগৰ ৱাইজলি, হিষ্টাৰবেল, গেব্ৰিয়েলহঁতলৈ মনত পৰি গ’ল৷ জীৱনৰ স্বপ্ন খেদি এতিয়াবা ক’ত আছেগৈ নেৰিষ্টত একেখন হোষ্টেলতে থাকি বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ ৰস লোৱা মেঘালয়ৰ এই খাচীয়া-জয়ন্তীয়া-গাৰো ডেকাকেইটা!
অলপ আগলৈ পকা ৰাস্তাৰ দাঁতিতে বাঁহনিৰ মাজত প্ৰকাণ্ড শিল এটা বেৰি থোৱা অৱস্থাত দেখিলোঁ৷ নাম দিয়া হৈছে ‘বেলেন্সিংৰক’৷ চেপেটা ডাঙৰ শিল এটাই আকাৰত তুলনামূলকভাৱে বহুত সৰু আন এটা শিলৰ ওপৰত সন্তুলন ৰক্ষা কৰি আছে৷ এয়া প্ৰাকৃতিকভাৱে সংঘটিত ভাৰসাম্যতা বুলি জানিবলৈ পাইছিলোঁ যদিও এতিয়া নিজ চকুৰে দেখি আচৰিত যেনেই লাগিল৷
তাৰো অলপ আগলৈ বাংলাদেশ ভিউপইণ্ট, ভ্ৰমণকাৰীক যি স্কাইৱাকৰ সোৱাদ দিয়ে৷ ৮৫ফুট উচ্চতাৰ এই দৰ্শনথলী দৰাচলতে ৰিৱাই গাঁৱৰ সীমাৰ ভিতৰত৷ ইয়াত উঠিও চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ সমভূমি অঞ্চলৰ খেতি পথাৰ, নদী, গছ-গছনি আদি চাব পাৰি৷ বাংলাদেশ দৰ্শনৰ বাবদ এইবাৰ বিশ টকা দিবলগীয়া হ’ল খাচী ছোৱালী লাফিৰনাই মাই লিয়েংগাপক৷ তাইৰ লগতো কথা-বতৰা বেচ জমি উঠিল৷ ক্লাছ নাইনত পঢ়ি থকা লাফিৰনাইকসুধিলোঁ… তই আজি স্কুললৈ নগ’লি কেলেই? চকুলৈ চাই তাই মিচিকিয়াই উত্তৰ দিলে… মহাত্মা গান্ধী৷ লাফিৰনাই, ফিচ্ছিহঁতৰ সৰল-নিৰ্মল মনবোৰে, সহজ কথা-বতৰাবোৰে আমাক দি গ’ল নিৰ্ভেজাল আনন্দ কিছুমান৷ সিহঁতৰে অঙহী-বঙহীবোৰে বাঁহ-বেতেৰে সজা এই ‘মাচান’ৰ লগতে ‘ট্ৰিহাউচ’ৰপদ্ধতিগত নিৰ্মাণ কুশলতা মন কৰিবলগীয়া৷ বিশ টকাৰে কোনোপধ্যে তাক জোখা নাযায়৷
অলপ দূৰত এগৰাকী মহিলাক জাবৰ-জোঁথৰবোৰ জ্বলাই থকা দেখা পালোঁ৷ আৱৰ্জনা নিষ্কাষণৰ অন্য পদ্ধতি নথকাত প্লাষ্টিকবোৰ পুৰি পেলোৱা হৈছে৷ বাকী অংশ পচন সাৰ৷ মাউলিননং এৰি ওলাই আহোঁতে এজন যুৱকক দেখিলোঁ পিঠিত হোৰালৈ পাহাৰৰ গাত গজা অলাগতিয়াল উদ্ভিদবোৰ চিকুটি চিকুটি গুচাই আছে৷ ঠাই খণ্ড দেখাত অধিক পৰিষ্কাৰ, অধিক মনোগ্ৰাহী হৈ উঠিছে৷ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ কামত এই মানুহবোৰৰ যেন কেতিয়াও অকণোৱেই হেমাহি নাই! সৌন্দৰ্যবোধো প্ৰশংসনীয়৷ বিপৰীতে, চিপচ-কুৰকুৰি বা গুটখাৰ পেকেটটো ফেৰেককৈ ফালি, মৰক-মৰক খাই বেপৰোৱা ভাৱে যেনি-তেনি দলিয়াই দিয়া আমাৰ ফুল-বাবুহঁতলৈহে পুতৌ উপজিল৷
