শ্ৰীশ্ৰী সৰস্বতীদেৱীৰ অষ্টোত্তৰ শতনাম আৰু পাঁচালী (সংগ্ৰাহক: নিতুল বৰা)

সংগ্ৰাহক: নিতুল বৰা

 

শ্ৰীশ্ৰী সৰস্বতীদেৱীৰ অষ্টোত্তৰ শতনাম আৰু পাঁচালী

 

সৰস্বতী বন্দনা

 

 

যা কুন্দেন্দু তুষাৰহাৰা ধবলা যা শ্বেত পদ্মাসনা।

যা বীণা বৰদণ্ডমণ্ডিত কৰা যা শুভ্ৰবস্ত্ৰাবৃতা।।

যা ব্ৰহ্মাচ্যুত-শঙ্কৰ প্ৰভৃতিভিদেৱৈঃ সদা বন্দিতা।

সামাং পাতু সৰস্বতী ভগৱতী নিঃশেষজাড্যাপহা।।

 

সৰস্বতী স্তোত্ৰ

 

শ্বেতপদ্মাসনা দেৱী শ্বেতপুষ্পোপশোভিতা।

শ্বেতাম্বৰাধৰা নিত্যা শ্বেতগন্ধানুলেপনা।।

শ্বেতাক্ষ সূত্ৰহস্তা চ শ্বেত চন্দন চৰ্চ্চিতা।

শ্বেতবীণাধৰা শুভ্ৰা শ্বেতালঙ্কাৰ ভূষিতা।।

বন্দিতা সিদ্ধগন্ধৱৈৰৰ্চ্চিতা সুৰদানবৈঃ।

পূজিতা মুনিভিঃ সৰ্বৈঋষিভিঃ স্তুয়তে সদা।।

স্তোত্ৰেণানেন তাং দেৱীং জগদ্ধাত্ৰীং সৰস্বতীম্।

যে স্মৰন্তি ত্ৰিসন্ধ্যায়াং সৰ্ব্বধাং বিদ্যাং লভন্তি তে।।

(ইতি পদ্মপুৰাণে সৰস্বতী স্তোত্ৰং সম্পূৰ্ণম)

 

প্ৰণাম মন্ত্ৰ

 

জয় জয় দেৱী চৰাচৰসাৰে কুচযুগশোভিত মুক্তাহাৰে।

বীণা-পুস্তকৰঞ্জিত হস্তে, ভগৱতী ভাৰতী দেৱী নমস্তে।।

ওঁ সৰস্বতী মহাভাগে বিদ্যে কমললোচনে।

বিশ্বৰূপে বিশালাক্ষী বিদ্যাং দেহি নমোহস্তুতে।।

 

সৰস্বতী স্তুতি

 

শব্দ ব্ৰহ্ম ৰূপে তুমি ওঁঙ্কাৰ ৰূপিনী।

সৃষ্টিৰ আদিতে তুমি শব্দ স্বৰূপিনী।।

ওঁঙ্কাৰ ধ্বনিতে তুমি স্বৰ প্ৰদায়িনী।

নাম লৈলা সৰস্বতী দেৱী বীণাপাণি।।

শুকুলা বৰণ তোমাৰ শুকুলা বসন।

শুক্লবৰ্ণ ৰাজহংস তোমাৰ বাহন।।

শুকুলা সংগীত বাদ্য সুৱলা তাৰ ধ্বনি।

গলে শোভে বীণাপাণিৰ বৈদুৰ্যৰ মণি।।

একহস্তে স্বৰলিপি বিদ্যাদাত্ৰী আই।

বীণাৰ ঝঙ্কাৰে আছা পৃথিৱী কপাই।।

সৰগৰ দেৱগণ মৰতৰে প্ৰাণী।

সকলোতে তুমি মাতৃ বৰসিঁচা বাণী।।

বাগদেৱী বীণাপাণি সৰস্বতী আই।

বিদ্যাদেৱী ভগৱতী কণ্ঠে লোৱা ঠাই।।

স্মৃতি শক্তি দিয়া যেন তুমি মা জননী।

ভক্তিভাৱে স্তুতি কৰো দেৱী বীণাপাণি।।

জ্ঞানশক্তি বুদ্ধিশক্তি স্মৃতিশক্তি দিয়া।

বিদ্যা অধিষ্ঠাত্ৰী দেৱী আমাক কৰা দয়া।।

 

