শৰতৰ অনুভৱ
শৰত
শান্তিছায়া শইকীয়া
তুমি আহিবা বুলি
পদূলিত ৰুইছিলো দুটা কলপুলি
আঁৰি দিছিলো এডাল আমডালি
তুমিতো নাহিলা মোৰ মনদৰা হৈ
শেৱালিৰ সুবাস লৈ
তুমি আহিলা এজাক শিল বৰষুণ হৈ
শিলৰ বুকুৰ পানী নিগৰি নিগৰি
তুমি আহিলা এক বন্যাবিধৌতহৈ!
**
শেৱালিৰ গান
ৰাজীৱ ৰঞ্জন
তলসৰা শেৱালিয়ে ক’লে
গুপুতে, কাণে কাণে
কুঁৱলীৰ ওৰণী খহাই
সুৰুয আহিছে
শাৰদীয় আকাশ ফালি।
আবতৰীয়া বান
নিবিছৰা হিংসাৰ ৰাতি
হেৰাই যাব খোজা মানবতা
আৰু পাহৰণি চেনেহ প্ৰীতি
সকলো আঁতৰাই পাহৰাই
এটা নতুন দিনৰ আৰম্ভণি
কুঁৱলীৰ ওৰণী খহাই
সুৰুয আহিছে
শাৰদীয় আকাশ ফালি।
বনত জোনাক মনত জোনাক
দিবলৈ ঢালি
আহিছে আজি সাজি কাঁচি
সৌৱা চোৱা শাৰদী ৰাণী।
**
শৰৎ
ময়ূৰী দত্ত
শৰতৰ পৰশত বিহ্বল শেৱালি
লৈছে কুৱঁলীৰ ওৰণি টানি
পদূলিত আছেহি বহি
সুবাসিত বিনিদ্র ৰজনী।
**
শৰতৰ বাবে এটি স্তৱক
স্মৃতিৰেখা ভূঞা
তোমাৰ হাত ধৰি
বগুৱা বাই আহিছে
এমুঠি স্নিগ্ধ জোনাক।
নদীৰ পাৰৰ কহুঁৱা বননি
লাহী দেহাৰ ভাঁজত হালিছে,
শৰতৰ উতলা অনুৰাগত
আকাশখনো নদীত ডুবিছে।
উশাহবোৰ, হাঁহিবোৰ
পুজা, পুজা গোন্ধাইছে।
অনাবিল মৰমেৰে উপচাই
শৰতে আজি পৃথিৱী চুমিছে।
**
মৰহা শেৱালি
নিৰ্মালী বৰঠাকুৰ
কি শীতল এই পৰশ!
নিয়ৰে মুকুতা সনা
দুৱৰি ডৰাৰ বুকুতো বাৰু
এনে পৰশ লাগিছে নেকি?
মানে আহিনৰ পৰশ!
দুই এপাটকৈ শেৱালিবোৰো ফুলিছে
পৰিবেশো হৈছে যেন বাঙ্ময়।
সুৰুজ নামৰ অসুৰটোৱে
জক্ মকোৱা নিয়ৰৰ টোপালবোৰ
কাঢ়ি নিছে, আৰু
সতেজ শেৱালিবোৰক
চুহি চুহি নাম দিছে
মৰহা শেৱালি।
পৰিযোৱা প্রতিটো পাপৰিতেই
বাৰু থাকে নেকি অভিসাপ!
মৰহি যোৱাৰ।
নে মানুহৰ হৃদয়তো থাকে
একো একোপাহ মৰহা শোৱালি!!
**
ভাল লাগিল। প্ৰিয় শৰতৰ সৈতে