প্ৰকৃতিয়ে ঢালি-বাকি দিয়া সৌন্দৰ্যই যাৰ সম্পদ, সেই সম্পদৰ সংৰক্ষণৰ জৰিয়তে পৰ্যটন উদ্যোগৰ বিকাশ আৰু তাৰ মাধ্যমেৰেই আহৰণকৰা জীৱন-জীৱিকা, ঈশ্বৰৰ ফুলনিৰ বাসিন্দাসকলৰ বাবে সেয়া ঈশ্বৰৰ দান বুলি ক’লে নিশ্চয় ভুল নহ’ব৷
প্ৰত্যাৱৰ্তনৰ বাটত এটা প্ৰশ্নই মগজুত তোলপাৰ লগালেহি৷ সেয়া হ’ল… বাংলাদেশ সীমান্তৰ ইমান নিকটৱৰ্তী ঠাই হৈও মাউলিননঙত এজনো তথাকথিত ‘বাংলাদেশী’ নেদেখিলোঁ কিয়? কোনে দিব পাৰে ইয়াৰ সদুত্তৰ?

৷৷ছয়৷৷
দিন যায়, কথা থাকে৷ অনেক বিষয়ে অৱগত হ’লোঁ, অনেক বিষয় ৰৈ গ’ল৷ আশা থাকিল, আকৌ যাম মিডফিল্ডাৰ, স্কিলফুলহঁতৰ মৰমৰ খাচী গাঁওখনলৈ, নিৰ্জনতাৰ বুকুলৈ, দুদিন থকাকৈ৷ হ’মষ্টে’ কৰিম খাচীয়াৰ ঘৰত, সিবাৰ যেনেকৈ ম্যানমাৰত সোমাবলৈ সীমান্তৱৰ্তী অৰুণাচলৰ নংকিতাংচা বস্তিত জাংখংমংৰেৰ চাঙত থাকি লৈছিলোঁ৷ মুঠতে সীমান্ত বুলিলেই মনত যেন গভীৰ উৎসুকতা, অনন্ত কৌতূহল!
সঁচা-মিছা নাজানো, প্ৰথম বিশ্বযুদ্ধৰ সময়ত বোলে মাউলিননঙৰ গঞাই ব্ৰিটিছ আৰ্মীৰ হৈ ইউৰোপত যুঁজ কৰিছিলগৈ৷ ইফালে, বাংলাদেশৰ অভ্যন্তৰত শিৱিৰ স্থাপন কৰা খাচী বিদ্ৰোহী সংগঠন HNLCৰ কেডাৰৰো বোলে মাউলিননং সৌ সিদিনালৈকে আহ-যাহৰ কৰিড’ৰৰ ৰূপত সক্রিয় আছিল৷ যোদ্ধাৰ বংশধৰ এই স্থানীয় বাসিন্দাসকল পিছলৈ খ্ৰীষ্টধৰ্মত দীক্ষিত হয় আৰু দুটা গীৰ্জাৰ অধীনস্থ হৈ পৰে৷ তামোল-পাণৰ উপৰি আনাৰস, কঁঠাল, কল আদি ফল-মূল আৰু জংঘলৰ তেজপাত, ঝাড়ুৰ উপৰি মৌপালন আদিৰ জৰিয়তে এওঁলোকে এতিয়া জীৱিকা নিৰ্বাহ কৰি গৈছে৷ সমূহীয়া ভাবনাৰে গাঁওখনৰ কাম-কাজ আগুৱাই নিয়াৰ বৈশিষ্ট্য অন্য জনজাতিৰ দৰে তেওঁলোকৰ ক্ষেত্ৰতো সহজে পৰিলক্ষিত হয়৷ মাছধৰাটো এই মানুহখিনিৰ প্ৰিয়তম কৰ্ম৷ সেই তাড়নাৰ বশৱৰ্তী হৈ তেওঁলোক বোলে বাংলাদেশ পৰ্যন্তও পায়গৈ৷