 

শ্ৰীশ্ৰীসৰস্বতী দেৱীৰ অষ্টোত্তৰ শতনাম

(শ্ৰীকৃষ্ণদ্বৈপায়ন কথিত)

 

নৈমিষকানন অতি সুপবিত্ৰ স্থান।

নানা ঋষি মুণিগণৰ হয় অধিষ্ঠান।।

মুণিৰ মধ্যত আছে শৌনক প্ৰধান।

ক্ষমাশীল শান্ত ধীৰ অতি বুদ্ধিমান।।

এদিন আহ্নিক ক্ৰিয়া সমাপন কৰি।

যেতিয়া বহিলে আহি সুবাসনোপৰি।।

ঋষিগণে চৌদিশে আবৰি বহিলে।

নানাবিধ ধৰ্মচৰ্চা আৰম্ভ কৰিলে।।

শুনিয়া শৌনকমুখে ধৰ্ম উপদেশ।

মুণিগণ আনন্দিত হইল বিশেষ।।

এহি সময়তে আহি ব্যাসদেৱ মুণি।

উপনিত হয় তাত ভ্ৰমিয়া অবনী।।

দূৰ হৈতে দ্বৈপায়নে কৰে দৰশন।

সসন্মানে ঠিয় হৈল যত মুণিগণ।।

সৰ্বশ্ৰেষ্ঠ আসনতে বহিবলৈ দিলে।

চৌদিশে ঋষিগণে আপুনি বহিলে।।

পাদ্য অৰ্ঘ আচমনে শৌনকে পুজিলে।

অতি আনন্দিত হৈয়া সন্মান যাচিলে।।

কৰ পৰা কি কাৰণে হৈল আগমন।

সৌভাগ্য বুলিলে সবে সেই তপোবন।।

নৈমিষাৰণ্যতে আহি ব্যাস উপস্থিত।

সৌভাগ্য সৌভাগ্য বুলি আনন্দিত চিত্।।

শৌনকে সুধিলে ব্যাস আহা কি কাৰণ।

জানিবলৈ ব্যগ্ৰ আমি যত মুণিগণ।।

শুনিয়া শৌনক বাক্য ব্যাস তপোধন।

কহিলে গৈছিলো মই বাণীৰ ভৱন।।

পাইয়া পঞ্চমী তিথি যোৱা কালি দিনে।

পূজিলোহো সৰস্বতীৰ অমল চৰণে।।

নৈমিষাৰণ্যলৈ আহি কৰিলো দৰ্শন।

সুপবিত্ৰ পূণ্যভূমি এই তপোবন।।

সত্যব্ৰত তপোনিষ্ঠ সত্যতে সকলে।

কৰি আছা জপ-তপ এই পূণ্যস্থলে।।

দৰশনৰ বাবে আহো সেয়েই কাৰণ।

অতিশয় সুপবিত্ৰ এই তপোবন।।

ভক্তি সহকাৰে যেয়ে কৰে দৰশন।

যমপুৰী কেতিয়াও নেদেখে সিজন।।

শুনিয়া ব্যাসৰ বাণী শৌনক সুজন।

কৰযোৰে ব্যাসদেৱক বুলিলে বচন।।

অনুগ্ৰহ কৰি কোৱা হে তপোধন।

কি কৰিলে তুষ্ট হয় সৰস্বতীৰ মন।।

যি কাৰ্য্যত পৰিতুষ্ট হয় সৰস্বতী।

তাকেই কৰিম আমি এই মনোগতি।।

শুনিয়া শৌনক স্তুতি ব্যাস তপোধন।

ধিৰে ধিৰে কই যায় শুনা মুণিগণ।।

সৰস্বতী শতনাম যেই পাঠ কৰে।

পৰিতুষ্টা সৰস্বতী তাহাৰ ওপৰে।।

