শ্ৰেষ্ঠ বন্ধু কোন- মাইনু ফুকন

 

সৰুতে ক’ৰবাত এটা সাধু পঢ়িছিলো৷ সাধুটো আছিল এনেধৰণৰ —–এবাৰ নাৰদে প্ৰভু নাৰায়ণৰ ওচৰলৈ গৈ সুধিলে যে, প্ৰভু এই ত্ৰিভুৱনত আপোনাৰ শ্ৰেষ্ঠ ভক্ত কোন? নাৰদৰ এই প্ৰশ্নত নাৰায়ণে মিচিকিয়াই হাঁহি এটা মাৰি মৰ্ত্ত্যলৈ আঙুলিয়াই এজন অতি দৰিদ্ৰ মানুহক দেখুৱালে৷ মানুহজনক দেখি নাৰেদ আচৰিত হৈ সুধিলে —–মৰ্ত্ত্যৰ এই সাধাৰণ মানুহজনক আপুনি শ্ৰেষ্ঠ ভক্তৰ মৰ্যাদা দিছে৷ তেওঁ নো দিনটোত আপোনাৰ নাম কেইবাৰ লয়৷ অথচ মই মোৰ গোটেই জীৱন পুৱা-গধূলি আপোনাৰ নাম জপ কৰিয়েই কটাইছো৷ নাৰদৰ খং দেখি প্ৰভুৱে পুনৰ মিচিকিয়াই নাৰদক ক’লে —-’বৎস মই তোমাৰ সকলো প্ৰশ্নৰ উত্তৰ দিম কিন্তু প্ৰথমতে তুমি মোৰ এটা কাম কৰিব লাগিব৷ ’ এইবুলি নাৰায়ণে নাৰদক তেলেৰে চপচপীয়া হৈ থকা পাত্ৰ এটা দি ক’লে যে এই পাত্ৰটো হাতত লৈ নাৰদে ত্ৰিভুৱন ঘূৰি আহিব লাগিব৷ কিন্তু পাত্ৰটোৰ পৰা যাতে এটোপালো তেল নপৰে৷ কথা মতেই কাম৷ নাৰদে সাৱধানে পাত্ৰটো কঢ়িয়াই তিনি
ভুৱন ঘূৰি আহিল৷ মনত সন্তুষ্টি যে প্ৰভুৱে দিয়া কামটো নিয়াৰিকৈ কৰিব পাৰিলে৷ এতিয়া হে প্ৰভুৱে যদি বুজি পাই তেওঁৰ শ্ৰেষ্ঠ ভক্ত কোন! নাৰদৰ মনৰ ভাব বুজিব পাৰি অন্তৰ্যামী প্ৰভুৰো হাঁহি উঠিছে৷ তেলৰ পাত্ৰটো প্ৰভুক দিয়াৰ পাছত নাৰায়ণে নাৰদক সুধিলে ——’বৎস পাত্ৰটো লৈ ত্ৰিভুৱন পৰিক্ৰমা কৰাৰ সময়ত তুমি মোৰ নাম কেইবাৰ লৈছিলা? ’ প্ৰভুৰ এই প্ৰশ্ন শুনি নাৰদ ঠাইতে ভেবা লাগিল৷ কিয়নো নাৰদে নিজৰ সমগ্ৰ ধ্যান একেৰাহে তেলৰ পাত্ৰত লগাই থাকোতে নাৰায়ণৰ নাম ল’বলৈকে পাহৰিলে৷ এইবাৰ ভগৱান বিষ্ণুৱে নাৰদক ক’বলৈ ধৰিলে ——’চোৱা বৎস মৰ্ত্ত্যৰ সেই দৰিদ্ৰ মানুহজনে তোমাৰ দৰে দিনে-ৰাতিয়ে মোৰ নাম জপ নকৰে৷ কিয়নো তেওঁ নিজৰ পৰিয়াল তো পোহপাল দিবলৈ অক্লান্ত পৰিশ্ৰম কৰে৷ কিন্তু দিনটোৰ পৰিশ্ৰমৰ অন্তত আহাৰ গ্ৰহণৰ সময়ত তেওঁ মোক স্মৰণ কৰি ধন্যবাদ জ্ঞাপন কৰে৷ তেওঁৰ পৰিশ্ৰমৰ ফলৰ বাবে, তেওঁৰ পৰিয়ালটো কুশলে ৰখাৰ বাবে৷ এতিয়া তুমিয়েই কোৱা নাৰদ মোৰ শ্ৰেষ্ঠ ভক্ত প্ৰকৃততে কোন? ’ প্ৰভুৰ এই উত্তৰত নাৰদে নিজৰ ভুল বুজি পালে৷
মই ভাবো উপৰোক্ত নাৰদৰ সাধুটোৰ প্ৰাসংগিকতা আমাৰ জীৱনতো আছে৷ আজিকালি
বন্ধুত্বৰ দিৱস উদযাপন কৰা হয়৷ কিন্তু প্ৰকৃত বন্ধুনো কোন? বন্ধুত্বৰ বাবে নিৰ্দিষ্ট এটা দিনৰ প্ৰয়োজন আছেনে! নিশ্চয়কৈ নাই৷ আমাৰ জীৱনত প্ৰকৃত বন্ধু সেইজনেই যি আমাক হাজাৰ ব্যস্ততাৰ মাজতো পাহৰি নাযায়৷ যি জনক আমি সম্পদৰ সময়ত নাপালেও বিপদৰ সময়ত দৌৰি আহে, স্বাৰ্থহীন ভাৱে আমাক ভাল পায়, প্ৰতিদানত একো নিবিচৰাকৈ৷ সেই জনকহে আমি শ্ৰেষ্ঠ বন্ধু বুলি ক’ব পাৰো৷ জীৱনত বন্ধু-বান্ধৱী বহুত পাইছো৷ তাৰে কিছুমান খন্তেকীয়া কিন্তু কিছুমান চিৰস্থায়ী৷ নগণ্যসংখ্যক বন্ধু এনেকুৱাও আছে যিসকলে বুকুত ঘৰ সাজি নিজৰ স্থান নিগাজী কৰি ৰাখিছে৷ তেনে বন্ধুত্বৰ গৌৰৱেৰে গৌৰৱান্বিত হৈছো বাবেই জীৱনটো বৰ সুন্দৰ যেন লাগে৷ যদিও জানো যে জীৱন বৰ জটিল৷ কিন্তু শ্ৰেষ্ঠ বন্ধুত্বৰ সানিধ্যই সকলো সহজ কৰি তোলে৷ বুকুৰ উশাহবোৰ বব নোৱাৰা বোজা যেন নালাগে৷ আহক
আমি সকলোৱেই বন্ধুত্বৰ মহত্ত্ব বুজি নিজেও চেষ্টা কৰো ভাল বন্ধু হোৱাৰ ………….৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!