মাউলিননঙৰ পৰা সৰু ৰাস্তাটোৰে ওলায়ে খৰস্ৰোতা পাহাৰীয়া নৈ আৰু লোৰ দলং এখন৷ দৃষ্টি নন্দন ঠাইখিনিৰ শোভা উপভোগ কৰি এটা সময়ত Pongtung পালোঁগৈ আৰু ৰাইট টাৰ্ণলৈ সীমান্তমুখী নেছনেল হাইৱেত উঠিলোঁ৷ তিনি আলিটোৰ পৰা ইণ্টাৰনেশ্যনেল ব’ৰ্ডাৰলৈ দূৰত্ব ১৯কিল’মিটাৰ মাত্ৰ৷ মসৃণ পথেৰে আমাৰ মাৰুতিখন আকৌ দৌৰি থাকিল৷ আগলৈ অৱশ্যে ৰাস্তাৰ অৱস্থাটো বৰ ভাল নহয়, মানে, ছাল-বাকলি উঠা৷ তামোল গছৰ সংখ্যা এই অঞ্চলটোত সৰহ যেন লাগিল৷ পথৰ দাঁতিত তামোল দ’ম কৰি খাচীয়ানীয়ে সেইবোৰ গত লগাই আছে৷ বোধহয় শ্বিলং পোৱাবগৈ৷ খাচী ভাষাৰ ‘কুৱা’ শব্দৰ পৰাই অসমীয়া ‘গুৱা’ শব্দটোৰ উৎপত্তি বুলি পঢ়িবলৈ পাইছোঁ৷ তামোল মুহুদি হিচাপে ব্যৱহাৰ কৰা, থুতকুৰিয়াই পেলোৱা কামফেৰিও অষ্ট্ৰিক গোষ্ঠীৰ পৰাই আমদানি হোৱা হেনো৷ মেঘালয়ত সোমোৱাৰ পিছত আমিও কুৱাইৰ পিছত কুৱাই চোবাইছোঁ, খাচী কঙৰ অনুৰূপ সেলেঙি বোৱাইছোঁ৷ তাকেলৈ অনেক ৰগৰ-ৰসালাপো কৰিছোঁ৷ তেনেকৈয়ে এই প্ৰমোদ-ভ্ৰমণে আমাক কৰি তুলিছে প্ৰাণ শক্তিৰে উজ্জীৱিত৷
গৰাটোৰ পৰা ক্রমাৎ তললৈ নামি যোৱাত বালিচৰৰ সৈতে বৃহৎ নৈ এখন সন্মুখলৈ আহিল৷ সুন্দৰ এক লেণ্ডস্কেপ৷ নৈখনৰ নামটো Umngot৷ ১৯৩১চনত ব্ৰিটিছৰ পৃষ্ঠপোষকতাত নিৰ্মিত দীঘল চাচপেনচন ব্ৰীজখনেৰে লাহে লাহে পাৰ হ’লোঁ৷ তাৰ লগে লগে সোমাই পৰিলোঁ জয়ন্তীয়া হিলচ্ডিষ্ট্ৰিক্টত৷ দলঙৰ পাৰ্শ্বৱৰ্তী অঞ্চলটোৰ চকুৱে দেখালৈকে জলৰাশিৰ বৰণ সেউজীয়া আৰু সুগভীৰ৷ শিলাময় পৰ্বতৰ মাজত প্ৰকৃতিৰ এক ব্যতিক্রমী ৰূপসজ্জা৷ গন্তি কৰি পালোঁ, চল্লিশখনৰো ওপৰ মাছমৰীয়া নাও এজন-দুজন মাছুৱৈৰে অ’ত-ত’ত সিঁচৰতি অৱস্থাত আছে৷ পাৰতো বৰশী টুপাই অনেকজন পুৰুষ-মহিলা৷ ৰাস্তাৰ দাঁতিত গাড়ীৰ লানি৷ সেইবোৰ নিশ্চয়কৈ মাছ ধৰিবলৈ অহাসকলৰে৷ শুনিবলৈ পাইছিলোঁ, মাৰ্চ-এপ্ৰিলত ইয়াত বাৰ্ষিক নৌকা চালনা প্ৰতিযোগিতা এখনো অনুষ্ঠিত হয় বুলি৷