কাঞ্চন কুসুমে যদি পূজে কোনোজন।

তাতো পৰিতুষ্টা নহয় তেওঁ কদাচন।।

ভক্তিসহ যদি পাঠ কৰে শতনাম।

প্ৰসন্না তাতেহে হয় পূৰে মনস্কাম।।

শুনিয়া ব্যাসৰ উক্তি শৌনক তেতিয়া।

অনুৰোধ কৰি সোধে কৰযোৰ হৈয়া।।

কলুষ বিনাশী সেই সৰস্বতী স্তৱ।

শুনুৱা হে ব্যাসদেৱ মুক্তি হঁও সব।।

ধীৰে ধীৰে বুলি যায় ব্যাস তপোধন।

ভক্তি মুক্ত হৈয়া শুনে ঋষি মুণিগণ।।

যেইজনে একমনে কৰিব শ্ৰৱণ।

সৰ্ব্ববিধ পাপমুক্ত হয় সেইজন।।

সেই স্তব কঁও আজি শুনা মুণিগণ।

একে একে শতনাম কৰিম বৰ্ণন।।

সৰ্বোত্তম নাম তেওঁৰ দেৱী সৰস্বতী।

দেৱগণে দিয়া নাম এক যে ভাৰতী।।

বেদকত্ৰী হোৱা বাবে হয় বেদমাতা।

গীৰ্বাণী নামেৰে তেওঁ বাক্য সৃষ্টি কৰি।

শ্বেতাম্বৰধৰা নামে শ্বেতবস্ত্ৰ পৰি।।

বাক্যৰ স্বৰূপ বুলি বাণী নাম ধৰে।

অক্ষৰা নামেৰে তেওঁ জগত উদ্ধাৰে।।

পদ্মাসনা নাম পালে পদ্মোপৰে বহি।

মুক্তি-প্ৰদায়িনী বোলে মোক্ষদা প্ৰভাসি।।

শ্বেত বীণা হাতত লৈ শ্বেতবাণীধৰা।

শ্বেত পদ্ম ধৰি হয় শ্বেতপদ্মকৰা।।

জগত তাৰণ হেতু জগদ্ধাত্ৰী নাম।

ক্ষেমঙ্কৰী নামে হয় পূৰ্ণ মনস্কাম।।

অক্ষসূত্ৰ লৈ হ’ল অক্ষসূত্ৰ কৰা।

শুভঙ্কৰী নামে দেৱী পালে এই ধৰা।।

পাপনাশ কৰি হয় দূৰিত-নাশিনী।

গন্ধৰ্বসকলে পূজে নামে বীণাপাণি।।

সনকাদি ঋষিগণে বোলে সনাতনী।

আদ্যাশক্তি বুলি দেৱী হয় পুৰাতনী।।

মহেশ্বৰী নাম পালে মহেশ্বৰ পুৰে।

সাবিত্ৰী দেৱীৰ নাম হয় ব্ৰজপুৰে।।

বৈষ্ণৱী নামেৰে তেওঁ বিষ্ণুপুৰে খ্যাত।

ত্ৰৈলোক্য জননী নামে সৰ্বত্ৰ বিদিত।।

সৰ্বমন্ত্ৰময়ী নাম চাৰি বেদে খ্যাত।

বিভাবৰী নামে তেওঁ জগত বিখ্যাত।।

সন্তোষ বিধান কৰি তুষ্টি নাম পালে।

পুষ্টি দান কৰি তেওঁ পুষ্টি নাম ললে।।

ক্ৰোধৰূপা হয় তেওঁ শত্ৰুৰ মন্দিৰে।

ধনেশ্বৰী নাম ললে কুবেৰ মন্দিৰে।।

ত্ৰিপুৰা তেওঁৰ নাম বিখ্যাত ভূৱনে।

তপস্বিনী নাম তেওঁৰ মুণিতপোবনে।।

কুমাৰী দেৱীৰ নাম গৃহস্থৰ ঘৰে।

মহাভয়ঙ্কৰী নাম পায় দৈত্যপুৰে।।

ভক্তিবশ্যা নাম পালে ভক্তৰ কাষত।

উগ্ৰচণ্ডা নামে খ্যাত ভূৱন মাজত।।

বীৰমাতা নামে খ্যাত হৈল ক্ষেত্ৰকুলে।

বিজয়িনী নামে খ্যাত হৈল ৰনস্থলে।।

কুলাচাৰ-ৰত স্থানে শ্ৰীকুলসুন্দৰী।

ত্ৰিভূৱনৰ মাজে তেওঁ শ্ৰীভূৱনেশ্বৰী।।

সিদ্ধিদাত্ৰী নামে তেওঁ সিদ্ধি দান কৰে।

খেচৰী নামেৰে খ্যাত গগন মাঝাৰে।।

বুদ্ধি দান কৰি নাম লভিল বুদ্ধিদা।

জ্ঞানদান কৰি নাম পাইল জ্ঞানদা।।

যোগিনী সকলে দেৱীক বুলিলে যোগিনী।

জ্ঞানীলোকে পূজে তেওঁক বুলি মনস্বিনী।।

মঙ্গলা নামেতে দেৱী মঙ্গল দায়িনী।

বহ্নিতে দেৱীৰ নাম জ্বালিনী ৰূপিনী।।

গুণৰ অতীতা বাবে নাম যে নিৰ্গুণা।

ক্লেশ নাশ কৰে বাবে ক্লেশবিনাশনী।

সুদক্ষ মন্ত্ৰণা দানে নাম যে মন্ত্ৰিনী।।

আনন্দতে মগ্ন তেওঁ সৰ্বানন্দময়ী।

বলিপ্ৰিয়া নামে তেওঁ সদা কৃপাময়ী।।

মন্দাকিনী নামে তেওঁ সাগৰ বাসিনী।

জয়দা নামেৰে দেৱী বীজয়দায়িনী।।

বসুমতী ৰূপে দেৱী পৃথিৱীৰূপিনী।

শ্মশানতে থাকি হ”ল শ্মশানবাসিনী।।

তেঁৱেই পাৰ্বতী দেৱী দেৱী শ্বেতবৰ্ণা।

বাৰানসী ধামে তেওঁ দেৱী অন্নপূৰ্ণা।।

গুহ্যবিদ্যা নামে খ্যাত বিদ্যাৰ মাজত।

ক্ষমাগুণে বিভূষিতা নাম হৈমৱতী।

পাতালে নাগিনী নামে পাতালে বসতি।।

দশভূজা নামে তেওঁ শ্ৰীদূৰ্গাৰ মণী।

অষ্টাদশ ভূজা ৰূপে দুঃখবিনাশিনী।।

গঙ্গা নামে জলৰূপে ধৰাত বসতি।

মন্দাকিনী নামে দেৱী স্বৰ্গতে যে স্থিতি।।

ভোগৱতী নাম তেওঁৰ পাতাল ভূৱণে।

সতী নাম পাই তেওঁ মহেশ ভৱণে।।

অচিন্তা দেৱীৰ নাম চিন্তা বিনাশিয়া।

সুমতি দেৱীৰ নাম বুদ্ধি দান দিয়া।।

পূণ্যৰ আধাৰ তেওঁ নাম পূণ্যালয়া।।

পীনোন্নত স্তনী নাম দেৱী মহামায়া।

হস্তত লেখনী ধৰি লেখনীধাৰিনী।

নিত্য হাস্যমুখা বাবে নাম স্মেৰাননী।।

মায়াৰ আধাৰ ৰূপে নাম মহামায়া।

ধীৰ গতি ধাৰণেৰে গজেন্দ্ৰ গমনা।।

মধুৰ বচন বোলা মধুৰ ভাষিণী।

নাৰায়ণৰ বামে বসি নাম নাৰায়ণী।।

চণ্ড-মুণ্ড বধে দেৱী চামুণ্ডাৰূপিনী।

প্ৰচণ্ডা ৰূপেতে দেৱী দানবঘাতিনী।।

মেঘবৰ্ণা মা দেৱী নীলঘণশ্যামা।

নীলসৰস্বতী ৰূপে নাম পালে উমা।।

প্ৰাণিৰ দুৰ্গতি নাশি দুৰ্গতিহাৰিণী।

কামৰূপ ক্ষেত্ৰে দেৱী কামাখ্যাবাসিনী।।

ময়ুৰবাহনে তেওঁ নাম শ্ৰীকুমাৰী।

মুক্তকেশী নাম তেওঁৰ কেশমুক্তকৰি।।

অষ্টহাসা নাম পালে কৰি উচ্চহাস।

পূণ্যশ্লোকা নামে তেওঁ জগতে প্ৰকাশ।।

সুন্দৰ নিয়ম দেৱী নাম হল সুনিতী।

কৈবল্যদায়িনী নাম দান দি মুকুতি।।

পৰমেশ্বৰী তেওঁ বিদিত ভূৱনে।

গীতপ্ৰিয়া নামে খ্যাত সঙ্গীত ভৱনে।।

বামদেৱী নামে দেৱীক জানে সৰ্বজন।

তৰুণী নামেৰে পূজে যত ভক্তগণ।।

ক্ষোভকৰি ক্ষোভহৰি তেওঁ সৰস্বতী।

ঐশ্বৰ্য্যশালিণী তেওঁ নাম ভূতিমতী।।

মৃদু মৃদু হাস্যমুখী নাম মন্দহাসা।

সত্যৱতী নামে দেৱী তেওঁ সৰ্বভাষা।।

সিংহোপৰে আৰোহণ শ্ৰীসিংহবাহিনী।

থাকিয়া কমলবনে কমলবাসিনী।।

তৰাৰ মধ্যতে থাকি নাম অৰুন্ধতী।

শবাসনা নামে তেওঁ শবোপৰে স্থিতী।।

গৌৰী নামে বিভাষিত সৰ্বত্ৰ বিভূতি।

শিৱকে কৰিয়া দূত হয় শিবদূতী।।

সুৰগণ মধ্যে দেৱী হয় সুৰেস্বৰী।

মোক্ষ্যদাত্ৰী নামে তেওঁ জগত ঈশ্বৰী।।

অষ্টোত্তৰ শতনাম হল সমাপন।

মন দিয়া কৰা সবে মাহাত্ম্য শ্ৰবণ।।

ভক্তিভাবে যেইজনে কৰিব শ্ৰবণ।

পাঠ কৰে কোনো যদি হৈয়া একমন।।

হইব সকলো সিদ্ধি যি ভাব মনৰ।

একো নাথাকিবি ক’তো অসাধ্য তাহাৰ।।

বিশেষতঃ পৰ্ব্বকালে কৰিলে পঠন।

চতুবৰ্গ ফল তাৰ হইব সাধন।।

শুক্লপক্ষ পঞ্চমীতে পঢ়ে যেইজন।

অষ্টোত্তৰ শতনাম কৰিব শ্ৰবণ।।

ধন জন বিদ্যা বুদ্ধি সকলোৱে বাঢ়ে।

পৰিপূৰ্ণ হৈ তাকে সৰস্বতী বৰে।।

 

ইতি শ্ৰীশ্ৰী কৃষ্ণ দ্বৈপায়ন কথিত

শ্ৰীশ্ৰী সৰস্বতী অষ্টোত্তৰ শতনাম সমাপ্ত।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!