সিপাৰ হৈ অকাই-পকাই আগুৱালত ডাউকি নামৰ ঠাইখিনি পালোঁগৈ৷ অলপমান আগলৈ কাষ্টমচ অফিচ৷ তাৰো আগলৈ বৰ্ডাৰ চিকিউৰিটি ফ’ৰ্চৰ চে’কপ’ষ্ট৷ ডাউকিৰ পৰা সীমান্তৰ তামাবিললৈ মাত্ৰ ২কিল’মিটাৰ৷ এই ডাউকি-তামাবিলেদিয়েই বাংলাদেশলৈ ভাৰতৰ পৰা ট্ৰাকযোগে কয়লা আৰু চূণশিল সৰবৰাহ হয়৷ শুনামতে দিনৌ ডেৰশমান গাড়ী চলে৷ ইয়াৰ পৰা শ্বিলঙলৈ দূৰত্ব ৯৫কিল’মিটাৰ৷ আনহাতে চিলেটলৈ৫৪, ৰাজধানী ঢাকালৈ ৩০০৷ অসমৰ ইতিহাসৰ সৈতে সম্পৰ্ক থকা ডাউকি সীমান্ত এয়া৷ এই বাটেৰে গোপনে অহা-যোৱা কতজনৰ৷ কতজন ধৰা পৰে, কতজন পাৰ হৈ যায় কোনেও নজনাকৈ! সেয়ে চাবলৈ মন গৈ আছিল, কিনো আছে ইয়াত৷ সেই আশাটোৱে এতিয়া পূৰ্ণ হ’বলৈ আগবাঢ়িছে৷ গছৰ ছাঁ পৰা ঠাই চাই অজয়ে গাড়ীখন পাৰ্ক কৰিলত কাল বিলম্ব নকৰি খপজপাই নামি গ’লোঁ৷ উত্তেজনা এটা ভিতৰি ভিতৰি আগৰে পৰাই আছিলেই৷
বাৰাণ্ডাত টেবুল-চকীলৈ কৰ্তব্যৰত সীমান্তৰক্ষী দুজন বহি আছিল৷ সামৰিক কায়দাত ‘জয়হিন্দ চাহাব’ বুলি চেলুটৰ ভংগীত সোঁহাতখনেৰে কপাল স্পৰ্শ কৰি অভিবাদন জনালোঁ৷ জনাই দিলোঁ যে মই ভাৰতীয়৷ ক’লোঁ যে ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত চাবলৈ আহিছোঁ৷ প্ৰথম প্ৰশ্ন ‘কাহাচে আয়া’ৰ উত্তৰ ‘আছামচে’ বুলি দিয়াৰ লগে লগে উপৰ্যুপৰি আকৌ প্ৰশ্ন৷ ‘ডিফু, কাৰবি আংলং ডিষ্ট্ৰিক্ট, আছাম’ বুলি দ্বিতীয়বাৰ কোৱাৰ সময়তে সিফালেই উনিফৰ্মৰ বুকুত জিলিকি থকা এল. চি. নাথ নামটোত চকু পৰিল৷ তাৰ পিছত আৰু জেৰা ক’ত, ঘৰুৱা কথাহে চৰিল! হৈ পৰিল সম্পূৰ্ণ বিপৰীত ধৰণৰ এক পৰিৱেশ৷ সহকৰ্মী অনা-অসমীয়াজনৰ চাগৈ হিংসাই লাগিল আমাৰ অসমীয়াত কথা-বতৰাৰ কোব দেখি৷ সীমান্তৰ প্ৰহৰী হিচাপে দায়িত্ব পালনত ব্ৰতী হৈ থকা নগাঁৱৰ পানীগাঁও চাৰিআলি নিবাসী শ্ৰী নাথে বুজাই দিলে… ‘সৌ যে দেখিছে তামাবিল ০কিল’মিটাৰ আৰু India লিখা বগা পিলাৰটো, সেই পৰ্যন্ত যাব পাৰিব৷ তাৰ পৰা সিফালে নাযাব৷ ফটো তুলিব পাৰিব৷ কোনো বাধা নাই৷ যাওক, চাই আহকগৈ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments